কাশ্মীৰৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে ভিৰ কৰিছে কাশ্মীৰ৷ তেনে সময়তেই সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ পৰিছে পৰ্যটক৷ নিৰীহ পৰ্যটকৰ ওপৰত জঁপিয়াই পৰিছে সন্ত্ৰাসবাদী৷ পহেলগাওঁত বৰ্তমানলৈকে ২৮ গৰাকী পৰ্যটকে হেৰুৱাইছে প্ৰাণ৷ নিহতসকলৰ ভিতৰত কৰ্ণাটকৰ এজন পৰ্যটকৰ পত্নীৰ ভিডিঅ ভাইৰেল হৈছে সামাজিক মাধ্যমত৷ পত্নীৰ সন্মুখতে গুলিবিদ্ধ হৈ মৃত্যু হৈছে স্বামীৰ৷
ঘটনাক লৈ হতবাক সদ্য স্বামীহাৰা পল্লবী৷ স্বামীৰ নিথৰ দেহৰ কাষত বহি পত্নী পল্লবীয়ে ঘটনাৰ ভয়াৱহ মুহূৰ্তৰ বৰ্ণনা কৰিছে৷ তেওঁ কয়, ‘আমি তিনিজন মানে মই, মোৰ স্বামী আৰু আমাৰ সন্তান কাশ্মীৰ ফুৰিবলৈ আহিছো৷ আজি দুপৰীয়া ডেৰমান বজাত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছে৷ আমিও পহেলগাওঁতেই আছো৷ মোৰ চকুৰ সন্মুখতেই সিঁহতে মোৰ স্বামীক মাৰি পেলালে৷ আমাৰ কি ভুল আছিল? মোৰ স্বামীয়ে কাৰ কি অপকাৰ কৰিছিল?’
পল্লবীয়ে জনাই যে আক্ৰমণৰ পাছতেই স্থানীয় লোকে তেওঁলোকক সহায় কৰিছে৷ স্থানীয় তিনিগৰাকী ব্যক্তিয়ে তেওঁলোকক উদ্ধাৰ কৰে৷ পল্লবীৰ দাবী, আক্ৰমণকাৰীৰ টাৰ্গেট হিন্দু৷ তেওঁ কয়, ‘তিনিৰ পৰা চাৰিজন লোকে আমাৰ ওপৰত আক্ৰমণ চলাইছিল৷ মই তেওঁলোকক কৈছিলো আমাকো মাৰি পেলোৱা ৷ মোৰ স্বামীক মাৰি পেলালা মোক কিয় মৰা নাই? দুষ্কৃতীকাৰীৰ মাজৰে এজনে তেতিয়া মোক কৈছিল, তোমাক নামাৰো৷ যোৱা মোদীক কৈ দিয়া৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















