বলিউদৰ মোহময়ী অভিনেত্ৰী, কণ্ঠশিল্পী তথা দক্ষিণৰ প্ৰসিদ্ধ অভিনেতা কমল হাছানৰ কন্যা শ্ৰুতি হাছানে গুৱাহাটীৰ ৰঙালীত উপস্থিত থাকিব৷ গুৱাহাটীত এইবাৰ ৰঙালীত প্ৰাক-বিহু উদযাপন কৰিব বলিউদৰ অভিনেত্ৰীগৰাকীয়ে৷
এক ভিডিঅ’যোগে অভিনেত্ৰীগৰাকীয়ে শনিবাৰে অৰ্থাৎ ৯ এপ্ৰিলৰ সন্ধিয়া ‘ৰঙালী’ত উপস্থিত থাকিব বুলি প্ৰকাশ কৰিছে৷
লগতে পঢ়ক গভীৰৰ সাগৰৰ মাজত কোনে ধৰিলে বেবী ড্ৰেগন?
উল্লেখ্য যে অসমৰ গুৱাহাটীৰ যুৱক ডুডল আৰ্টিষ্ট আৰু ইলাষ্ট্ৰেটৰ শান্তনু হাজৰিকাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আৱদ্ধ হৈ আছে দক্ষিণ তথা বলিউদৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে৷ ইতিমধ্যে সামাজিক মাধ্যমৰ যোগেদি দুয়ো তেওঁলোকে প্ৰেমৰ সম্পৰ্কত থকাৰ কথা ৰাজহুৱা কৰিছে৷
ইফালে মুম্বাইসহ দক্ষিণৰ বিভিন্ন চহৰত প্ৰেমিক শান্তনু হাজৰিকাৰ সৈতে শ্ৰুতি হাছানক প্ৰায়ে দেখা যায়৷ সামাজিক মাধ্যমত শ্ৰুতি হাছানে ‘জয় আই অসম’ ধ্বনি আওৰাই থকা ভিডিঅ’ মাজে মাজে ভাইৰেল হৈ থাকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ