বৈদিক জ্যোতিষত সূৰ্য আৰু বৃহস্পতি উভয়কেই অত্যন্ত শুভ গ্ৰহ বুলি ধাৰণা কৰা হয়৷ সেয়ে এই দুই গ্ৰহৰ মাজত যোগ গঠিত হ’লে তাৰ নানান শুভ প্ৰভাৱে আমাৰ জীৱনত পৰে৷ ৫ ফেব্ৰুৱাৰী বৃহস্পতি আৰু সূৰ্যই এটাই অন্যৰ পৰা ১৫০ ডিগ্ৰি কোণত অৱস্থান কৰিব৷ বৃহস্পতি আৰু সূৰ্যৰ এই অৱস্থানৰ প্ৰভাৱত গঠিত হ’ব ষড়ষ্টক যোগ৷ জ্যোতিষ গণনাই কৈছে সূৰ্য আৰু বৃহস্পতিৰ ষড়ষ্টক যোগত দুৰ্দান্ত লাভ হ’ব পাঁচ ৰাশিৰ জাতকৰ৷ জানি থওক তালিকাত কোন কোন আছে?
মেষ ৰাশি
ষড়ষ্টক যোগৰ প্ৰভাৱত ফেব্ৰুৱাৰীত কেৰিয়াৰৰ শীৰ্ষত উঠিব মেষ ৰাশিৰ জাতক৷ আপুনি চাকৰি পৰিবৰ্তন কৰাৰ কথা ভাৱিলে এই সময় আপোনাৰ বাবে শুভ৷ ৫ ফেব্ৰুৱাৰীৰ পাছত আকৰ্ষণীয় চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব৷ চিনিয়ৰক কাষত পাব৷
মিথুন ৰাশি
ষড়ষ্টক যোগৰ প্ৰভাৱত ফেব্ৰুৱাৰীৰ আৰম্ভণিতে আৰ্থিকভাৱে লাভজনক হব মিথুন ৰাশিৰ জাতকৰ বাবে৷ ৰৈ থকা ব্যৱসায়িক চুক্তি স্বাক্ষৰ হব৷ বিনিয়োগৰ পৰা মুনাফা পাব৷ এই সময়ত আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা মজবুত হ’ব৷ ভৱিষ্যতৰ কথা ভাৱি সিদ্ধান্ত লব পাৰে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ সূৰ্য বৃহস্পতিৰ ষড়ষ্টক যোগ লাভজনক হব সিংহ ৰাশিৰ জাতকৰ বাবে৷ সমাজত খ্যাতি আৰু জনপ্ৰিয়তা বাঢ়িব৷ ৰাজনীতি বা প্ৰশাসনিক কামৰ সৈতে যিসকল যুক্ত তেওঁলোকে ডাঙৰ কামৰ দায়িত্ব পাব পাৰে৷ পৈতৃক সম্পত্তি প্ৰাপ্তিৰ বাবে থকা জটিলতা দূৰ হব৷
তুলা ৰাশি
ধনু ৰাশি
ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি৷ সূৰ্য আৰু বৃহস্পতিৰ যোগ লাভজনক হব ধনু ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপোনাৰ বুদ্ধি আৰু প্ৰখৰ হব৷ ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ ফেব্ৰুৱাৰীৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল সময় আহিছে৷ প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য পাব পাৰে৷ বিদেশ যাত্ৰা কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















