নিশাৰ বৰষুণত উটি গ’ল এটি শিশু, পাছে এতিয়াও কৃত্ৰিম বান মহানগৰত, যাত্ৰাৰ কৰাৰ পূৰ্বে জানি লওক কি কি পথত পানী
নিশাৰ মূষলধাৰ বৰষুণৰ ফলত বৰ্তমানেও কৃত্ৰিম বানত বুৰ গৈ আছে গুৱাহাটী মহানগৰী। মহানগৰ খনৰ বহু বাট পথ এতিয়াও পানীৰ তলত। বহু লোক নিজ নিজ কৰ্মথলীলৈ ওলাই অহাৰ সময়ত সন্মুখিন হৈছে বহু সমস্যাৰ।
এতিয়াও জলমগ্ন গীতানগৰ, হাতীগড় চাৰিআলি, জুৰোড তিনিআলি, জোনালি, চিৰিয়াখানা, হাতীগাঁও, আমবাৰী, ৰুক্মিনীগাঁও, ছয়মাইল, চান্দমাৰী, ৰাজগড় আদি বহু পথ। বহু উপপথো পানীৰ তলত। আহ যাহৰ বাবে ৰিক্সা ব্যৱহাৰ বাসিন্দাৰ । ৰিক্সা বোৰেও সুবিধা পাই অধিৰ ভাৰাৰে যাত্ৰী অনা নিয়া কৰি আছে।
সৰু নলাবোৰ পানী উপচি পৰাৰ লগতে ডাঙৰ ডাঙৰ নলা-নৰ্দমা বোৰো ফেনে ফোটোকাৰে পানী বঢ়াৰ লগতে পানী উপচি ৰাজপথৰ লগত একাকাৰ। পানী কতো ওলাই যাব নোৱাৰি বহু ঠাইত এতিয়াও একঁকাল পানী।
আনহাতে নিশাৰ বৰষুণত এক অতিকে শোকাৱহ ঘটনা সংঘটিত হৈছে। মুহুৰ্ততে কৃত্ৰিম বানৰ বাঢ়নি পানীৰ কোবাল সোঁতত নলাত উটি গ’ল ৮ বছৰীয়া শিশু। জ্যোতিনগৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।
জ্যোতিনগৰৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হয় এই ঘটনা। স্কুটীৰ পৰা নলাত পৰি উটি যায় অবিনাশ সৰকাৰ নামৰ শিশুটি। পুৱতিনিশালৈ SDRF আৰু আৰক্ষীয়ে শিশুটিক উদ্ধাৰৰ বাবে অভিযান চলাই যদিও শিশুটিৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে। পিতৃৰ সৈতে স্কুটীত আহি থাকোতেই পিছলি পৰি সংঘটিত হয় এই শোকাৱহ ঘটনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ