পেন্টাগনৰ এক প্ৰতিবেদন অনুসৰি এগৰাকী মহিলাই দাবী কৰিছিল যে ইউএফঅ’ৰ সৈতে সাক্ষাৎ হোৱাৰ পিছত তেওঁ গৰ্ভৱতী হৈছিল।
’এন’নালাছ একিউট এণ্ড চাবএকিউট ফিল্ড ইফেক্টছ দস হিউমেন এণ্ড বাইল’জিকেল টিছুছ’ শীৰ্ষক প্ৰতিবেদনত মানুহৰ স্বাস্থ্যৰ ওপৰত কথিত ইউএফঅ’ এনকাউণ্টাৰৰ প্ৰভাৱৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে।
ব্ৰিটিছ সংবাদ পত্ৰ দ্য চান -ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ‘‘অসঙ্গত উন্নত এৰোস্পেচ প্ৰণালীৰ দ্বাৰা মানৱ পৰ্যবেক্ষকসকলৰ আঘাত পৰীক্ষা কৰা হৈছিল।’’
লগতে পঢ়ক এইবাৰ মাৰোৱাৰী, বিহাৰী সম্প্ৰদায়ক বহাগ বিহু পাতিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ
প্ৰতিবেদনখনত কেইবাটাও উদ্ভট পাৰ্শ্বক্ৰিয়াৰ তালিকা দিয়া হৈছে, য’ত ‘‘গৰ্ভধাৰণৰ হিচাপ নাই’’৷ আৰু সেই সকলোবোৰৰ ভিতৰত এইটোক আটাইতকৈ আচৰিত বুলিও কোৱা হৈছে।
প্ৰতিবেদনখনত ‘‘স্পষ্ট অপহৰণ’’ৰ অভিজ্ঞতা আৰু লগতে যৌনতাৰ সন্মুখীন হোৱা, টেলিপেথী আৰু অনুভৱ কৰা টেলিপোৰ্টেচন বৰ্ণনা কৰা হৈছে।
উল্লেখ্য যে প্ৰতিবেদনখন পেন্টাগনৰ ইউএফঅ’ কাৰ্যসূচী এডভান্সড এভিয়েচন থ্ৰেট আইডেণ্টিফিকেচন প্ৰগ্ৰাম (এএটিআইপি)ৰ বাবে প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থাৰ (ডিআইএ) ১৫০০ পৃষ্ঠাৰ নথিপত্ৰৰ এক অংশ আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ