অসম লাইভ২৪ঃ ভাদমাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিত সুখ-সমৃদ্ধিৰ দেৱতা গণেশৰ জন্ম৷ প্ৰতি বছৰেই এই তিথিত গণেশ পূজা উদযাপন কৰা হয়৷ চতুৰ্থী তিথিৰ পৰা আৰম্ভ কৰি অনন্ত চতুৰ্দশী পৰ্যন্ত ১০ দিন গণেশ পূজা পালন কৰে দেশৰ বহু অঞ্চলৰ বাসিন্দাই৷ ঘৰতো বহুতেই গণেশ পূজা পালন কৰে৷ চলিত বছৰ গণেশ চতুৰ্থী কেতিয়া পালন কৰা হ’ব? কি কি নিয়ম মানি মূৰ্তি স্থাপন কৰাটো শুভ?
এইবাৰ ভাদ মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথি আৰম্ভ হ’ব ১৮ ছেপ্টেম্বৰৰ দুপৰীয়া ২ বাজি ৯ মিনিটৰ পৰা৷ চতুৰ্থী তিথি সমাপ্ত হ’ব ১৯ ছেপ্টেম্বৰ দুপৰীয়া ৩ বাজি ১৩ মিনিটত৷ দেশৰ প্ৰায়সংখ্যকেই উদয়া তিথি মানি ১৯ ছেপ্টেম্বৰত গণেশ চতুৰ্থী পালন কৰিব৷ গণেশক প্ৰতিষ্টা কৰাৰ শুভক্ষণ ১৯ ছেপ্টেম্বৰৰ পুৱা ১১ বাজি ৭ মিনিটৰ পৰা দুপৰীয়া ১ বাজি ৩৮ মিনিট পৰ্যন্ত থাকিব৷ এই সময়ৰ মাজত ঘৰত বা সামূহিকভাৱে উদযাপন কৰাসকলে গণেশৰ মূৰ্তি প্ৰতিষ্ঠা কৰিব৷
গণেশ প্ৰতিষ্ঠাৰ নিয়ম
গণেশ চতুৰ্থীৰ পুৱা গা ধুই পৰিস্কাৰ পোছাক পৰিধান কৰিব৷ ইয়াৰপাছতেই কপাঁলত তিলক ল’ব৷ পূব দিশেৰে মুখ কৰি আসন কৰিব৷ কাঠৰ চকি, গম বা মুগুৰ ওপৰত এখন ৰঙা কাপোৰ বান্ধি গণেশৰ মূৰ্তি প্ৰতিষ্ঠা কৰিব৷ গণেশৰ বাওঁফালে ঋষি-সিদ্ধিৰ প্ৰতীক হিচাপে এটা চুপাৰী থ’ব পাৰে৷
গণেশ চতুৰ্থী পূজাৰ নিয়ম গণেশ চতুৰ্থীৰ পুৱা ঘৰৰ উত্তৰ, পূব বা উত্তৰ-পুৱ দিশত গণেশৰ প্ৰতিমা স্থাপন কৰিব৷ পূজা কৰাৰ পূৰ্বে সমূহ সামগ্ৰী যোগাৰ কৰি লওক৷ মূৰ্তি স্থাপনৰ পূৱ দিশত ঘট ৰাখিব৷ দক্ষিণ-পূৱ দিশত প্ৰদীপ জ্বলাব৷ নিজৰ শৰীৰতো পানী ছটিয়াই ঔম পুণ্ডৰীকাক্ষায় নমঃ মন্ত্ৰ জপ কৰি গণেশক প্ৰণাম কৰিব৷ হাতত সুগন্ধি ফুল আৰু ধুণাবাতি লৈ গণেশক পূজা কৰিব৷ পূজাৰ আৰম্ভণিৰ পৰা শেষ পৰ্যন্ত ওম শ্রী গণেশায় নমঃ বা ওম গং গণপতয়ে নমঃ মন্ত্র জপ কৰিব৷ আসনৰ পাছত গণেশক স্নান কৰাওক৷ এই ক্ষেত্ৰত পঞ্চামৃতেৰে স্নান কৰোৱাটো ভাল৷ সম্ভৱ নহ’লে কেৱল পানীৰেই স্নান কৰাওক৷ ইয়াৰ পাছতেই বস্ত্ৰ, চন্দন, অক্ষত, ধূপ, দীপ, নৈবদ্য, ফল নিবেদন কৰক৷ শেষত গণেশৰ আৰতি কৰিহে পূজা সামৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ