অসম লাইভ২৪ঃ কাৰাগাৰৰ ভিতৰত বন্দীৰ সৈতে গোপন প্ৰেম। কাৰাগাৰৰক্ষীয়ে এখন কাৰাগাৰৰ ভিতৰত থকা কয়দীক সহায় কৰি আহিছে। বন্দীগৰাকীৰ প্ৰেমত পৰিয়েই এই কাৰ্য কৰি আহিছে কাৰাৰক্ষীগৰাকীয়ে।
২০২০ চনৰ জানুৱাৰী মাহত ইংলেণ্ডৰ এখন কাৰাগাৰত মহিলা কাৰাৰক্ষী হিচাপে যোগদান কৰিছে ২৫ বছৰীয়া মহিলা জোৱান ৰাচেল মাৰ্টিনে। সেই কাৰাগাৰতে বন্দী হৈ আছে ৪০ বছৰীয়া অপৰাধী ৰেমণ্ড আব্ৰাহাম। মাৰ্টিনে কাৰাৰক্ষী হিচাপে যোগদান কৰাৰ ১০ বছৰ পূৰ্বৰে পৰাই কাৰাবাসৰ শাস্তি ভোগ কৰি আহিছে আব্ৰাহামে। এটা এটিএম লুটপাত কৰাৰ অপৰাধত এই শাস্তি দিয়া হৈছে আব্ৰাহামক। কাৰাৰক্ষী হিচাপে যোগদান কৰাৰ পাছত ৰাচেলে আব্ৰাহামৰ সৈতে চিনাকি হয়। ২৫ বছৰীয়া তৰুণী কাৰাৰক্ষী প্ৰেমত পৰে আব্ৰাহামৰ।
বন্দীৰ প্ৰেমত আচ্ছন্ন হৈ পৰে মাৰ্টিন। প্ৰেম, ভালপোৱাৰ বাবেই আব্ৰাহামৰ সৈতে ধনৰো লেনদেন কৰে ৰাচেলে।
এবছৰীয়া প্ৰেমৰ অন্তত ২০২১ চনৰ ৩ ফেব্ৰুৱাৰী তাৰিখে এক তালাছিৰ সন্মুখীন হয় কাৰাৰক্ষী মাৰ্টিন ৰাছেল। ৰাছেলৰ হাতৰ পৰা উদ্ধাৰ হয় এটা ৰিমোট কণ্ট্ৰল ভাইব্ৰেটৰ। তাৰপিছতেই সন্দেহৰ আৱৰ্তত সোমাই পৰে মাৰ্টিন ৰাছেল। সন্দেহৰ ভিত্তিতেই বন্দী আব্ৰাহামৰ কুঠৰীতো অভিযান চলাই আৰক্ষীয়ে। তালাছিত আব্ৰাহামৰ কুঠৰীৰ পৰা উদ্ধাৰ হয় মহিলাৰ অন্তৰ্বাস, মোবাইল ফোন আৰু এখন এছ ডি কাৰ্ড। ইয়াৰোপৰি আব্ৰাহামৰ কুঠৰীৰ পৰা উদ্ধাৰ হয় কাৰাৰক্ষী মাৰ্টিন ৰাছেলৰ এখন অন্তৰ্বাস পৰিহিতা ফটোও।
ঘটনাটো পোহৰলৈ অহাৰ পিছতেই মাৰ্টিনক জেৰা চলাই আৰক্ষীয়ে। এই ঘটনাত উপৰ্যোপৰি চলা জেৰাৰ বাবেই চাকৰি ইস্তাফা দিয়ে মাৰ্টিনে। ২০২১ চনৰেই ৮ ফেব্ৰুৱাৰীত ইস্তাফা দিয়া মাৰ্টিনৰ ওপৰত কিন্তু আৰক্ষীয়ে জেৰা অব্যাহত ৰাখে। সেই বৰ্ষৰে ১ এপ্ৰিলত আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰে মাৰ্টিনক। মাৰ্টিনৰ গ্ৰেপ্তাৰৰ পাছতেই আৰক্ষীয়ে গম পায় যে তেতিয়ালৈকেও দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক অব্যাহত আছিল। মাৰ্টিনৰ ওপৰত চলা জেৰাত মাৰ্টিনে জনায় যে আব্ৰাহামৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ বাবেই এইসমূহ সামগ্ৰী আব্ৰাহামক যোগান ধৰিছিল মাৰ্টিনে।
তদন্তকাৰী আৰক্ষীৰ দলটোৱে জনোৱামতে মাৰ্টিনৰ পৰা আৰক্ষীয়ে ১২ লাখ ৬ হাজাৰ ১৬৮ টকাও লাভ কৰিছে। আনহাতে আব্ৰাহামৰ হাতত আছিল ২ টাকৈ মোবাইল ফোন, ৩ লাখতকৈও অধিক ধনৰ লগতে বহুকেইবিধ মূল্যবান সামগ্ৰী। এই ঘটনাৰ বিচাৰৰ আদালতত চলাৰ পাছতেই কিছুদিন পূৰ্বে কাৰাৰক্ষী মাৰ্টিনক ১৬ মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছে আদালতে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















