পৰম্পৰাগত বিবাহ-লিভ ইন ৰিলেছন এইবোৰ এতিয়া অতীত, নতুনকৈ ট্ৰেণ্ড হৈছে আন এক বিবাহ, আপুনিও কৰিব পাৰে
পৰম্পৰাগত বিবাহ এতিয়া অতীত। বহু লোকেই তেনে বিবাহ কাৰ্য এৰি দিছে। লিভ ইন ৰিলেছনো এতিয়া একপ্ৰকাৰৰ পুৰণি হৈ পৰিছে। জাপানত প্ৰায় অধিকাংশ যুৱক-যুৱতীসকয়ে এতিয়া এক নতুন ধৰণৰ বৈবাহিক সম্পৰ্ক গঢ়ি তুলিছে তেওঁলোকৰ মাজত।
য’ত বিবাহৰ সৈতে জড়িত পাৰস্পৰিক অনুভৱৰ একেবাৰেই প্ৰয়োজন নাই। এই ধৰণৰ সম্পৰ্কত একেলগে থাকিবলৈ পাৰস্পৰিক প্ৰেম বা শাৰীৰিক সম্পৰ্কৰো প্ৰয়োজন নহয়। এই নতুন ধাৰা বন্ধুত্বৰ বিবাহে (Friendship Marriage) এ শিৰোনাম দখল কৰি চৰ্চা লাভ কৰিছে।
জাপানৰ হাজাৰ হাজাৰ লোক, প্ৰায় ১২ কোটিতকৈ অধিক লোকে এই ধৰণৰ সম্পৰ্ক গঢ়ি তুলিছে আৰু এই সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। ইয়াত সকলোধৰণৰ লোক সোমাই পৰিছে। সময়ৰ লগে লগে জাপানৰ মানুহে পৰম্পৰাগত বিবাহৰ পৰা আঁতৰি আহিছে।
২০১৫ চনৰ পৰা জাপানত প্ৰায় ৫০০ লোকে এই ধৰণৰ বিবাহ কৰিছিল। খবৰ অনুসৰি, “এই ধৰণৰ বিয়াত ভাল বন্ধুৰ সৈতে আইনগতভাৱে বিবাহপাশত আবদ্ধ হয়, তথাপিও তেওঁলোকে যৌন সম্পৰ্ক আৰু ৰোমান্টিক সম্পৰ্কৰ পৰা বিৰত থাকে। সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত তেওঁলোকে আন কৃত্ৰিম উপায় বাছি লয়।
এই ধৰণৰ সম্পৰ্কত পতি বা পত্নীয়ে আনৰ লগতো ৰোমান্টিক সম্পৰ্ক স্থাপন কৰিব পাৰে। পাৰস্পৰিক চুক্তিতো ইয়াৰ উল্লেখ থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















