২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ বেংক কৰ্মচাৰীৰ তিনিদিনীয়া ধৰ্মঘটৰ সময়ত গ্ৰাহকৰ অসুবিধা দূৰ কৰিবলৈ ৰাজহুৱা খণ্ডৰ বেংকসমূহে এটিএমৰ চাৰ্জ ৰেহাই দিছে। ষ্টেট বেংক অৱ ইণ্ডিয়া (এছবিআই), পঞ্জাব নেচনেল বেংক (পিএনবি), বেংক অৱ বৰোদা (বিঅ’বি), ইউনিয়ন বেংক অৱ ইণ্ডিয়া (ইউবিআই), ইণ্ডিয়ান বেংক আৰু আন কেইবাটাও ৰাজহুৱা খণ্ডৰ বেংকে (পিএছবি) নিৰ্ধাৰিত বিনামূলীয়া লেনদেনৰ সীমা অতিক্ৰম কৰি এটিএম উলিওৱাৰ বাবে গ্ৰাহকৰ পৰা কোনো মূল্য লোৱা নহয় বুলি প্ৰকাশ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে।
বৰ্তমান আৰ বি আইৰ নিয়ম অনুসৰি চেভিংছ একাউণ্টৰ গ্ৰাহকে তেওঁলোকৰ বেংকৰ এ টি এমৰ পৰা প্ৰতিমাহে পাঁচটা বিনামূলীয়া এ টি এম লেনদেন কৰিব পাৰে। আন বেংকৰ এটিএমত গ্ৰাহকে ছখন মেট্ৰ’ চহৰত তিনিটা আৰু মেট্ৰ’ নথকা স্থানত পাঁচটা বিনামূলীয়া লেনদেন লাভ কৰে। বিনামূলীয়া সীমা পূৰণ হোৱাৰ পিছত বেংকে প্ৰতিটো লেনদেনত ২৩ টকা পৰ্যন্ত জিএছটি যোগ কৰি ল’ব পাৰিব। বেংকৰ মাজত এটিএম আদান-প্ৰদানৰ মাচুল বৰ্তমান বিত্তীয় লেনদেনৰ বাবে ১৯ টকা আৰু অবিত্তীয় লেনদেনৰ বাবে ৭ টকা।
কৰ্মচাৰীসকলৰ মূল দাবী দুটা
বিত্তীয় সেৱা বিভাগ (ডি এফ এছ), ইণ্ডিয়ান বেংক এছ’চিয়েশ্যন (আই বি এ), বেংক পৰিচালনা সমিতিৰ পৰা এই ধৰ্মঘট পিছুৱাই দিবলৈ আহ্বান জনোৱাৰ পিছতো বেংকসমূহে তিনিদিনীয়া ধৰ্মঘটৰ কাৰ্যসূচী আগবঢ়াই নিছে। আঞ্চলিক গ্ৰাম্য বেংক (আৰ আৰ বি)ৰ সমৰ্থিত ইউ এফ বি ইউ আৰু ৰাজহুৱা খণ্ডৰ বেংকৰ (পি এছ বি) আন কিছুমান সংঘ আৰু সংস্থাই দুটা মূল দাবীৰ সমৰ্থনত ধৰ্মঘটৰ আহ্বান জনাইছে— পাঁচ দিনীয়া বেংকিং সপ্তাহ ৰূপায়ণ আৰু পাৰফৰমেন্স লিংকড ইনচেণ্টিভ (পি এল আই) আঁচনি প্ৰত্যাহাৰ কৰা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















