অসম লাইভ২৪ঃ ভাৰতে G-20ৰ অধ্যক্ষতাৰ দায়িত্বভাৰ লোৱাৰ পাছত প্ৰথমবাৰৰ বাবে আমাৰ দেশত অনুষ্ঠিত হ’ব G-20ৰ শীৰ্ষ সন্মিলন৷ সন্মিলনৰ বাবে ইতিমধ্যে সাজু কৰি তোলা হৈছে নতুন দিল্লীৰ কেবাটাও বিশেষ স্থল৷
৯ ছেপ্টেম্বৰৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল নতুন দিল্লীত অনুষ্ঠিত হ’ব G-20ৰ শীৰ্ষ সন্মিলন। দিল্লীৰ ভাৰত মণ্ডপমত বিশ্বৰ শীৰ্ষ নেতাসকলে মিলিত হব G-20ৰ শীৰ্ষ সন্মিলনত। সন্মিলনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে কেন্দ্ৰ চৰকাৰে। ইয়াৰ মাজতে সৰৱ চৰ্চালৈ আহিছে প্ৰতিনিধিবৰ্গৰ যাতায়তৰ বাবে ব্যৱহাৰ হ’বলগীয়া গাড়ীৰ কনভয়ৰ প্ৰসংগ৷ সকলোৰে জ্ঞাত যে, ভাৰতত চলাচল কৰা বাহনসমূহৰ ষ্টেয়াৰিং সোঁফালে থাকে৷ কিন্তু G-20ৰ সন্মিলনৰ বাবে আহিবলগীয়া প্ৰতিনিধিবৰ্গৰ অধিকসংখ্যকৰ বাবে ব্যৱহাৰ হ’ব বাঁওফালে ষ্টেয়াৰিং থকা বিশেষ বাহন৷দিল্লী আৰক্ষীয়ে ইতিমধ্যে এইসমূহ বাহন চালনাৰ বাবে লাভ কৰিছে বিশেষ প্ৰশিক্ষণো৷
G-20ৰ সন্মিলনত অংশগ্ৰহণ কৰিব মুঠ ২৯ গৰাকী ভিভিআইপিকে ধৰি অন্যান্য ৰাষ্ট্ৰপ্ৰধানসকলে৷ এইসমূহ প্ৰতিনিধিৰ গাড়ীৰ কনভয়ৰ নিৰাপত্তাৰ দিশটোতো দিয়া হৈছে বিশেষ গুৰুত্ব৷ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ নিৰাপত্তা এজেন্সীসমূহৰ বিশেষভাৱে প্ৰশিক্ষিত ক’মাণ্ডোকে ধৰি জোৱানসকলৰ নিৰীক্ষণত থাকিব ৰাষ্ট্ৰপ্ৰধানসকলৰ নিৰাপত্তা৷ ৰাষ্ট্ৰপ্ৰধানসকলৰ বাবে বিশেষভাৱে সাজু কৰি তোলা এই কনভয়ত কোনোৱেই আক্ৰমণ সংঘটিত কৰিব নোৱাৰিব৷ প্ৰতিটো কনভয়ত তিনিখন বাহন ৰাষ্ট্ৰপ্ৰধানৰ বাবে থাকিব৷ তদুপৰি ৰাষ্ট্ৰপ্ৰধানৰ বাহনৰ সমান্তৰালে আগবাঢ়িব পাইলট কাৰ, সুৰক্ষা কাৰ, নেটৱৰ্ক জেমাৰ কাৰ আৰু এম্বুলেন্স৷ আহিবলগীয়া ৰাষ্ট্ৰপ্রধানসকলৰ বাবে বায়ুসেনাৰ হিন্দন বিমানবন্দৰ, গাজিয়াবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক কটকটীয়া নিৰাপত্তাৰে সাজু কৰি তোলা হৈছে৷ তাৰ পৰাই নতুন দিল্লীৰ বিভিন্ন হোটেললৈ এইদৰে কনভয়ৰ দ্বাৰা লৈ অনা হ’ব ৰাষ্ট্ৰপ্ৰধানসকলক৷
অহা ৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’ব G-20ৰ শীৰ্ষ সন্মিলন৷ ভাৰতৰ অধ্যক্ষতাত হ’বলগীয়া এই শীৰ্ষ সন্মিলনত সমগ্ৰ বিশ্বৰে দৃষ্টি নিবদ্ধ থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ