যিকোনো সম্পৰ্কতেই সংগীৰ মানসিক পৰিপক্কতা ব ইমোছনেল মেচিউৰিটি এক গুৰুত্বপূৰ্ণ বিষয়৷ ইয়াৰ অভাৱ থাকিলে সম্পৰ্কৰ নানান জটিলতা তৈয়াৰ হ’ব পাৰে৷ সম্পৰ্কৰ আৰম্ভণিতেই এজনে আনজনক বুজি পোৱাটো খুবেই দৰকাৰ৷ কিছু লক্ষণে দেখা দিলে বুজিব পাৰিব যে আপোনাৰ সংগী এতিয়াও মানসিকভাৱে পৰিপক্ক নহয়৷
১. আৱেগ নিয়ন্ত্ৰণত অসুবিধা
- সৰুসুৰা বিষয়ত অতিৰিক্ত বা অপ্ৰত্যাশিতভাৱে খং কৰা, হতাশ হোৱা বা কান্দোনত ভাঙি পৰা৷
- মেজাজ খুব দ্ৰুত গতিত ওঠানমা কৰা৷
- নিজৰ আৱেগ বুজিবলৈ বা প্ৰকাশ কৰিবলৈ সমস্যা হোৱা, অথৱা আৱেগক চেপি ৰখাৰ চেষ্টা কৰা আৰু পাছত তীব্ৰভাৱে প্ৰকাশ পোৱা৷
- বিৰক্তি বা মতানৈক্য হ’লে চুপ কৈ থাকি পেছিভ এগ্ৰেছিভ আচৰণ কৰা৷
২. দায়িত্বৰ প্ৰতি অনিহা
- নিজৰ ভুল স্বীকাৰ নকৰি ক্ৰমাগতভাৱে অন্যৰ ওপৰত দোষ জাপি দিয়া বা পৰিস্থিতিৰ দোহাই দিয়া৷
- ছৰি মোৰ ভুল হৈছে বুলি ক’বলৈ দ্বিধা কৰা বা ছৰি নোকোৱা৷
- গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ ভয় কৰা বা এৰাই চলা৷
- নিজৰ কামৰ পৰিণতি বেয়া হ’লে তাৰ দায়িত্ব স্বীকাৰ নকৰা৷
৩। আত্মকেন্দ্রিকতা আৰু সহানুভূতিৰ অভাব
- বেছিভাগ সময়তেই নিজৰ চাহিদা আৰু অনুভূতিৰ ওপৰত বেছি মনোযোগ দিয়া৷
- সংগীৰ অনুভূতি, কষ্ট বা দৃষ্টিভংগী বুজিব নোৱৰা বা বুজাৰ চেষ্টা নকৰা৷
- আলোচনা বা তৰ্কৰ সময়ত আপোনাৰ নিজৰ দিশতোক গুৰুত্ব নিদি কেৱল নিজৰ জয় বা মতামত প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা৷
৪। কথোপকথনত অসুবিধা
- নিজৰ প্ৰয়োজন বা অনুভূতি স্পষ্টভাৱে ক’ব নোৱৰা৷
- সমস্যাক লৈ খোলাখুলি আলোচনা নকৰা বা এৰাই চলা৷
- তৰ্কৰ সময়ত চিৎকাৰ কৰা, অপমানজনক কথা কোৱা বা ব্যক্তিগত আক্ৰমণ কৰা৷
- সংগীয়ে মনৰ কথা নিজেই বুজি পাওক বুলি প্ৰত্যাশা ৰখা৷
৫। অসংলগ্ন আচৰণ আৰু প্রতিশ্রুতি ভঙ্গ কৰা
- প্ৰায়েই কথা দি কথা নৰখা বা পৰিকল্পনা বাতিল কৰা৷
- আচৰণত স্থিৰতাৰ অভাৱ, আজি এনেকুৱা কাইলৈ আকৌ অন্য আচৰণ৷
- সম্পৰ্কৰ প্ৰতি দায়বদ্ধতাৰ অভাৱ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















