নতুন দিল্লীৰ যন্তৰ-মন্তৰত চলি থকা CJPৰ প্ৰতিবাদক কেন্দ্ৰ কৰি এক বিশেষ দৃশ্য পৰিলক্ষিত হৈছে। প্ৰতিবাদকাৰীৰ বাবে কেৱল দেশৰ বিভিন্ন চহৰৰ পৰাই নহয়, আমেৰিকা আৰু কানাডাৰ দৰে দেশৰ পৰাও অনলাইনযোগে খাদ্যৰ অৰ্ডাৰ দিয়া হৈছে বুলি ডেলিভাৰী কৰ্মচাৰীসকলে দাবী কৰিছে। কিছুমান অৰ্ডাৰৰ মূল্য প্ৰায় ২০ হাজাৰ টকা পৰ্যন্ত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদস্থলীত এক সুকীয়া খাদ্য বিতৰণৰ পৰিৱেশ গঢ় লৈ উঠিছে। অৱশ্যে, বিষয়টোক লৈ কিছুমান লোকে উদ্বেগ প্ৰকাশ কৰাৰ লগতে ইয়াৰ সঠিক তদন্তৰ দাবীও উত্থাপন কৰিছে।
আমেৰিকা-কানাডাৰ পৰাও লাভ কৰিছে অৰ্ডাৰ
বিগত দুদিন ধৰি যন্তৰ-মন্তৰ ফুড ডেলিভাৰী সংস্থাসমূহ এক ব্যস্ত কেন্দ্ৰত পৰিণত হৈছে। স্বুইগী, জ’মেটো আদি বিভিন্ন খাদ্য ডেলিভাৰী প্ৰতিষ্ঠানৰ ডেলিভাৰী কৰ্মচাৰীসকলে অহৰহ প্ৰতিবাদস্থলীলৈ অৰ্ডাৰ লাভ কৰিছে। ডেলিভাৰী কৰ্মচাৰীসকলৰ মতে, মুম্বাই, হায়দৰাবাদ, দিল্লী, পঞ্জাবৰ বিভিন্ন চহৰৰ উপৰি আমেৰিকা আৰু কানাডাৰ পৰাও অনলাইনযোগে অৰ্ডাৰ আহিছে। অৰ্ডাৰত উল্লেখ কৰা অনুসৰি, সেই খাদ্য যন্তৰ-মন্তৰত উপস্থিত যিকোনো প্ৰতিবাদকাৰীক হস্তান্তৰ কৰিবলৈ কোৱা হৈছে।
ফলস্বৰূপে, প্ৰতিবাদস্থলীত দিনটো ফুড ডেলিভাৰী কৰ্মচাৰীৰ যথেষ্ট ভিৰ দেখা গৈছে। কনাৰ্ড প্লেছ, লক্ষ্মীনগৰ, কৰোলবাগ আদি অঞ্চলৰ বহু ৰেষ্টুৰেণ্টলৈ একেৰাহে খাদ্যৰ অৰ্ডাৰ আহিছে। আকাশ নামৰ এজন ডেলিভাৰী কৰ্মচাৰীয়ে জনোৱা মতে, তেওঁ সন্ধিয়া ৪ বজালৈকে ১০টাতকৈ অধিক ডেলিভাৰী সম্পূৰ্ণ কৰিছে। তেওঁৰ লগতে আন কেইবাজনো ডেলিভাৰী কৰ্মচাৰী একেলগে এই কামত নিয়োজিত আছিল। আনকি, কিছুমান বৃহৎ অৰ্ডাৰ ভানযোগেও ডেলিভাৰী কৰা হৈছে।
এক আনুমানিক হিচাপ অনুসৰি, মাত্ৰ দুদিনতেই প্ৰায় ২,০০০টা খাদ্যৰ অৰ্ডাৰ সম্পন্ন হৈছে। এইবোৰৰ ভিতৰত পিজ্জা, বাৰ্গাৰ, চিঙৰা, সম্পূৰ্ণ আহাৰৰ থালী আদি বিভিন্ন খাদ্য সামগ্ৰী অন্তৰ্ভুক্ত আছিল। একে সময়তে বহু যুৱকে সংসদ মাৰ্গত খাদ্য গ্ৰহণ কৰি প্ৰতিবাদকাৰীৰ মাজত বিতৰণ কৰা দৃশ্যও দেখা গৈছে।
ইয়াৰ উপৰি, প্ৰতিবাদস্থলীৰ ভিতৰ-বাহিৰ আৰু যোৱা-আহাৰ পথত বহু লোকে নিজৰ সামৰ্থ্য অনুসৰি পানী, শীতল পানীয়, আইচক্ৰীম, বিস্কুট, ফল-মূল, কঢ়়ী-ভাত, বিৰিয়ানী, জুচ, টফি আদি বিভিন্ন খাদ্যসামগ্ৰী বিতৰণ কৰিছে। কোনোবাই ষ্টল স্থাপন কৰি, আনহাতে কোনোবাই ঘূৰি-ফুৰি এই সামগ্ৰীসমূহ প্ৰতিবাদকাৰীৰ মাজত বিলাই দিছে। পানীৰ বটল বিতৰণ কৰি থকা এগৰাকী যুৱতীয়ে জনোৱা মতে, তেওঁ চাকৰি কৰে আৰু নিজৰ আধা দিনৰ দৰমহাখিনি পানী ক্ৰয় কৰি প্ৰতিবাদকাৰীৰ মাজত বিতৰণ কৰাৰ বাবে ব্যয় কৰিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















