সুৰাপান কৰি বাহন চলোৱাৰ ফলত গুৱাহাটী মহানগৰীত দ্ৰুতহাৰত বৃদ্ধি হৈছে পথ দুৰ্ঘটনা। কিছুদিন আগতে গুৱাহাটী মহানগৰীত ওৰে নিশা বাৰত থাকি পিছত পুৱতী নিশা ওলাই গৈ সংঘটিত হোৱা বাহন দুৰ্ঘটনাত থিতাতে নিহত হৈছিল ৩ যুৱতী। দ্ৰুত হাৰত বৃদ্ধি হোৱা এনে দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। নতুন ব্যৱস্থাৰ অধীনত গুৱাহাটীৰ বাৰ আৰু হোটেলসমূহে সুৰাসক্ত গ্ৰাহকক সুৰক্ষিতভাৱে ঘৰলৈ পঠিওৱাৰ দায়িত্ব বহন কৰিব লাগিব। ইয়াৰ বাবে মহানগৰীৰ সকলো BARক তেওঁলোকৰ গ্ৰাহকৰ বাবে ড্ৰপিং চাৰ্ভিচৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
যিসকল গ্ৰাহকে অত্যাধিক সুৰাপান কৰাৰ ফলত নিজে বাহন চলাব নোৱাৰা অৱস্থাত থাকিব, তেওঁলোকক নিৰাপদে ঘৰলৈ পঠিওৱাৰ সম্পূৰ্ণ দায়িত্ব সংশ্লিষ্ট বাৰ বা হোটেল কৰ্তৃপক্ষই গ্ৰহণ কৰিব লাগিব। সেই উদ্দেশ্যে প্ৰতিষ্ঠানসমূহে নিজা বাহন অথবা চালকসহ পৰ্যাপ্ত পৰিবহণ ব্যৱস্থা সাজু কৰি ৰাখিব লাগিব। শেহতীয়াকৈ পথ সুৰক্ষা আৰু দুৰ্ঘটনা নিয়ন্ত্ৰণক কেন্দ্ৰ কৰি জিলা প্ৰশাসন, আৰক্ষী আৰু সংশ্লিষ্ট অংশীদাৰী পক্ষসমূহৰ মাজত অনুষ্ঠিত এখন উচ্চস্তৰীয় বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত বিশেষকৈ নিশাৰ সময়ত সুৰাপায়ী চালকৰ বাবে সংঘটিত দুৰ্ঘটনাসমূহক লৈ উদ্বেগ প্ৰকাশ কৰিয়েই এই সিদ্ধান্ত লোৱা হৈছে বুলি অনুমান কৰা হৈছে।
প্ৰশাসনিক সূত্ৰৰ তথ্য অনুসৰি, গুৱাহাটী মহানগৰীৰ প্ৰায় ২৪৭খন বাৰ আৰু হোটেললৈ ইতিমধ্যে এই বিষয়ত মৌখিক নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। যদিও এতিয়ালৈকে কোনো আনুষ্ঠানিক চৰকাৰী জাননী জাৰি কৰা হোৱা নাই, তথাপিও অতি সোনকালে লিখিত নিৰ্দেশনা প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে। এই ব্যৱস্থা কাৰ্যকৰী হোৱাৰ পিছত বাৰ আৰু হোটেলসমূহে ড্ৰপিং সেৱা কেনেদৰে আগবঢ়াব, ইয়াৰ বাবে কোনো অতিৰিক্ত মাচুল লোৱা হ’ব নে নহয়, অথবা নিজা বাহন নে চুক্তিভিত্তিক পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰিব—এই বিষয়সমূহ চৰকাৰী নিৰ্দেশনা প্ৰকাশৰ পিছত স্পষ্ট হ’ব বুলি ধাৰণা কৰা হৈছে।
এই পদক্ষেপৰ পৰা সুৰাসক্ত অৱস্থাত বাহন চলোৱাৰ প্ৰৱণতা হ্ৰাস পালে পথ দুৰ্ঘটনাৰ সংখ্যাও উল্লেখযোগ্যভাৱে কমিব। লগতে এই ব্যৱস্থাই বাৰ-হোটেলসমূহকো অধিক দায়িত্বশীলভাৱে সেৱা আগবঢ়াবলৈ বাধ্য কৰাব। অৱশ্যে এই নিৰ্দেশনা কাগজ-পত্ৰতে সীমাবদ্ধ থাকে নে বাস্তৱিক অৱস্থাত ফলপ্ৰসূ হয় সেয়া সময়েহে কব। প্ৰশাসনে আশা প্ৰকাশ কৰিছে যে নতুন ব্যৱস্থাৰ সফল ৰূপায়ণে গুৱাহাটীৰ নৈশ জীৱন অধিক সুৰক্ষিত কৰাৰ লগতে সুৰাপায়ী চালকৰ বাবে সংঘটিত দুৰ্ঘটনা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















