অতিথিসকলক হাতযোৰ কৰি স্বাগত জনাইছে৷ ভাৰততহে এই প্ৰথা চিৰচাৰিত৷ কিন্তু অন্য দেশৰ কোনো ৰাষ্ট্ৰপ্রধানে যদি এইদৰে স্বাগত জনাই তেন্তে সেই কথা নিশ্চিতভাৱে চৰ্চাৰ বিষয়৷ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিয়ে হাতযোৰ কৰি স্বাগত জনোৱাৰ ছবি এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে৷ কৌতুহল বাঢ়িছে জৰ্জিয়া মেলোনিক লৈ৷ ভাৰতৰ সৈতে তেওঁৰ কিবা সংযোগ আছে নেকি সেই বিষয়টোক লৈয়ো চলিচে চৰ্চা৷ প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে কি কৰিছিল মেলোনিয়ে?
১৩ জুন তাৰিখে ইটালীৰ আপুলিয়াত আৰম্ভ হৈছিল ৫০সংখ্যক জি-৭ সন্মিলন৷ ১৫ জুন পৰ্যন্ত এই সন্মিলন চলিছে৷ এই সন্মিলনত যোগ দিবলৈকে ইটালীলৈ যাত্ৰা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ সেই সন্মিনৰ পূৰ্বে ৰাষ্ট্ৰপ্ৰধানসকলক হাতযোৰ কৰি স্বাগত জনাইছে ইটালীৰ প্ৰধানমন্ত্ৰী মেলোনিয়ে৷
১৯৭৭ চনৰ ১৫ জানুৱাৰীত ৰোমত জন্মগ্ৰহণ কৰিছিল মেলোনিয়ে৷ তেওঁৰ পিতৃৰ নাম ফ্ৰান্সেছকো মেলোনি৷ তেওঁৰ মাতৃৰ নাম আন্যা৷ মেলোনিৰ যেতিয়া বয়স ১ বছৰ তেতিয়াই ফ্ৰান্সেছকোয়ে তেওঁলোকক এৰি স্পেইনলৈ গুচি যায়৷ স্পেইনলৈ গৈ দ্বিতীয়বাৰ বিয়াত বহে মেলোনিৰ পিতৃ৷ মেলোনিৰ পিতৃ ইটালিয়ান কমিউনিষ্ট পাৰ্টীৰ সমৰ্থক আছিল৷ ১৯৯৫ চনত মাদক সৰবৰাহৰ অভিযোগত ৯ বছৰৰ কাৰাদণ্ডও বিহা হৈছিল ফ্ৰান্সেছকোক৷ মেলোনিৰ সৈতে তেওঁ শেষবাৰ যোগাযোগ কৰিছিল ২০০৬ চনত৷
১৯৯২ চনত মাত্ৰ ১৫ বছৰ বয়সতে ইটালিয়ান ছচিয়েল মুভমেণ্টৰ ইউথ ফ্ৰণ্টক সদস্য হৈছিল মেলোনি৷ ১৯৯৫ চনত দলটোৱে তেওঁলোকৰ অস্তিত্ব হেৰুৱাই৷ ৰাজনীতিৰ ওপৰিও এইসময়ত পঢ়াশুনাও চলাই গৈছিল মেলোনিয়ে৷ ১৯৯৬ চনত তেওঁ স্নাতক হয়৷
MSI বিলুপ্ত হোৱাৰ পাছতেই নেশ্ব্যনেল এলায়েন্সত যোগ দিয়ে মেলোনিয়ে৷ ২০০৬ চনত ইটালীৰ সাধাৰণ নিৰ্বাচনত জয়ী হৈ তেওঁ চেম্বাৰ অৱ ডেপুটিজ নিৰ্বাচিত হয়৷ ইয়াৰ সৈতে তেওঁ সেই বছৰেই সাংবাদিক হিচাপে কাম আৰম্ভ কৰে৷ ২০০৮ চনত মাত্ৰ ৩১ বছৰ বয়সত ইটালীৰ যুৱ মন্ত্ৰালয়ৰ মন্ত্ৰী হয় তেওঁ৷ ইটালীৰ ইতিহাসত দ্বিতীয় কনিষ্ঠতন মন্ত্ৰী হয় মেলোনি৷ ২০১১ চনৰ নৱেম্বৰত ইটালীৰ প্ৰধানমন্ত্ৰী পদৰ পৰা ছিলভিও বাৰ্লুছকোনিয়ে পদত্যাগ কৰাৰ পাছতেই সেই আসনত বহে মেলোনি৷
২০০৯ চনৰ পৰা ২০১২ চন পৰ্যন্ত দ্যা পিপল অৱ ফ্ৰিডম পাৰ্টীৰ তেওঁ সদস্য আছিল৷ ২০১২ চনৰ ডিচেম্বৰত দ্যা পিপল অৱ ফ্ৰিডম পাৰ্টী ভাঙি ব্ৰাদাৰ্ছ অৱ ইটালী গঠন কৰে মেলোনিয়ে৷ এই মুহূৰ্তত সোঁপন্থী ব্ৰাদাৰ্ছ অৱ ইটালী দলৰ প্ৰেছিডেণ্ট মেলোনি৷ ২০২২ চনত ইটালিৰ সাধাৰণ নিৰ্বাচনত জোটসংগীক লৈ বিশেষ উত্থান হয় মেলোনিৰ ব্ৰাদাৰ্ছ অৱ ইটালীয়ে৷ তাৰপাছতেই ইটালিৰ প্ৰধানমন্ত্ৰী হিচাপে ২০২২ চনৰ ২২ অক্টোবৰত শপত গ্ৰহণ কৰে৷ মেলোনিয়ে ইটালিৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী৷
প্ৰায় ১০ বছৰ টেলিভিছন সাংবাদিক আন্দ্ৰে জিয়ামব্ৰুণৰ সৈতে সম্পৰ্ক আছিল মেলোনিৰ৷ ২০১৪ চনত টিভি ষ্টুডিঅ’ত প্ৰথম সাক্ষাৎ হৈছিল দুয়োৰে৷ তাৰপিছতেই দুয়োৰে জীৱনলৈ আহে এগৰাকী কন্যা সন্তান৷ ২০২৩ চনৰ অক্টোবৰত প্ৰায় ১০ বছৰৰ সম্পৰ্ক ভাঙে আন্দ্ৰেৰ একাধিক যৌনগন্ধী মন্তব্যৰ পাছতেই৷ আন্দ্ৰেৰ এক অনুষ্ঠানত এটা ভিডিঅ’ও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল৷ সেই ভিডিঅ’ত তেওঁ মহিলা সহকৰ্মীৰ প্ৰতি অশ্লীন মন্তব্য কৰা শুনা গৈছিল আন্দ্ৰেক৷ সেই মহিলা সহকৰ্মীক আন্দ্ৰেই কৈছিল, ‘আপোনাৰ সৈতে কিয় যে আগতে পৰিচয় নহ’ল মোৰ!’
সেই ভিডিঅ’ ক্লিপেই নহয় অডিঅ’ও ভাইৰেল হৈ পৰিছিল৷ তাত মহিলা সহকৰ্মীসকলক গ্ৰুপত চেক্সৰ প্ৰস্তান দিয়াৰ অডিঅ’ ভাইৰেল হৈ পৰিছিল৷ তাৰপাছতেই দহ বছৰৰ পাৰ্টনাৰৰ সৈতে সম্পৰ্ক ছেদ কৰে মেলোনিয়ে৷
৪৭ বছৰীয়া মেলোনি এগৰাকী খ্ৰীষ্টিয়ান আৰু কনজাৰভেটিভ৷ জি-৭ সন্মিলনত তেওঁক হাতযোৰ কৰি নমস্কাৰ কৰা এখন ছবি ভাইৰেল হৈ যায়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-৭ সন্মিলনৰ মাজতেই মেলোনিৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰে৷ প্ৰধানমন্ত্ৰীৰ অফিচৰ তৰফৰ পৰা জনোৱা অনুসৰি তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে মোদীক শুভেচ্ছাও জনাইছিল মেলোনিয়ে৷ অন্যহাতে জি-৭ সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ বাবে মেলোনিক ধন্যবাদ জনাইছে মোদীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ