কাইলৈ ১৬ জানুৱাৰী ২০২৬ শুকুৰবাৰে চন্দ্ৰই ধনু ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে কাইলৈ পুহৰ কৃষ্ণা ত্ৰয়োদশী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব ধ্ৰুৱ যোগ আৰু ব্যাঘাত যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ দিনজুৰি থাকিব মূল নক্ষত্ৰ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত শুক্ৰবাৰে হৈছে মা লক্ষ্মীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মেষ ৰাশি
কাইলৈ ১৬ জানুৱাৰী ৰুচক ৰাজযোগৰ প্ৰভাৱত মা লক্ষ্মীৰ আশীৰ্বাদত ভাগ্য খুলিব মেষ ৰাশিৰ জাতকৰ৷ পেছাগত জীৱনত কাইলৈ বৃহৎ উন্নতি কৰিব পাৰে আৰু নিজৰ আৰ্থিক অৱস্থা বহু পৰিমাণে মজবুত হব৷ কাইলৈ ডাঙৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ সংসাৰত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ ব্যৱসায়ৰ পৰা মোটা টকাৰ মুনাফা অৰ্জন কৰিব মেষ ৰাশিৰ জাতকে৷
মিথুন ৰাশি
কৰ্মক্ষেত্ৰত কাইলৈ সকলো কামত মিথুন ৰাশিৰ জাতকৰ পছন্দ অনুসৰি হ’ব৷ অফিচত কামৰ পৰিবেশ আপোনাৰ বাবে অনুকূল থাকিব৷ কাইলৈ কামত আৰু বেছিকৈ মনোযোগ দিব পাৰে৷ কাইলৈ মা লক্ষ্মীৰ কৃপাত সুখ সৌভাগ্য উপচি পৰিব মিথুন ৰাশিৰ জাতকৰ জীৱনত৷ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত ভাল ফল লাভ কৰিব৷ কাইলৈ আপোনাৰ দাম্পত্য জীৱনত সুখ থাকিব৷
কন্যা ৰাশি
কাইলৈ শুকুৰবাৰে নতুন কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে কন্যা ৰাশিৰ জাতকে৷ এই ব্যৱসায়ে আপোনাৰ ভৱিষ্যতক সুৰক্ষিত কৰিব৷ কাইলৈ সন্ধিয়া পৰিয়ালৰ সকলোৱে মিলি আপোনাক চাৰপ্ৰাইজ পাৰ্টি দিব পাৰে৷ কাইলৈ বহু দিনৰ পাছত পুৰণি বন্ধুৰ সৈতে দেখা হব পাৰে৷ ইয়াৰ ফলত মনত ভৰপুৰ আনন্দ থাকিব কন্যা ৰাশিৰ জাতকৰ৷ নিজৰ সকলো কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷
ধনু ৰাশি
কাইলৈ ধ্ৰুৱ যোগৰ শুভ প্ৰভাৱত ভাগ্য খুলিব ধনু ৰাশিৰ জাতকৰ৷ শহুৰৰ ঘৰৰ সৈতে আপোনাৰ সম্পৰ্ক পূৰ্বতকৈ উন্নত হব৷ কাইলৈ পাবলগীয়া টকা পাব পাৰে৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে থকা সকলো সমস্যা দূৰ হ’ব৷ সংসাৰত সুখ আৰু শান্তিৰ পৰিবেশ থাকিব৷ কাইলৈ শুকুৰবাৰে সম্পত্তি ক্ৰয়ৰ সুযোগ পাব পাৰে ধনু ৰাশি জাতকে৷
মীন ৰাশি
কাইলৈ দিনটো লাভজনক হ’ব মীন ৰাশিৰ জাতকৰ বাবে৷ সকলোৰে সৈতে আনন্দ কৰি কাইলৈৰ দিনটো কটাব পাৰে৷ ব্যৱসায়ৰ দিশৰ পৰা কাইলৈ শুকুৰবাৰ আপোনাৰ বাবে শুভ হব৷ ৰুচক ৰাজযোগৰ শুভ প্রভাৱত কৰ্মক্ষেত্ৰৰ পৰিবেশ অনুকূল থাকিব৷ কৰ্মক্ষেত্ৰত বচ আৰু সহকৰ্মীসকলৰ পৰা সাহায্য পাব মীন ৰাশিৰ জাতকে৷ মা লক্ষ্মীৰ কৃপাত কাইলৈ কোনো নতুন কামৰ প্ৰস্তাৱ পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















