সূৰ্য আৰু মঙ্গলসহ চাৰিটা গ্ৰহই ফেব্ৰুৱাৰী মাহত নিজৰ স্থান সলনি কৰিব৷ একাধিক গ্ৰহৰ এই গোচৰৰ প্ৰভাৱত নানান দিশৰ পৰা প্ৰভাৱ পৰিব কোনো কোনো ৰাশিৰ জাতক জাতিকাৰ জীৱনত৷ ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই, অৰ্থাৎ ৪ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে বৃষ ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰ পাছতেই ১১ ফেব্ৰুৱাৰী শনিৰ ৰাশি কুম্ভত গোচৰ কৰিব বুধে৷ ইয়াৰ ঠিক পাছৰ দিনা অৰ্থাৎ ১২ ফেব্ৰুৱাৰীত সূৰ্যই প্ৰৱেশ কৰিব কুম্ভত৷ ইয়াৰ ফলত কুম্ভ ৰাশিত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ আকৌ তাতেই শনিও অৱস্থান কৰি আছে৷ বুধ আৰু সূৰ্যৰ যুঁটিত গঠিত হ’ব ত্ৰিগ্ৰহী যোগ৷ ইয়াৰ পাছতেই বৃষ ৰাশিত প্ৰৱেশ কৰিব মঙ্গলে আৰু নিজৰ স্থান সলনি কৰি মীন ৰাশিত যাব বুধ৷ এই সকলো গ্ৰহৰ স্থান পৰিবৰ্তনৰ প্ৰভাৱত আগন্তুক মাহত দুৰ্দান্তভাৱে লাভৱান হ’ব পাঁচ ৰাশিৰ জাতক৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মেষ ৰাশি
ফেব্ৰুৱাৰী মাহত সাফল্য লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ উচ্চশিক্ষাৰ সুযোগ পাব পাৰে৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰে৷ ধৰ্মীয় বিষয়তো আগ্ৰহ বাঢ়িব আপোনাৰ৷ অংশীদাৰিৰ ব্যৱসায়ত লাভ কৰাৰ যোগ আছে৷ বিদেশ যাত্ৰাৰ বাবে ভিছাও পাব পাৰে৷ প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য পাব৷
মিথুন ৰাশি
ফেব্ৰুৱাৰী ২০২৫ আশীৰ্বাদৰ দৰে হৈ পৰিব মিথুন ৰাশিৰ জাতকৰ জীৱনত৷ ব্যৱসায়ীসকলৰ কেৰিয়াৰৰ গ্ৰাফে এই সময়ত আকাশ চুব৷ দাম্পত্য জীৱনৰ সকলো সমস্যা দূৰ হ’ব৷ স্বামী স্ত্ৰী মিলি কোনো ব্যৱসায় কৰিম ভাৱিলে এই সময়ত নকৰাই ভাল৷ পাৰ্টনাৰৰ সৈতে ভাল সময় কটাব৷ আপোনাৰ কাম অন্যৰ উপকাৰত লাগিব৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকৰ স্বাস্থ্য ফেব্ৰুৱাৰী মাহত ভালে থাকিব৷ গোপন শত্ৰুৱে আপোনাৰ ক্ষতি কৰাৰ চেষ্টা কৰিব৷ আপোনাৰ কাষৰ লোকেই আপোনাক আঘাত কৰাৰ চেষ্টা কৰিব৷ শেষ পৰ্যন্ত আপুনি সকলোকে পৰাজিত কৰিব৷ কোনো দামী সামগ্ৰী কিনিব পাৰে৷ যিসকলে সাহিত্যচৰ্চা, সাংবাদিকতা আৰু শিল্পৰচনাৰ সৈতে যুক্ত তেওঁলোক লাভৱান হ’ব৷
সিংহ ৰাশি
সন্তান সংক্ৰান্তিয় কোনো সমস্যা থাকিলে এই সময়ত দূৰ হ’ব সিংহ ৰাশিৰ জাতকৰ৷ আগন্তুক মাহত আপোনাৰ খ্যাতি আৰু প্ৰতিপত্তি বাঢ়িব৷ প্ৰেম বিবাহৰ বাবে এই সময় ভাল সময়৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভৰ পথত থকা সকলো বাধা দূৰ হ’ব৷ নিজৰ কৰ্মক্ষেত্ৰৰ পৰা কোনো সুখবৰ পাব পাৰে৷ দাম্পত্য জীৱনত সুখ থাকিব৷
কুম্ভ ৰাশি
ফেব্ৰুৱাৰী মাহত নানান দিশৰ পৰা লাভৱান হ’ব কুম্ভ ৰাশিৰ জাতক৷ ভায়েক ভনীয়েকৰ মাজত কিছু ভুল বুজাবুজি হ’ব পাৰে৷ নতুন কোনো কামত হাত দিয়াৰ বাবে এই সময় ভাল৷ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাৰে৷ পৰিয়ালৰ সৈতে তীৰ্থযাত্ৰালৈ যাব পাৰে৷ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত ভাল ফল লাভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ