• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জোনবাইৰ দেশৰ সাধুনো কি জোনবাইয়ে আমাৰ হাতত মুঠিত! তৃতীয় বিশ্বৰ দেশ ভাৰতৰ বৈজ্ঞানিকৰ সফলতাক চেল্যুট জনাবলৈ বাধ্য হ’ল প্ৰথম বিশ্বৰ দেশৰ প্ৰতিজন বিজ্ঞানীয়ে,পঢ়ক যাত্ৰাৰ সবিশেষ কাহিনী

জোনবাইৰ দেশৰ সাধুনো কি জোনবাইয়ে আমাৰ হাতত মুঠিত! তৃতীয় বিশ্বৰ দেশ ভাৰতৰ বৈজ্ঞানিকৰ সফলতাক চেল্যুট জনাবলৈ বাধ্য হ’ল প্ৰথম বিশ্বৰ দেশৰ প্ৰতিজন বিজ্ঞানীয়ে,পঢ়ক যাত্ৰাৰ সবিশেষ কাহিনী

3 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

7 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

8 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

8 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

9 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

10 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

11 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

11 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

12 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

12 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

12 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

13 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

জোনবাইৰ দেশৰ সাধুনো কি জোনবাইয়ে আমাৰ হাতত মুঠিত! তৃতীয় বিশ্বৰ দেশ ভাৰতৰ বৈজ্ঞানিকৰ সফলতাক চেল্যুট জনাবলৈ বাধ্য হ’ল প্ৰথম বিশ্বৰ দেশৰ প্ৰতিজন বিজ্ঞানীয়ে,পঢ়ক যাত্ৰাৰ সবিশেষ কাহিনী

editor by editor
August 23, 2023
in প্ৰযুক্তি, ভাৰত, লেখা
0
জোনবাইৰ দেশৰ সাধুনো কি জোনবাইয়ে আমাৰ হাতত মুঠিত! তৃতীয় বিশ্বৰ দেশ ভাৰতৰ বৈজ্ঞানিকৰ সফলতাক চেল্যুট জনাবলৈ বাধ্য হ’ল প্ৰথম বিশ্বৰ দেশৰ প্ৰতিজন বিজ্ঞানীয়ে,পঢ়ক যাত্ৰাৰ সবিশেষ কাহিনী
0
SHARES
409
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এই যাত্ৰা আৰম্ভ হৈছিল ১৪ জুলাইৰ দুপৰীয়া ২বাজি ৩৫ মিনিটত৷ ইতিহাস গঢ়ি চন্দ্ৰৰ কুমেৰুত অৱতৰণ কৰিলে চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে৷ শ্ৰী হৰিকোটাৰ সতীশ ধাৱান স্পেছ চেণ্টাৰৰ লঞ্চিং পেডৰ পৰা চন্দ্ৰপৃষ্ঠলৈ যাত্ৰা কৰিছিল ভাৰতীয় চন্দ্ৰযান-৩য়ে৷ দিন ৰাতি এক কৰি, টোপনি ক্ষতি কৰি ৪০ দিন ইছৰোৰ বিজ্ঞানীয়ে অপেক্ষা কৰিছিল এই ক্ষণটোৰ বাবেই৷ বিগত ৪০ দিনে বিজ্ঞানীয়ে প্ৰতি ছেকেণ্ডতেই লক্ষ্য ৰাখিছিল যানখনত৷ আগ্ৰহেৰে দেশবাসীয়েও অপেক্ষা কৰিছিল এই ক্ষণটোৰ বাবেই৷ ইতিহাস ৰচাৰ এই মহেন্দ্ৰ ক্ষণৰ সাক্ষী হ’ল ভাৰতীয় প্ৰতিজন লোকৰ লগতে পৃথিৱীৰ বিভিন্ন কোণৰ বিজ্ঞানপ্ৰেমী জনতা৷ ধীৰ গতিৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিলে লেণ্ডাৰ বিক্ৰমে৷ বুধবাৰে সন্ধিয়া বিজ্ঞানীয়ে দিয়া সময়তেই অৱতৰণ কৰিলে বিক্ৰমে৷ ৬ বাজি ৪ মিনিটত চন্দ্ৰৰ মাটি চুই প্ৰতিজন ভাৰতীয়ক গৌৰৱাম্বিত কৰি তুলিলে বিক্ৰমে৷

চন্দ্ৰযান-৩ ৰ সাফল্যৰ পাছতেই সমগ্ৰ দেশতেই চলিছে বিজয় উৎসৱ৷ উৎসৱৰ মাজতেই নিৰৱে হাত চাপৰি বজায় এই সফলতাৰ আঁৰত থকা বিজ্ঞানী কেইজনেও উদযাপন কৰিলে আনন্দ উৎসৱ৷ আৱেগ বিহ্বল হৈ পৰিছে চন্দ্ৰযান-৩ৰ নিৰ্মাণত জড়িত প্ৰত্যেকজনেই৷ তৃতীয় বিশ্বৰ দেশ ভাৰতৰ বৈজ্ঞানীকৰ সফলতাক চেল্যুট জনাবলৈ বাধ্য হৈছে প্ৰথম বিশ্বৰ দেশৰ প্ৰতিজন বিজ্ঞানীয়েই৷ চন্দ্ৰৰ কুমেৰুত ভাৰতৰ পতাকা, ইছৰোৰ লগ জিলিকি থাকিব চিৰদিনৰ বাবে৷ মহাকাশৰ ইতিহাস পঢ়িলেই উত্তৰ প্ৰজন্মই এই সফলতাৰ কাহিনী পঢ়িব৷

যাত্ৰা জানো মসৃণ আছিল?
২০১৯ চনত চন্দ্ৰযান-২ ৰ ব্যৰ্থতাৰ পাছত এক ধাক্কাত চূৰ্ণবিচূৰ্ণ হৈছিল ইছৰোৰ চন্দ্ৰৰ মাটিত ভৰি দিয়াৰ সপোন৷ কান্দোনত ভাঙি পৰিছিল ইছৰোৰ প্ৰাক্তন চেয়াৰমেন কে শিৱন৷ কিন্তু হাৰি যোৱা নাছিল ইছৰোৰ বিজ্ঞানী৷ মন বেয়া হ’লেও হাৰি যোৱা নাছিল ইছৰোৰ বিজ্ঞানী৷ হৰাৰ পৰা জিকালৈ একেটাই বাট৷ কেৱল বুকুত আত্মবিশ্বাস, আৰু ভুলসমূহ জুকিয়াই চাব পৰা এটা মন থাকিলেই অসম্ভৱ একোৱেই হ’ব নোৱাৰে৷ ইছৰোৰ দলে এই কথাকেই প্ৰমাণ কৰিলে৷ অতীতৰ ভুলৰ পৰা শিক্ষা লৈ চন্দ্ৰপৃষ্ঠত ভৰি থলে চন্দ্ৰযান-৩য়ে৷

২০১৯ চনৰ ডিচেম্বৰ মাহত ইছৰোয়ে চন্দ্ৰযান-২ ৰ বাবে ৭৫ কোটি টকা বিচাৰি প্ৰাৰ্থনা কৰিছিল৷ এই ধনৰ ৬০ কোটি অত্যাধুনিক সা সৰঞ্জাম ক্ৰয়ৰ বাবে৷ আৰু বাকী ১৫ কোটি আছিল অন্যান্য ব্যৱস্থাপনাৰ বাবে৷ ইছৰোৰ আৱেদনৰ পাছতেই কেন্দ্ৰই এই ধন প্ৰদান কৰিছিল মহাকাশ সংস্থাটোক৷ ধন লাভ কৰিয়েই কাম আৰম্ভ কৰিছিল বিজ্ঞানীৰ দলে৷ চন্দ্ৰযান-১ আৰু চন্দ্ৰযান-২ত যিমান ধন ব্যয় হৈছিল সেই ধনৰ তুলনাত কিন্তু চন্দ্ৰযান-৩ৰ ব্যয় বহু কম৷ আমেৰিকা, ৰাছিয়াই চন্দ্ৰত অভিযান চলাবলৈ যিমান অৰ্থ ব্যয় কৰি আহিছে সেই বাজেটৰ তুলনাত এই বাজেট অতি কম৷ তুলনামূলকভাৱে চাবলৈ গলে ভাৰতীয় চিনেমা নিৰ্মাণ কৰোতেই চন্দ্ৰাভিযানত ব্যয় হোৱা ধনতকৈ বেছি ধন ব্যয় হয়৷ চন্দ্ৰযান-৩ ৰ বাজেট আছিল মাত্ৰ ৬১৫ কোটি টকা৷

সেই পৰিশ্ৰমৰ দিন-ৰাতি

৩বছৰ ৬মাহ ধৰি বিজ্ঞানীয়ে কৰা অক্লান্ত পৰিশ্ৰমে আজি সফলতা লাভ কৰিলে৷ ইছৰোৰ তৰফৰ পৰা ১৪ জুলাইত ঘোষণা কৰা হৈছিল যে চন্দ্ৰৰ বুকুত আকৌ যাত্ৰা কৰিব৷ চন্দ্ৰযান-৩ চন্দ্ৰৰ বুকুলৈ যাত্ৰা কৰিব৷ ঘোষণা মতেই চন্দ্ৰযান-৩ শ্ৰী হৰিকোটাৰ সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা উৰা মাৰিল৷ ইছৰোৰ এই চন্দ্ৰযানৰ কেন্দ্ৰ আছিল এলভিএম-৩ ৰকেট৷ যি ৰকেটে চন্দ্ৰযানখনক শক্তি প্ৰদান কৰি পৃথিৱীৰ কক্ষপথৰ পৰা বাহিৰলৈ থেলি পঠিয়ালে৷ এলভিএম-৩ এখন ত্ৰিস্তৰীয় উৎক্ষেপণ যান৷ ইয়াৰ পূৰ্বেও এলভিএম-৩ একাধিক কৃত্ৰিম উপগ্ৰহ পঠিওৱাত ব্যৱহৃত হৈছে৷ এলভিএম-৩ক ভাৰতীয় ৰকেটৰ বাহুবলী বুলিও কোৱা হয়৷ এলভিএম-৩ ৰকেটৰ মাজত দুটা স্তৰত এটা স্তৰত আছিল তৰল ইন্ধন আৰু আনটো স্তৰত আছিল কঠিন ইন্ধন৷ কঠিন ইন্ধন ১২৭ ছেকেণ্ড ধৰি জ্বলে৷ উৎক্ষেপনৰ পাছত ১০৮ ছেকেণ্ডৰ মাজত জ্বলিবলৈ আৰম্ভ হয় তৰল ইন্ধন৷ এই তৰল ইন্ধনে ২০৩ ছেকেণ্ড ধৰি ৰকেটখনক গতি প্ৰদান কৰি থাকে৷ ইয়াৰপাছতেই ধীৰে ধীৰে গন্তব্যস্থানৰ দিশে মধ্যাকৰ্ষণ বলৰ পৰা ওলাই গৈ আগুৱাই যায় চন্দ্ৰযান-৩৷ পৃথিৱীৰ মধ্যাকৰ্ষণ বলৰ পৰা ওলাই গৈ এটাৰ পাছত আনটো কক্ষপথ অতিক্ৰম কৰিবলৈ ধৰে চন্দ্ৰযান-৩য়ে৷

পৃথিৱীৰ মায়া এৰি চন্দ্ৰলোকলৈ যাত্ৰা

১৫ জুলাইত পৃথিৱীক প্ৰথম কক্ষপথ পাৰ হৈছিল চন্দ্ৰযান-৩য়ে৷ উৎক্ষেপণৰ পৰা চন্দ্ৰৰ দিশেৰে আৰু এঢাপ আগুৱাই দ্বিতীয় বাৰ কক্ষপথ সলনি কৰে ১৭ জুলাইত৷ ইয়াৰপাছতে ১৮ জুলাই, ২০ জুলাই, আৰু ২৫ জুলাইত পৃথিৱীৰ মধ্যাকৰ্ষণ বলৰ পৰা ওলাই যায় চন্দ্ৰযান-৩৷ ৩১ জুলাইত পৃথিৱীৰ কক্ষপথ এৰি নিজৰ গতি বঢ়াই চন্দ্ৰৰ কক্ষপথত ভৰি দিয়ে চন্দ্ৰযানখনে৷ অৰ্থাৎ উৎক্ষেপনৰ ১৭ দিন পাছত পৃথিৱীৰ মায়া এৰি চন্দ্ৰলোকত ভৰি দিয়ে যানখনে৷ চন্দ্ৰৰ কক্ষপথত যানখনে ভৰি ৰাখে ৫ আগষ্টত৷ ৩১ জুলাইৰ পৰা ৫ আগষ্ট অৰ্থাৎ পৃথিৱীৰ কক্ষপথৰ পৰা চন্দ্ৰৰ কক্ষপথত সোমাবলৈ যানখনক সময় লাগিল ৬দিন৷ এই ৬ দিন ইছৰোৰ বিজ্ঞানীৰ বাবে অতি উৎকণ্ঠাৰ দিন আছিল৷ ইছৰোৰ বিজ্ঞানীৰ আশংকা আছিল যে অংকত যদি অলপমানো গৰবৰ হয় তেন্তে চন্দ্ৰযান-৩ শেষ পৰ্যন্ত চন্দ্ৰৰ কক্ষপথত উপস্থিত নহ’ব৷ যানখনে আকৌ পৃথিৱীৰ কক্ষপথলৈ ঘূৰি আহিব৷ যানখন ঘূৰি আহিলে চন্দ্ৰৰ কক্ষপথলৈ ঠেলি পঠিয়াবলৈ যানখনত ইন্ধন নাথাকিব৷ কিন্তু বিজ্ঞানী এইবাৰ সফল হ’ল৷ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ দিশে আগুৱাই যায় মহাকাশযানখন৷ চন্দ্ৰৰ চাৰিওফালে ঘূৰি ঘূৰি গতি কমাই কমাই চন্দ্ৰপৃষ্ঠৰ দিশে আগুৱাই গৈ থাকিল চন্দ্ৰযান-৩৷

৫ আগষ্টৰ পৰা ১৬ আগষ্ট পৰ্যন্ত চন্দ্ৰযান-৩য়ে এটা এটা কক্ষপথ নিৰ্ভিঘ্নে অতিক্ৰম কৰি গৈ থাকিল৷ ইয়াৰ মাজতেই ৬ আগষ্টত চন্দ্ৰৰ দ্বিতীয় কক্ষপথৰ পৰা গন্তব্যস্থানৰ ছবি তুলি পঠিয়াই যানখনে৷ ছবিত স্পষ্টৰূপত দেখা গৈছিল চন্দ্ৰপৃথত থকা গিৰিখাত-এডিংটন, পাইথাগোৰাছ, অৰিষ্টাৰ্কছ, ৰমনকো৷ ছবিত দেখা গৈছিল চন্দ্ৰপৃষ্ঠত থকা ওছিয়ানাছ প্ৰজেলেয়াৰামো৷ যাক মহাকাশ বিজ্ঞানীৰ ভাষাত ‘ধুমুহাৰ সাগৰ’ বুলি কোৱা হয়৷ এই সাগৰ পানীৰ সাগৰ নহয়৷ আমি পৃথিৱীৰ পৰা চন্দ্ৰৰ গাত দেখা গাঁতসমূহেই হৈছে এই ধুমুহাৰ ফচল৷ ছবিখন তুলিছিল চন্দ্ৰযান-৩ত থকা লেণ্ডাৰ হৰাইজেণ্টেল ভেলোছিটি কেমেৰাই৷

তৃতীয় বিশ্বৰ দেশৰ বিজ্ঞানীৰ মুঠিতে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ

১৭ আগষ্টত গন্তব্যস্থানৰ দিশেৰে আৰু এখোজ আগুৱাই যায় চন্দ্ৰযান-৩৷ মূল মহাকাশযানৰ পৰা সেইদিনাই বিচ্ছিন্ন হয় লেণ্ডাৰ বিক্ৰম৷ অৰ্থাঞ আনুষ্ঠানিকভাৱে চন্দ্ৰপৃষ্ঠত অৱতৰণৰ প্ৰক্ৰিয়া আৰম্ভ হয় ১৭ আগষ্ঠতেই৷ ৰোভাৰ প্ৰজ্ঞানক বুকুত সাবটি ধীৰে ধীৰে চন্দ্ৰপৃষ্ঠত নামিবলৈ ধৰে লেণ্ডাৰ বিক্ৰম৷ প্রাথমিকভাৱে চন্দ্ৰপৃষ্ঠৰ পৰা ৩০ কিঃমিঃ ওপৰৰ কক্ষপথত অৱস্থান কৰিছিল বিক্ৰমে৷ ইয়াৰপাছতেই চন্দ্ৰৰ দক্ষিণ মেৰুৰ দুৰ্গম ঠাইত সমতল বিচাৰি লাহে লাহে তললৈ নামি আছিল বিক্ৰম৷ মসৃণ ঠাই বিচাৰি দক্ষিণ মেৰুত ঘূৰি আছিল বিক্ৰম৷ ঠাই বিচাৰিয়েই কেইবাটাও দিন পাৰ হয় বিক্ৰমৰ৷ ইয়াৰ মাজতেই চন্দ্ৰপৃষ্ঠৰ ছবি তুলি আকৌ ইছৰোলৈ পঠিয়ালে বিক্ৰমে৷ ফটো পাই সাহ দুগুণে বৃদ্ধি পালে বিজ্ঞানীসকলৰ৷ ২৩ আগষ্টত ৰোভাৰ প্ৰজ্ঞানক লৈ চন্দ্ৰপৃষ্ঠত সফল লেণ্ডিং কৰিলে বিক্ৰমে৷ চাৰি বছৰ পূৰ্বে এই সময়ছোৱাতেই বিফল হৈছিল চন্দ্ৰযান-২৷ ইছৰোৰ বিজ্ঞানীয়ে পৰিকল্পনা অনুসৰিয়েই বুধবাৰে সন্ধিয়া ৬বাজি ৪ মিনিটত চন্দ্ৰত ভৰি থৈ ইতিহাস ৰচিলে৷ সামাজিক মাধ্যম এতিয়া ভৰি পৰিছে জনতাৰ শুভেচ্ছা বাৰ্তাৰে৷ সকলোৱেই শুভেচ্ছা জনাইছে ইছৰোৰ দলক৷ বিজ্ঞানীৰ দলটোৱেই উৎকণ্ঠাৰ অৱসান ঘটাই চন্দ্ৰযানে সফল অৱতৰণ কৰাত চকুলো টুকিছে৷ এই চকুলো আনন্দৰ চকুলো৷ এই চকুলো তৃপ্তিৰ চকুলো৷ এই চকুলো আত্মবিশ্বাসৰ চকুলো৷ এই কান্দোন তৃতীয় বিশ্বৰ এখন দেশে চন্দ্ৰটোক হাতৰ মুঠিলৈ অনাৰ আনন্দৰ চকুলো৷ জগতসভাত শ্ৰেষ্ঠ আসনত বহুওৱাৰ এই কান্দোন৷ ইছৰোৰ প্ৰতিগৰাকী বিজ্ঞানীলৈ আমাৰ তৰফৰ পৰাও চেল্যুট৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং
বিনোদন

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

March 27, 2026
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক
জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
Next Post
১৭মাহ ধৰি দৰমহা নাই, দৰমহা অবিহনেই চন্দ্ৰযান উৎক্ষেপণৰ বাবে দিনে নিশাই কাম কৰিছিল কেইবাশ অভিযন্তাই, কিন্তু দৰমহা নোপোৱা অভিযন্তাসকল ইছৰোৰ নে?

১৭মাহ ধৰি দৰমহা নাই, দৰমহা অবিহনেই চন্দ্ৰযান উৎক্ষেপণৰ বাবে দিনে নিশাই কাম কৰিছিল কেইবাশ অভিযন্তাই, কিন্তু দৰমহা নোপোৱা অভিযন্তাসকল ইছৰোৰ নে?

‘ৰোমাঞ্চিত হৈছো…’, চন্দ্ৰযান-৩ সাফল্যৰ পাছতেই ইছৰো প্ৰধানলৈ ছোনীয়া গান্ধীৰ বিশেষ চিঠি, চিঠিত কি লিখিছে ছোনীয়া গান্ধীয়ে?

'ৰোমাঞ্চিত হৈছো...’, চন্দ্ৰযান-৩ সাফল্যৰ পাছতেই ইছৰো প্ৰধানলৈ ছোনীয়া গান্ধীৰ বিশেষ চিঠি, চিঠিত কি লিখিছে ছোনীয়া গান্ধীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.