বলীউডৰ গীতত নৃত্য কৰি বিপদত দৰা, কইনাৰ পিতৃয়ে বাতিল কৰিলে বিয়া
ৰাজধানী দিল্লীৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ। এখন বিয়াত বলীউডৰ এটা গীতত নৃত্য কৰি বিপদত পৰিল দৰা। দৰা পক্ষ কইনাৰ ঘৰৰ সমুখত। সকলো দৰ ফালৰ লোকেই ফুৰ্তিতে নাচ-গান কৰি আছিল।
দৰাইয়ো সকলোৰে সৈতে মিলি এপাক নাচে। কিন্তু এই কথাতেই বেয়া পালে কইনাৰ পিতৃয়ে। ইনাৰ পিতৃক পতিয়ন নিয়াবলৈ সকলো প্ৰচেষ্টা চলোৱা হৈছিল যদিও কোনো পধ্যে মান্তি নহয় কইনাৰ পিতৃ। কেৱল বিবাহ বাতিল কৰাত অটল আছিল আৰু শেষত বিয়াখন বাতিল হয়।
তথ্য অনুসৰি দৰাক তেওঁৰ বন্ধুসকলে নাচিবলৈ জোৰ কৰে। যেতিয়া দৰা নাচিবলৈ থিয় হয়, তেতিয়া বলীউডৰ বিখ্যাত গীত ‘চোলি কে পিছে ক্যা হায়’ বাজিবলৈ ধৰে। দৰাজনে বন্ধু-বান্ধৱীৰ সৈতে এই গীতটোৰ ওপৰত নাচিবলৈ ধৰে। বহু অতিথিয়েও দৰাক নাচি থকা দেখি দৰাক উৎসাহিত কৰিছিল যদিও কইনাৰ পিতৃয়ে একেবাৰে ভাল নাপায়।
কইনাৰ পিতৃয়ে দৰাৰ নৃত্য উপযুক্ত নহয় বুলি কোৱাৰ লগে লগে বিয়া বাতিলৰ কথা ঘোষণা কৰে। কইনাৰ পিতৃয়ে দৰাৰ এই আচৰণ পৰিয়ালৰ মূল্যবোধক অপমান বুলি কয়। পিতৃৰ কথা শুনি কইনায়ো কান্দিবলৈ ধৰে। দৰাৰ লগতে কইনায়ো পিতৃক পতিয়ন নিয়াবলৈ চেষ্টা কৰে যদিও তেওঁ মান্তি নহয় আৰু শেষত বিয়া বাতিল হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ