অসম লাইভ ২৪ঃ ফণী তালুকদাৰ জয়ী হ’লে উন্নয়নৰ ধল ব’ব ভৱানীপুৰত৷ ভৱানীপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ৷ উন্নয়নৰ প্ৰতিশ্ৰুতিৰে ভৱানীপুৰবাসীৰ ভোট বিচাৰিলে মুখ্যমন্ত্ৰীয়ে৷ aiudf-কংগ্ৰেছক তীব্ৰ কটাক্ষ ড০ শৰ্মাৰ৷ বুধবাৰে ভৱানীপুৰত বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ হৈ ৪ খন নিৰ্বাচনী সভাত অংশ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মস্থান ভৱানীপুৰত বিজেপি জয়ী হ’লে ছহিদগৰাকীৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা নিৱেদন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আৱেগিক ভাষণ দিয়ে৷ ৰূপহীৰ জনসভাত এ আই ইউ ডি এফক কঠোৰ ভাষাৰে সমালোচনা কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই৷ বাক্সাৰ শান্তি মন্দিৰ ৰাস মহোৎসৱ প্ৰাংগণত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত ড০ শৰ্মাই ভৱানীপুৰবাসীক প্ৰতিশ্ৰুতি দিয়ে- ‘অৰুণোদয়’ৰ সুবিধা ভৱানীপুৰৰ আৰু ৭ হাজাৰ লোকে লাভ কৰিব৷ গাটিত ৩০ বিছনাযুক্ত হাস্পতাল হ’ব৷ গাটিত খাদ্য সংসাধন উদ্যোগ স্থাপন হ’ব৷ ভৱানীপুৰ-মানাহ উদ্যান সংযোগী পথ উন্নত হ’ব৷ এ আই ইউ ডি এফ ত্যাগ কৰি বিজেপিৰ পৰা পুনৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ফণী তালুকদাৰক বৃহৎ ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ বিজেপি নেতৃত্ব তৎপৰ হৈছে৷ বিজেপিয়ে ভৱানীপুৰ অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ এক আৱেগিক প্ৰতীক হিচাপে চাই আহিছে৷ এইবাৰৰ নিৰ্বাচনত অসম আন্দোলন আৰু খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰসংগ উত্থাপনেৰে বিজেপিয়ে নিজৰ ৰণকৌশল আগবঢ়াই নিব বিচাৰিছে৷ আৰু মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত তাৰেই প্ৰতিফলন দেখা গৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ