যাত্ৰীবাহী ৰে’লত ঘোঁৰা উঠাই গ্ৰেপ্তাৰ হৈছে এজন লোক৷ যোৱা বৃহস্পতিবাৰে ঘোঁৰাৰ গৰাকীজনক গ্ৰেপ্তাৰ কৰিছে ৰে’ল আৰক্ষীয়ে৷
এই ঘটনাটো পশ্চিমবংগত সংঘটিত হৈছে৷ ঘটনাৰ বিৱৰণীৰ মতে যোৱা বুধবাৰে গফুৰ মোল্লা গফৰ নামৰ লোকজনে এটা ঘোঁৰা এখন যাত্ৰীবাহী লোকেল ৰে’লত উঠাই যাত্ৰা কৰিছিল৷
বুধবাৰে নিশা এক ঘোঁৰা দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ঘৰলৈ ওভতাৰ পথত লোকজনে ঘোঁৰাটো যাত্ৰীবাহী ৰে’লখনত উঠাই লয়৷
লগতে পঢ়ক গুৱাহাটীৰ ‘ৰঙালী’ত প্ৰাক-বিহু উদযাপন কৰিব বলিউদৰ অভিনেত্ৰী শ্ৰুতি হাছানে
যাত্ৰীসকলে আপত্তি কৰিছিল যদিও লোকজনে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷ ইফালে ৰে’লখনৰ যাত্ৰীসকলে তদাৰকী ৰে’ল আৰক্ষীও ঘটনাটোক গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে৷
লোকজনে শিয়ালদহ পশ্চিম দুৰ্গাপূৰ ৰে’ল ষ্টেচন পৰা প্ৰায় ২৩ কিলোমিটাৰ যাত্ৰা কৰাৰ পিছত যাত্ৰীবাহী ৰে’লখনৰ পৰা ঘোঁৰাটোসহ নামি যায়৷ ইয়াৰ পিছতে গফৰৰ বিৰুদ্ধে ৰে’ল ষ্টেচনত যাত্ৰীসকলে অভিযোগ দাখিল কৰে৷ এই অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে তৎপৰ হৈ গফুৰ মোল্লা গফৰক গ্ৰেপ্তাৰ কৰে৷
লগতে পঢ়ক কেন্দ্ৰই পংগু কৰিব মহাৰাষ্ট্ৰক : মুম্বাইক মহাৰাষ্ট্ৰৰ পৰা পৃথক কৰিব কেন্দ্ৰই!
ইফালে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে ৰে’লৰ মুখ্য জনসংযোগ বিষয়া একলব্য চক্ৰৱৰ্তীয়ে কয় যে ৰে’ল আইনৰ ১৪৫, ১৪৭ আৰু ১৫১ নম্বৰ ধাৰাৰ অধীনত গফুৰ মোল্লা গফৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে৷ উক্ত অভিযোগৰ ভিত্তিতে গফৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷
উল্লেখ্য যে যাত্ৰীবাহী ৰে’লত জীৱ জন্তু উঠোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ৷ অৱশ্যে পোহনীয়া কুকুৰ আৰু মেকুৰীক প্ৰথম শ্ৰেণীৰ দবাত উঠোৱাৰ অনুমতি আছে৷ নিৰ্দিষ্ট নিয়মৰ মাজেৰে মালবাহী ৰে’লতহে জন্তু উঠাব পাৰি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ