অ’টিটি প্লেটফৰ্মৰ অবিস্ববাদী সম্ৰাট স্বৰূপ নেটফ্লিক্সে প্ৰথমবাৰলৈ লোকচানৰ সন্মুখীন হৈছে৷ ইমানেই নহয় চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিটা মাহত অ’টিটিৰ এই প্লেটফৰ্মটোৰ শ্বেয়াৰৰ মূল্য প্ৰায় ২৫ শতাংশ হ্ৰাস পাই ২৬২ ডলাৰ হৈছে৷
চিনেমা, টেলিভিচনৰ ধাৰাবাহিক আৰু অ’টিটি চিৰিজৰ অবিস্ববাদী সম্ৰাট নেটফ্লিক্সে এটা দশকৰ ভিতৰত প্ৰথমবাৰলৈ শ্বেয়াৰৰ মূল্য হ্ৰাস হৈছে৷ ইফালে মাত্ৰ ১০০ টা দিনতে নেটফ্লিক্সৰ ২ লক্ষাধিক গ্ৰাহক হ্ৰাস পাইছে৷ হঠাতে কেনেকৈ আৰু কিয় এইদৰে ক্ষতিৰ সন্মুখীন হৈছে নেটফ্লিক্স?
লগতে পঢ়ক পত্নী পৰ্ণ তাৰকা! পাঁচ সন্তানৰ সন্মুখতে ছুৰিকাঘাত কৰি হত্যা স্বামীৰ
কৰোনা : ২০২০ বৰ্ষৰ পৰা কৰোনাৰ সংক্ৰমণৰ বাবে নেটফ্লিক্সৰ ব্যৱহাৰকাৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল৷ বিশেষকৈ বিশ্বৰ প্ৰায়বোৰ দেশতে লকডাউন বলৱৎ হোৱাৰ বাবে ঘৰতে আৱদ্ধ হৈ থকাৰ ফলত নেটফ্লিক্সৰ ইউজাৰৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছিল৷ ২০২১ চনতো কৰোনাৰ প্ৰকোপ প্ৰায় একেই আছিল৷ কিন্তু ২০২২ বৰ্ষত কোভিড পৰিস্থিতি কিছু স্বাভাৱিক হোৱাত ব্যৱহাৰীকাৰীসকলে পুনৰ নিজ নিজ কৰ্মত ব্যস্ত হৈ পৰাত নেটফ্লিক্সৰ ওপৰত প্ৰভাৱ পৰিছে৷
ব্যৱহাৰকাৰী : চলিত বিত্তীয় বৰ্ষত নেটফ্লিক্সৰ গ্ৰাহক তথা ব্যৱহাৰকাৰী লক্ষণীয়ভাৱে হ্ৰাস পাইছে৷ প্ৰথম তিনিটা মাহত নেটফ্লিক্সৰ গ্ৰাহকৰ সংখ্যা হৈছে ২২ কোটি ১৬ লাখ৷ যিটো বিগত বৰ্ষতকৈ লক্ষণীয়ভাৱে কম৷
যুদ্ধ : নেটফ্লিক্সে এটা দশকৰ ভিতৰত প্ৰথবাৰলৈ ক্ষতিৰ সন্মুখীন হোৱাৰ পিছতে দাবী কৰিছে যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে প্লেটফৰ্মটোৰ কিছু ঘাটি হৈছে৷ ইউক্ৰেইন আক্ৰমণৰ প্ৰতিবাদ কৰাৰ বাবে ৰাছিয়াই দেশখনত নেচফ্লিক্স সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে৷ যাৰফলত নেটফ্লিক্সে ক্ষতিৰ সন্মুখীন হৈছে৷
লগতে পঢ়ক চৰকাৰৰ প্ৰতি ক্ষোভ! আলফা(স্বা)ত যোগদান প্ৰতিভাৱান খেলুৱৈৰ
ইন্টাৰনেট : ইন্টাৰনেটৰ সমস্যাৰ বাবে নেটফ্লিক্সে ক্ষতিৰ সন্মুীন হৈছে৷ ইয়াৰ ফলতে বহু গ্ৰাহকে অ’টিটি প্লেটফর্মটোক ত্যাগ কৰা বুলি দাবী কৰিছে প্ৰতিষ্ঠানটোৱে৷ প্ৰতিষ্ঠানটোৰ দাবী যে আজিকালি প্ৰায়সকল ইউজাৰেই নেটফ্লিক্স স্মাৰ্ট টিভিতহে ব্যৱহাৰ কৰে৷ কিন্তু স্মাৰ্ট টিভিত ইন্টাৰনেট সংযোগ এতিয়াও ফলপ্ৰসূ হোৱা নাই৷
একাউন্ট শ্বেয়াৰ : নেটফ্লিক্সৰ বহু ইউজাৰে একাউন্ট কে’বাজনো লোকৰ সৈতে শ্বেয়াৰ কৰে৷ উল্লেখ্য যে নেটফ্লিক্সে কে’বাগৰাকী লোকৰ মাজত একাউণ্ট শ্বেয়াৰ কৰিবলৈ সুবিধা প্ৰদান কৰি আহিছে৷ প্ৰতিষ্ঠানটোৰ মতে এই সুবিধাৰ বাবেই যোৱা বৰ্ষৰ তুলনাত নেটফ্লিক্সৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ