মূল্যবৃদ্ধিৰ হাতোৰাই কোঙা কৰিছে দেশৰ সাধাৰণ জনতাক। খাদ্যদ্ৰব্যৰ পৰা ইন্ধনলৈ সকলোতে মূল্যবৃদ্ধি। বিবাহৰ বতৰত আকাশলংঘী হৈছে সোণৰ মূল্য। ৭৩ বছৰৰ সোণৰ মূল্যৰ তাৰতম্যই এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। এসময়ত মাত্ৰ ৯৯ টকাত উপলব্ধ আছিল সোণ। আৰু সেই সোণৰ দাম এতিয়া ৬০ হাজাৰ টকাৰো অধিক হৈছে।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এক বিশেষ পোষ্ট। পোষ্টটোত দাঙি ধৰা হৈছে ১৯৫০ চনৰ পৰা ২০২৩ চনলৈকে দহ গ্ৰাম সোণৰ মূল্যৰ হিচাপ। পোষ্টটোত উল্লেখ কৰা অনুসৰি ১৯৫০ চনত দহ গ্ৰাম সোণৰ দাম আছিল ৯৯ টকা। ২০২৩ চনৰ আগষ্ট মাহত সেই দহ গ্ৰাম সোণৰ মূল্য হৈছে ৬০,৩০০ টকা। সোণৰ দামে শতকৰ ঘৰ চুইছিল ১৯৫৯ চনত। দহ গ্ৰাম সোণৰ দৰে হাজাৰৰ ঘৰ অতিক্ৰম কৰিছিল ১৯৮০ চনত। তেনেদৰে ক্ৰমান্বয়ে বৃদ্ধি হৈ হৈ এতিয়া আকাশলংঘী হৈছে সোণৰ মূল্য। ৭৩ বছৰৰ সোণৰ মূল্যৰ তালিকা দেখি এতিয়া দাঁতে ওঠে লাগিছে সৰ্বসাধাৰণৰ।
লক্ষ্যণীয়ভাবে ২০১৯ আৰু ২০২০ চনৰ সোণৰ দামৰ তাৰতম্যই চকু কপালত তুলিছে সকলোৰে। তালিকাখনত উল্লেখ কৰা অনুসৰি ২০১৯ চনত দহ গ্ৰাম সোণৰ মূল্য আছিল ৩৫ হাজাৰ টকা। ২০২০ চনত সেই সোণৰ মূল্য হৈছিলগৈ ৪৮ হাজাৰৰো অধিক। এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কমেণ্টত লিখিছে, ‘২০১৯ আৰু ২০২০ চনৰ পাৰ্থক্য চাওক’।
সামাজিক মাধ্যমত মুহূৰ্ততে ভাইৰেল হৈ পৰা পোষ্টটোত ভিন্নজনে কৰিছে ভিন্ন কমেণ্ট। এগৰাকী লোকে লিখিছে, ‘এই মূল্যৰ তালিকাখন চোৱাৰ পাছত অনুশোচনা হৈছে। ২০১৮-১৯ ত মই কিয় ক্ৰয় নকৰিলো।’ আন এগৰাকীয়ে কমেণ্টত লিখিছে, ‘১৯৫০ চনত মই থকা হ’লে আজি মালামাল হ’লোহেঁতেন’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ