পুনৰ হিমস্খলনত কঁপি উঠিল উত্তৰাখণ্ড, ৫৭ শ্ৰমিক বৰফৰ মাজত আৱদ্ধ
উত্তৰাখণ্ডত তুষাৰপাতৰ মাজতে শুকুৰবাৰে ভাৰত-চীন (তিব্বত) সীমান্তৱৰ্তী অঞ্চলৰ মানা কেম্পৰ সমীপত এক বৃহৎ হিমস্খলন সংঘটিত হয়। যাৰ ফলত সেই স্থানত নিৰ্মাণ কাৰ্য্যত নিয়োজিত ৫৭ জন শ্ৰমিক খহি পৰা বৰফৰ তলত পোত যায়।
খবৰ লাভৰ লগে লগে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰ্য আৰম্ভ কৰে। এই পৰ্যন্ত ১০ জন শ্ৰমিকক সুকলমে উদ্ধাৰ কৰা হৈছে। আনহাতে আই টি বি পি আৰু সেনাৰ সহায়ত আন তিনিজন লোকক সেনা চিকিৎসালয়লৈ লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।
অঞ্চলটোৰ বেয়া বতৰৰ বাবে যোগাযোগ সেৱাও ব্যাহত হৈছে। চামোলী জিলা দণ্ডাধীশে জনোৱা মতে, মানা আৰু মানা পাছৰ মাজত হোৱা হিমস্খলনৰ তলত শ্ৰমিক আৱদ্ধ হোৱাৰ খবৰ পোৱা গৈছে।
বায়ুসেনাৰ পৰা সহায় বিচৰা হৈছে। সেনা আৰু আইটিবিপিয়ে উদ্ধাৰ অভিযানত লিপ্ত হৈছে। এন ডি আৰ এফৰ দলকো স্থানান্তৰ কৰা হৈছে ঘটনাস্থলীলৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ