অসম লাইভ ২৪ঃ শীঘ্ৰেই সলনি হ’ব ছ’চিয়েল মিডিয়াৰ সৰ্ববৃহৎ প্লেটফৰ্ম ফেটবুকৰ নাম৷ সামাজিক মাধ্যমত পূৰ্বৰ অভিলেখ ভংগ কৰি নতুন ধাৰা সৃষ্টিৰ পৰিকল্পনা গ্ৰহণ কৰিছে ফেচবুকে৷ অহা সপ্তাহৰ পৰা নতুন নামেৰে উপলব্ধ হ’ব ফেচবুক৷ অৱশ্যে বৰ্তমানলৈকে নতুন নাম প্ৰকাশ কৰা নাই ফেচবুক কৰ্তৃপক্ষই৷ ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে অহা ২৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া কোম্পানীৰ বাৰ্ষিক সংযোগ সন্মিলনত প্ৰকাশ কৰিব নাম৷ ৰিপ’ৰ্ট অনুসৰি, তথাকথিত Metaverse তৈয়াৰীত গুৰুত্ব প্ৰদান কৰি ফেচবুকে গ্ৰহণ কৰিছে এই পদক্ষেপ৷ Metaverse এক অনলাইন বিশ্ব য’ত মানুহে ভৰ্চুৱেল পৰিবেশত চলাচল আৰু যোগাযোগৰ বাবে বিভিন্ন ডিভাইচ ব্যৱহাৰ কৰিব পাৰে৷ উল্লেখ্য, কোম্পানীটোৱে আগন্তুক ৫ বছৰৰ ভিতৰত ১০ হাজাৰ কৰ্মসংস্থাপন সৃষ্টিৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ