হাইৰে মানৱতা! আই চি ইউত কোমা অৱস্থাত থকা এয়াৰ হোষ্টেজকো নেৰিলে…
মানুহৰ মানসিকতা কিমান তললৈ যাব পাৰে সেয়া দিল্লীৰ এখন হাস্পতালত সংঘটিত এক ঘটনাই পোহৰলৈ আনিছে। যি হাস্পতাল ৰোগীৰ বাবে মন্দিৰ স্বৰূপ, সেই হাস্পতালেই এগৰাকী ৰোগীৰ সৈতে সংঘটিত হৈছে এক অতিকে জঘন্য ঘটনা।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, হাৰিয়ানা-দিল্লীৰ গুৰুগ্ৰামস্থিত ‘মেদান্তা’ নমাৰ এখন ডাঙৰ হাস্পতালত আই চি ইউত জীৱন-মৃত্যুৰে যুঁজ দি থকা এগৰাকী এগৰাকী মহিলাৰ সৈতে জঘন্য ঘটনা সংঘটিত কৰে হাস্পতালৰে ষ্টাফে।
যি সময়ত মহিলাগৰাকীয়ে জীৱন -মৃত্যুৰে যুঁজ দি ভেন্টিলেটৰত কোমা অৱস্থাত পৰি আছে, শৰীৰ অচল , চকু মেলিব নোৱাৰা, কথা কব নোৱাৰা , যদিও মন মগজু তেতিয়াও সক্ষম। সেই সময়তে মহিলাৰ সৈতে অপকৰ্ম কৰে কোনো পাষণ্ডই।
এই ঘটনা সংঘটিত হৈছে ৬ এপ্ৰিল তাৰিখে। পেছাত এগৰাকী এয়াৰ হোষ্টেজ মহিলাগৰাকী এক ট্ৰেইনিঙৰ সময়ত চুইমিং পুলত পৰি যায়। পিছত যেতিয়া মহিলাগৰাকীক পানীৰ পৰা উঠাই অনা হয়, তেতিয়ালৈ কিছু পলম হৈ যায়।
লগে লগে মহিলাগৰাকীৰ স্বামীয়ে মেদান্ত হাস্পতাললৈ লৈ যায় যদিও পৰিস্থিতি দেখি ভেন্টিলেটৰত ৰাখে। এই ঘটনা ৫ এপ্ৰিলৰ, আৰু হাস্পতালত ভৰ্তি হোৱাৰ এদিন পিছতে ৬ এপ্ৰিল তাৰিখে মহিলাগৰাকীৰ সৈতে অপকৰ্ম সংঘটিত হয়।
পাছত ১৩ এপ্ৰিল তাৰিখে মহিলাগৰাকীৰ সম্বিৎ ঘূৰি অহাত স্বামীৰ আগত ব্যক্ত কৰে কোনো লোকে অপকৰ্ম কৰাৰ কথা। লগতে ইয়াকো কয় যে, অপকৰ্ম কৰাৰ সময়ত আই চি ইউত নাৰ্চ দুগৰাকী মানো উপস্থিত আছিল। মাত কথাৰে জানিব পাৰে সেই কথা। কিন্তু তাৰ পাছতো ৰক্ষা নকৰে মহিলাগৰাকীক।
স্বামীয়ে ঘটনাৰ বিষয়ে জানিব পৰা লগে লগে কাষ চাপে আৰক্ষীৰ। আৰক্ষীয়ে ঘটনাসন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ বিষয়ে জানিব পাৰি সকলো লোক আচৰিত হৈ পৰিছে। কিদৰে এগৰাকী জীৱন-মৃত্যুৰে যুঁজ দি থকা মহিলাকো ৰক্ষা নিদিলে কোনো পাষণ্ডই।
আৰক্ষীয়ে বৰ্তমানে তদন্তৰ বাবে হাস্পতালৰ চিচি টিভি ফুটেজ পৰীক্ষা কৰি আছে, লগতে আৰক্ষীক খবৰ নকৰাকৈ হাস্পতালৰ কোকো কৰ্মচাৰীকে গুৰুগ্ৰাম এৰি নাযাবলৈ নিৰ্দেশনা দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ