মাতৃৰ বিয়োগৰ পাছত ৫ বছৰে ধৰি কন্যাৰ সৈতে সংঘটিত হৈছিল এই, পলাই ন্যায়ালয়ৰ কাষ চপাত হে পোহৰলৈ
দ্বিতীয় বাৰৰ বাবে কন্যা গা ভাৰী হোৱাত হে পোহৰলৈ আহে ৫ বছৰে ধৰি কন্যাৰ সৈতে সংঘটিত হোৱা সকলো কাণ্ড। কোনোমতে ঘৰৰ পৰা পলাই আহি উপস্থিত হৈছিল ন্যায়ালয়ত। সকলো কোৱাত ন্যায়ালয়ত উপস্থিত সকলো হতচকিত হৈ পৰে।
১৩ বছৰ বসত মাতৃৰ কোনো বেমাৰত আক্ৰান্ত হৈ মৃত্যু হয়। তাৰ পাছতে ১৪ বছৰ বয়সৰ পৰা কন্যাৰ সৈতে পিতৃয়ে কৰি গৈছিল নিকৃষ্ট কাণ্ড। যাৰ ফলত এবাৰ নহয়, দুবাৰকৈ গৰ্ভৱতী হৈছিল কন্যা।
এই নিকৃষ্ট ঘটনা সংঘটিত হৈছে দেশৰ ৰাজধানী দিল্লীৰ কাষৰ গাজিয়াবাদত। পিতৃৰ বৰ্বৰতাৰ এক চাঞ্চল্যকৰ গোচৰ পোহৰলৈ আহিছে। এজন পিতৃয়ে ৫ বছৰ ধৰি নিজৰ কন্যাক ধৰ্ষণ কৰি আহিছিল। ঘৰৰ বাহিৰলৈ ওলাই যাব নোৱাৰাকৈ কন্যাৰ চুলি কাটি দিছিল।
কেৱল সিমানেই নহয় প্ৰথমবাৰ গৰ্ভৱতী হোৱাত গৰ্ভপাতো কৰাইছিল পৰিয়ালৰ লোকেই। এইবাৰ দ্বিতীয়বাৰৰ বাবে গৰ্ভধাৰণ। ১৬ এপ্ৰিল তাৰিখে ঘৰৰ পৰা কোনোমতে পলাই গৈ ৰে’ল ষ্টেছনত নিশাটো কটাই পুৱাই উপস্থিত হৈছিল গাজিয়াবাদ ন্যায়ালয়ত।
কিয়নো আৰক্ষীৰ ওপৰৰ পৰাও বিশ্বাস হেৰুৱাই পেলাইছিল ভুক্তভোগীয়ে। পিতৃয়ে কৰা কাণ্ডৰ ভিডিঅ কৰি পৰিয়ালৰ খুৰাক খুৰিয়েক, ভায়েক হতক সকলো খুলি কৈছিল। খুৰিয়েকৰ সৈতে লগ লাগি আৰক্ষীৰো কাষ চাপিছিল। পাছে টকা-পইচা দি পৰিয়ালৰ অন্য লোকে সেই কেচ উঠাই লৈ কন্যাক পুনৰ উভতাই আনিছিল ঘৰলৈ। সেয়ে দ্বিতীয়বাৰৰ বাবে গৰ্ভৱতী হোৱাত এইবাৰ নিজে পলাই গৈ কাষ চাপে ন্যায়ালয়ৰ।
ন্যায়ালয়ৰ হস্তক্ষেপত হে গোচৰ ৰুজু হয় আৰু আৰক্ষীয়ে পিতৃ- খুৰাক আৰু ভায়েকক ঘটনা সংক্ৰান্তত আটক কৰে । আই পি চি ধাৰা ৩৭৬, ৩৭৭, ৩২৩, ৫০৪, ৫০৬, ৩১৩, ১২০বি আৰু পোচকো এক্টৰ অধীনত ৬জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ