ৰাজনৈতিক অস্থিৰতাত উৱাদিহ নোপোৱা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে এইবাৰ ভাৰতৰ প্ৰশংসাত গদগদ হোৱা পৰিলক্ষিত হৈছে৷ শুকুৰবাৰে দেশবাসীক সম্বোধি দিয়া এক ভাষণ প্ৰসংগত ভাৰতক বিশ্বৰ এক নম্বৰ ছুপাৰ পাৱাৰ বুলিও অভিহিত কৰা দেখা গ’ল৷
অনাস্থা প্ৰস্তাৱৰ পূৰ্বে দেশৰ নেচনেল এচেম্বলীত ভংগ কৰি দি নিজৰ গাদী ৰক্ষা কৰিবলৈ চেষ্টা কৰি দেশখনৰ উচ্চতম ন্যায়ালয়ৰ সমালোচনাৰ সন্মুখীন হোৱা পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে ইয়াৰ পূৰ্বে ভাৰতক তীব্ৰ ভাষাৰে সমালোচনা কৰি আহিছিল৷
কিন্তু, ক্ষমতা হেৰুওৱাৰ আশংকতা উৱাদিহ নোপোৱা পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবাৰ ভাৰতক প্ৰশংসাৰে ওপচাই পেলাই লগতে আৰু কয় যে পাকিস্তানে নিজৰ আত্মসন্মান ৰক্ষা কৰিবলৈকে ভাৰতৰ পৰা বহু কথা শিকিবলৈ আছে৷
লগতে পঢ়ক কেন্দ্ৰই পংগু কৰিব মহাৰাষ্ট্ৰক : মুম্বাইক মহাৰাষ্ট্ৰৰ পৰা পৃথক কৰিব কেন্দ্ৰই!
‘‘পাকিস্তানে ভাৰতৰ পৰা শিকিবলগীয়া আছে৷ বিশ্বৰ কোনো দেশই ভাৰতক শ্ৰুতলিপি শুনাব নোৱাৰে৷’’ পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে কয়৷
ইমানেই নহয় কোনো ছুপাৰ পাৱাৰেই ভাৰতক ৰাছিয়া-ইউক্ৰেইন যুদ্ধত কোনো এখন দেশক সমৰ্থন অথবা বিৰোধ কৰিবলৈ বাধ্য কৰোৱাৰ শক্তি নাই৷
ভাৰতৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভালপোৱা থকা বুলি উল্লেখ কৰি পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে লতে কয় যে পাক-ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক অৱনতিৰ বাবে তেওঁক দুখ দিয়া বুলিও স্পষ্ট ভাষাৰে কয়৷
লগতে পঢ়ক গভীৰৰ সাগৰৰ মাজত কোনে ধৰিলে বেবী ড্ৰেগন?
প্ৰধানমন্ত্ৰী ইমৰাণ খানে আৰু কয় যে ভাৰতৰ অহংকাৰ কৰিব পৰাকৈ আত্মসন্মান আছে আৰু কোনো বিদেশী শক্তিয়ে তেওঁলোকৰ বৈদেশিকক নীতিক হস্ততক্ষেপ বা ক্ষতি কৰিবলৈ সাহস কৰিব নোৱাৰে৷
‘‘মই কোনো দেশৰ বিপক্ষে নাই, কিন্তু মই মোৰ দেশৰ মানুহক কোনো শক্তিধৰ ৰাষ্ট্ৰৰ ওচৰত বিক্ৰী কৰিবলৈ সাজু নহয়৷ সন্ত্ৰাসবাদ আৰু অন্যায় বিৰোধী মোৰ যুঁজ মই অব্যাহত ৰাখিম৷’’ প্ৰধানমন্ত্ৰী ইমৰাণ খানে কয়৷
ইফালে পাকিস্তানৰ আভ্যন্তৰীণ বিষয়ত কোনো শক্তিধৰ ৰাষ্ট্ৰই হস্তক্ষেপ কৰাৰ অভিযোগ কৰি ইমৰাণ খানে লগতে কয় যে ‘‘তোমালোকৰ দেশৰ সাৰ্বভৌমত্ব তোমালোকৰ হাতত আছে৷ ইয়াক তোমালোকেই ৰক্ষা কৰিব লাগিব৷’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ