দিল্লীত ভয়ংকৰ বিস্ফোৰণ৷ লালকিল্লাৰ কাষতেই বাহনত বিস্ফোৰণৰ ঘটনা ঘটিছে৷ বিস্ফোৰণৰ বাবে লালকিল্লা মেট্ৰ গেটত জুই লাগে৷ জুই বিয়পি পৰে কেইবাখনো বাহনত৷ এই ঘটনাত লগে লগেই এজনে প্ৰাণ হেৰুৱাই৷ বৰ্তমান মৃতকৰ সংখ্যা আৰু ৮গৰাকীলৈ বৃদ্ধি পোৱা বুলিও খবৰ আহি পৰিছে৷ ২৯০০ কিঃগ্ৰাঃ বিস্ফোৰক উদ্ধাৰৰ পাছতেই সেই ঘটনাৰ নাশকতাক লৈ সন্দেহ ঘনীভূত হৈছে৷ কি কাৰণত বিস্ফোৰণ ঘটিল সেই কথা এতিয়াও স্পষ্ট নহয়৷ এই বিস্ফোৰণৰ ঘটনাত অন্তত ৮জনে মৃত্যুক সাবটি লৈছে৷ ঘটনাৰ পাছতেই দিল্লীত কাঢ়া সতৰ্কতা জাৰি কৰা হৈছে৷ কেৱল দিল্লীয়েই নহয়, মুম্বাই আৰু লক্ষ্ণৌতো কাঢ়া নিৰাপত্তা জাৰি কৰা হৈছে৷
দিল্লীৰ এগৰাকী অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জনোৱা অনুসৰি বাহন এখন প্ৰথমে বিস্ফোৰণ ঘটিছে৷ বিস্ফোৰণৰ পাছতেই জুই বিয়পি পৰে আশেপাশে থকা বাহনসমূহতো৷ বিস্ফোৰণৰ ঘটনাটো ঘটে সন্ধিয়া ৬ বাজি ৫৫ মিনিটত৷ দ্ৰুততৰভাৱে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী৷ কিছু সময়ৰ ভিতৰতেই পৰিস্থিতি নিয়ন্ত্ৰণলৈকো অনা হয়৷ এই ঘটনাত নিহত হৈছে কেইবাজনো লোক৷ আহতসকলকো তাৎক্ষণিকভাৱে হাস্পতাললৈ লৈ যোৱা হৈছে৷
লোকনায়ক জয়প্ৰকাশ নাৰায়ণ হাস্পতালৰ ছুপাৰে সংবাদ সংস্থা এএনআইক জনাইছে যে ১৫ জনক হাস্পতাললৈ লৈ অহা হৈছিল৷ হাস্পতালত উপস্থিত হোৱাৰ পূৰ্বেই ৮ জনে প্ৰাণ হেৰুৱাইছে৷ তিনিজনৰ অৱস্থা অতিকৈ সংকটজনক৷ খবৰ অনুসৰি লালকিল্লা মেট্ৰোৰ ১ নম্বৰ গেটৰ পাৰ্কিঙৰ কাষত ঠিয় কৰাই থোৱা এখন বাহনত বিস্ফোৰণৰ ঘটনা ঘটে৷ দ্ৰুত জুই বিয়পি পৰে পাৰ্কিঙত থকা আন বাহনত৷ বিস্ফোৰণৰ কাৰণ নিশ্চিত নহয়৷
দিল্লীৰ কাষৰ ফৰিদাবাদত এক ভাড়াঘৰত সোমবাৰে আক্ৰমণ কৰিছে ৰিয়ানা আৰু কাশ্মীৰ আৰক্ষী যৌথবাহিনীয়ে৷ উদ্ধাৰ কৰা হৈছে ৩৬০ কেজি বিস্ফোৰক আৰু কিছু অস্ত্ৰশস্ত্ৰ৷ ২০ টা বোমাৰ টাইমাৰ, ৰিমোট আৰু ৱাকিটকিও আছিল সেই বিস্ফোৰকৰ সৈতে৷ ফৰিদাবাদৰ ঘটনাৰ পাছতেই বিবৃত্তি দি জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে জনাই যে বিগত কেইবাদিনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় তিনি হাজাৰ কিঃগ্ৰাঃ বিস্ফোৰক বাজেয়াপ্ত কৰা হৈছে৷ ইয়াৰ সৈতে জইছ সন্ত্ৰাসবাদীসকলৰ সংযোগ আছে৷ ইয়াৰোপৰি আনছাৰ ঘাজৱাত উল হিন্দ নামৰ আন এক পাকিস্তানী গোষ্ঠীৰো লিংক বিচাৰি পোৱা গৈছে৷ তাৰপিছতেই দিল্লীত বিস্ফোৰণৰ ঘটনাক লৈ সেয়ে সন্দেহ কৰিছে বহুজনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ