পত্নী পৰ্ণ তাৰকা! এই সন্দেহৰ বশৱৰ্তী হৈ স্বামীয়ে পাঁচ সন্তানৰ সন্মুখতে নিজ পত্নীক হত্যা কৰিছে৷ এই লোমহৰ্ষক ঘটনাটো কোনো পশ্চিমীয়া দেশৰ নহয়, এইখন ভাৰতবৰ্ষতে সংঘটিত হৈছে এই নোম শিয়ঁৰি উঠা হত্যাকাণ্ডটো৷
ঘটনাৰ বিৱৰণী অনুসৰি যোৱা শনিবাৰে বাংগালুৰুৰ ৰামনগৰৰ জাহিৰ পাচা নামৰ ৪০ বছৰীয়া লোকজনে বিয়াৰ ১৫ বছৰৰ পিছত পত্নীক পৰ্ণ তাৰকা বুলি সন্দেহ কৰি হত্যা কৰে৷ তেওঁলোকৰ পাঁচটি সন্তান আছে আৰু জাহিৰে পত্নী ৩৫ বছৰীয়া মুবিনাক পাঁচ সন্তানৰ সন্মুখতে হত্যা কৰে৷
জাহিৰ আছিল পৰ্ণ ছবিৰ আসক্ত৷ দুমাহৰ পূৰ্বে এখন পৰ্ণ ছবি চোৱাৰ পিছৰে পৰা পত্নী মুবিনাক পৰ্ণ তাৰকা বুলি সন্দেহ কৰিবলৈ লয় জাহিৰে৷ তেতিয়াৰ পৰাই জাহিৰে সেই সন্দেহতে পত্নী মুবিনাক অকথ্য অত্যাচাৰ কৰিবলৈ ধৰে৷
লগতে পঢ়ক কাৰাগাৰতে ট্ৰেন্সজেণ্ডাৰ ব্যক্তিৰে যৌন সম্পৰ্ক! গৰ্ভৱতী হ’ল দুই মহিলা কয়দী
কিন্তু যোৱা শনিবাৰে মৃত অৱস্থাত মুবিনাক পিতৃয়ে উদ্ধাৰ কৰে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে মাতৃক মাৰধৰ কৰি থকা দেখি জাহিৰ-মুবিনাৰ বৰ পুত্ৰই ওচৰতে বাস কৰা মুবিনাৰ পিতৃক খবৰ দিয়ে৷ তেওঁ জী-জোঁৱাই ঘৰলৈ আহি দেখে যে তেওঁৰ কন্যাৰ ইতিমধ্য মৃত্যু হৈছে৷
পিতৃয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে যে ইয়াৰ পূৰ্বেও পৰ্ণ ছবিত পত্নীক দেখা বুলি দাবী কৰি জাহিৰে মুবিনাক অত্যাচাৰ কৰি আহিছে আৰু ২০ দিন পূৰ্বে স্বামীৰ আক্ৰমণৰ ফলতে মুবিনা চিকিৎসাধীনো হ’বলগীয়া হৈছিল৷
লগতে পঢ়ক এমাহৰ পিছতে বিয়া : ভাবী স্বামীৰ ডিঙিত ছুৰিকাঘাত কইনাৰ! কিন্তু কিয়?
এই সমগ্ৰ ঘটনা মুবিনাৰ পিতৃয়ে আৰক্ষীক অৱগত কৰিবলৈ বিচাৰিলেও মুবিনাই বাধা দিয়া বুলি পিতৃয়ে প্ৰকাশ কৰিছে৷ কিন্তু শেষত স্বামীৰ হাততে প্ৰাণ হেৰুওৱাবলগীয়া হয় পত্নী মুবিনা৷
ইফালে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰিলেও পলাতক হৈ আছে অভিযুক্ত স্বামী জাহিৰ৷ জাহিৰক কৰয়াত্ত কৰিবলৈ আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ