বৈদিক জ্যোতিষত গুৰু গ্ৰহ অৰ্থাৎ বৃহস্পতিক সকলোতকৈ শুভ গ্ৰহ বুলি ধৰা হয়৷ ইয়াক জ্ঞান, অৰ্থ, সন্তান, বিবাহ আৰু ভাগ্যৰ কাৰক বুলি কোৱা হয়৷ এই সময়ত গুৰু মিথুন ৰাশিত বক্ৰী অৱস্থাত আছে আৰু খুবেই দ্ৰুত গতিত চলাফিৰা কৰিছে৷ সেয়ে এই গ্ৰহক অতিচাৰিও বোলা হয়৷ প্ৰথমে য’ত গুৰু এক ৰাশিত প্ৰায় এবছৰ পৰ্যন্ত থাকে তাতেই তাৰ চলাফিৰা এতিয়া এনে হৈ গৈছে যে কম সময়তে একাধিক ৰাশিত গোচৰ কৰিব পাৰে গুৰুৱে৷ মাৰ্চত এক বৃহৎ সালসলনি হব৷ দ্ৰিক পঞ্চাঙ্গ অনুসৰি ১১ মাৰ্চ ২০২৬ৰ পুৱা ৮ বাজি ৫৮ মিনিটত দেৱগুৰু বৃহস্পতিয়ে মিথুন ৰাশিত মাৰ্গী অৰ্থাৎ চিধা পথত থাকিব৷ জ্যোতিষমতে গুৰুৰ এই মাৰ্গী হোৱাৰ প্ৰভাৱ সকলো ৰাশিৰ ওপৰত পৰিলেও ৫ ৰাশিৰ ওপৰত বিশেষভাৱে পৰিব৷
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে এই সময়ে আগুৱাই যোৱাৰ সুযোগ আনি দিব৷ চাকৰিত নতুন দায়িত্ব বা পদোন্নতি লাভৰ সম্ভাৱনা আছে৷ ব্যৱসায়ীসকলৰ সুবিধা হ’ব এই সময়ত৷ পুৰণি বিনিয়োগৰ পৰা লাভ পোৱা যাব৷ পৰিয়ালৰ সংগ পোৱা যাব আৰু আত্মবিশ্বাস বাঢ়িব৷ নতুন পৰিকল্পনাৰ বাবে এই সময় অনুকূল৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকে ভাগ্যৰ সংগ পাব৷ অৰ্থলাভৰ সুযোগ আৰু আৰ্থিক পৰিস্থিতি মজবুত হব৷ ব্যৱসায় আৰু চাকৰিত পদোন্নতি হব৷ ঘৰত শান্তি থাকিব৷ পঢ়াশুনাত নতুন কোনো দক্ষতা শিকাৰ ৰুচি বাঢ়িব৷ ৰৈ থকা কাম ধীৰে ধীৰে সম্পূৰ্ণ হব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতক জাতিকাই কেৰিয়াৰত সুযোগ পাব পাৰে৷ কৰ্মক্ষেত্ৰত সাফল্যই তেওঁলোকৰ মনলৈ আনন্দ আনি দিব৷ ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে৷ সম্পৰ্কৰ উন্নতি হব আৰু পাৰিবাৰিক সুখে বিৰাজ কৰিব৷ পুৰণি অসমাপ্ত কামসমূহ সম্পন্ন কৰাৰ বাবে এইয়া সঠিক সময়৷
ধনু ৰাশি
ধনু ৰাশিৰ বাবে বৃহস্পতিৰ গতিয়ে উল্লেখযোগ্য সুবিধা কঢ়িয়াই আনিব পাৰে৷ কঠোৰ পৰিশ্ৰম ইতিবাচক ফলাফল দিব৷ চাকৰি আৰু ব্যৱসায় উভয় ক্ষেত্ৰতেই লাভৰ সম্ভাৱনা আছে৷ সামাজিক প্ৰতিপত্তি বৃদ্ধি পাব৷ পাৰিবাৰিক সহায়তা পোৱা যাব আৰু ভ্ৰমণৰ সুযোগ তৈয়াৰ হব পাৰে৷ নতুন বিনিয়োগ বা কেৰিয়াৰ সম্পৰ্কিত সিদ্ধান্ত লোৱাৰ বাবে এয়া ভাল সময়৷
মীন ৰাশি
মীন ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময় ইতিবাচক হব৷ অমীমাংসিত কামসমূহ সম্পন্ন হব পাৰে৷ কৰ্মক্ষেত্ৰত পদোন্নতি বা ব্যৱসায়িক লাভৰ সম্ভাৱনা আছে৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ মানসিক শান্তি বৰ্তি থাকিব আৰু পাৰিবাৰিক পৰিবেশ ইতিবাচক থাকিব৷ এই সময়ত অধ্যয়ন আৰু জ্ঞান বৃদ্ধিৰ বাবেও শুভ বুলি বিবেচিত হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















