আলঝাইমাৰ্ছ ৰোগ এতিয়া দেশত বাঢ়ি অহা এক ব্যাধি৷ নিউৰোডিজেনেৰেটিভ ব্যাধি যিয়ে মস্তিষ্কৰ কোষসমূহক ক্ষতি কৰে আৰু স্মৃতিশক্তি চিন্তাভাৱনা আৰু আচৰণগত সমস্যাৰ সৃষ্টি কৰে৷ সময়ৰ সৈতে এই ৰোগৰ লক্ষণ বাঢ়ি থাকে আৰু দৈনন্দিন জীৱনযাত্ৰাক মাৰাত্মকভাৱে প্ৰভাৱিত কৰে৷ সেয়ে আলঝাইমাৰ্ছ ৰোগৰ প্ৰাথমিক লক্ষণসমূহ চিনাক্ত কৰা অত্যন্ত গুৰুত্বপূৰ্ণ৷ কাৰণ দ্ৰুত ৰোগ নিৰ্ণয় আৰু সঠিক চিকিৎসাৰ মাধ্যমেৰে এই ৰোগৰ অগ্ৰগতি কিছুপৰিমাণে কমাব পাৰি৷
আধুনিক গৱেষণা অনুসৰি দিশ পাহৰি যোৱা বা স্থানিক স্মৃতিভ্ৰংশ আলঝাইমাৰ্ছ ৰোগৰ এক গুৰুত্বপূৰ্ণ প্ৰাথমিক লক্ষণ৷ মস্তিষ্কৰ যি অংশসমূহে দিশ নিৰ্দেশনা বা স্মৃতিশক্তিৰ বাবে দায়ী যেনে হিপ্পোকেম্পাছ আৰু পেৰিটেল লোব, আলঝাইমাৰ্ছ ৰোগৰ প্ৰাথমিক পৰ্যায়ত সেইসমূহ ক্ষতিগ্ৰস্থ হয়৷ ইয়াৰ ফলত ৰোগী পৰিচিত স্থানতেই হেৰাই যাব পাৰে৷ ৰাস্তা চিনি পোৱাত সমস্যা আহিব পাৰে৷
মাজে মাজে কোনো পৰিচিত ৰাস্তা পাহৰি যোৱা বা ক’ত কি সামগ্ৰী থৈছে সেয়া মনত ৰাখিব নোৱৰাৰ দৰে লক্ষণে দেখা দিয়ে৷ বিশেষকৈ ক্লান্তি বা মানসিক চাপৰ সময়ত এনে হ’ব পাৰে৷ কিন্তু যদি কোনোৱে ঘনে ঘনে পৰিচিত স্থানতেই হেৰাই যায় বা ঘৰৰ ৰাস্তা চিনি পোৱাত অসুবিধা বোধ কৰে, মানচিত্ৰ বা দিশনিৰ্দেশনা বুজাত সমস্যাত পৰে, অথৱা স্থান সম্পৰ্কে বাৰে বাৰে বিভ্ৰান্ত হয় তেতিয়া আলঝাইমাৰ্ছৰ সেয়া প্ৰাথমিক লক্ষণ হ’ব পাৰে৷ এই ক্ষেত্ৰত দ্ৰুত বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷
এই লক্ষণসমূহৰ ওপৰিও এই ৰোগৰ আৰু কেইবাটাও উপসৰ্গ আছে-
- স্মৃতিভ্ৰংশঃ বিশেষকৈ সাম্প্ৰতিক ঘটনা বা তথ্য পাহৰি যোৱা৷
- দৈনন্দিন কাম সম্পাদনত অসুবিধাঃ পৰিচিত কাম, যেনে ৰন্ধন কৰা বা পোছাক পিন্ধাত সমস্যা হোৱা৷
- ভাষা ব্যৱহাৰত সমস্যাঃ সঠিক শব্দ বিচাৰি পোৱা বা বাক্য গঠন কৰাত অসুবিধা৷
- সময় আৰু স্থান সম্পৰ্কে বিভ্ৰান্তিঃ তাৰিখ, ঋতু বা পৰিচিত স্থান পাহৰি যোৱা৷
- বিচাৰ বা সিদ্ধান্ত গ্ৰহণত দুৰ্বলতাঃ ভুল সিদ্ধান্ত লোৱা বা অযৌক্তিক আচৰণ কৰা৷
- মনোযোগ আৰু পৰিকল্পনা কৰাত সমস্যাঃ একোতেই মনোযোগ ধৰি ৰাখিব নোৱৰা, বা পৰিকল্পনা অনুসৰি কাম কৰাত অসুবিধা৷
- সামগ্ৰী ভুল স্থানত ৰখাঃ সামগ্ৰী অস্বাভাৱিক স্থানত থৈ পাহৰি যোৱা৷
- মেজাজ আৰু ব্যক্তিত্বত পৰিবৰ্তনঃ খিংখিঙীয়া মেজাজ, উদ্বেগ, বিষণ্ণতা বা অসামাজিক আচৰণ দেখা পোৱা৷
এই সমস্যাসমূহে দেখা দিলে অৱহেলা নকৰি দ্ৰুত চিকিৎসকৰ শৰণাপন্ন হোৱা উচিত৷ প্ৰাথমিক পৰ্যায়ত ৰোগ চিনাক্ত কৰিব পাৰিলে উপযুক্ত ব্যৱস্থাপনা আৰু সহায়তাৰ মাধ্যমৰে ৰোগীৰ জীৱনযাত্ৰাৰ মান উন্নত কৰা আৰু ৰোগৰ তীব্ৰতা কমোৱা সম্ভৱ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















