ভোজপুৰী চিনেমাৰ বিখ্যাত অভিনেত্ৰী অম্ৰপালী ডুবেই ব্যক্তিগত জীৱনৰ বিষয়ে প্ৰকাশ কৰা এক মন্তব্যই অনুৰাগীক আচৰিত কৰি তুলিছে। সাধাৰণতে মানুহে প্ৰথমে বিয়াৰ পৰিকল্পনা কৰিলেও অম্ৰপালীৰ চিন্তাধাৰা সম্পূৰ্ণ বেলেগ। অভিনেত্ৰীগৰাকীয়ে মুকলিকৈ কৈছে যে মাতৃ হোৱাটোৱেই তেওঁৰ শীৰ্ষ অগ্ৰাধিকাৰ আৰু সেইটো লাভ কৰিবলৈ তেওঁ বিয়া হোৱালৈকে অপেক্ষা কৰিব নিবিচাৰে।
শেহতীয়াকৈ দীনেশ লাল যাদৱৰ সৈতে ৰিয়েলিটি শ্ব’ “ভোজপুৰী বাৱাল”ত হোৱা এক বাৰ্তালাপত অম্ৰপালীয়ে এটি কন্যা সন্তানক তুলি লোৱাৰ ইচ্ছা প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে এইটো হঠাৎ লোৱা সিদ্ধান্ত নহয়, বৰঞ্চ কিশোৰীৱস্থাৰ পৰাই শিশুৰ প্ৰতি তেওঁৰ বিশেষ আকৰ্ষণ আছে। তদুপৰি তেওঁ স্পষ্ট কৰি দিয়ে যে প্ৰথমে মাতৃ হোৱাটোহে গুৰুত্বপূৰ্ণ, মাতৃত্বৰ পিছতো বিৱাহ বান্ধোনত আবদ্ধ হ’ব পৰা যায়।
বাৱাল শ্ব’টোত অম্ৰপালীয়ে মুকলিকৈ প্ৰকাশ কৰে যে তেওঁ এটি কন্যা সন্তান তুলি ল’ব বিচাৰে। নিৰহুৱাৰ সৈতে কথা-বতৰাৰ সময়ত অম্ৰপালীয়ে কয়, “মই এই বিষয়ে বহুত চিন্তা কৰিছো আৰু সিদ্ধান্ত লৈছো যে মই এজনী ছোৱালী তুলি ল’ব বিচাৰো।” এই কথা শুনি নিৰহুৱাই আচৰিত হৈ সুধিলে যে অম্ৰপালীয়ে কিয় এনে সিদ্ধান্ত লৈছে। তেতিয়া অম্ৰপালিয়ে বুজাই দিলে যে এইটো তেওঁৰ হঠাৎ লোৱা সিদ্ধান্ত নহয়।

অম্ৰপালীয়ে কয়, “মই এই সিদ্ধান্ত এৰাতিতে লোৱা নাই। জনা হোৱাৰে পৰাই যেতিয়াই শিশুক দেখা পাইছিলো তেতিয়াই মই সিহঁতক নিজৰ কাষত ৰাখিব বিচাৰিছিলো। যেতিয়াই মই মোৰ ভাই-ভনীৰ সন্তানৰ সৈতে সময় কটাওঁ তেতিয়াই মই তেওঁলোকৰ যত্ন ল’বলৈ মন কৰিছিলো। আনকি মই ডায়েপাৰ সলনি কৰিব জানো আৰু তেওঁলোকৰ যত্ন ল’বলৈও মোৰ ভাল লাগে।”
অম্ৰপালিয়ে আৰু কয় যে প্ৰথমতে তেওঁ ইয়াক কেৱল এটা চেন্টিমেণ্টেল অনুভৱ বুলি ভাবিছিল যদিও সময়ৰ লগে লগে তেওঁ উপলব্ধি কৰিছিল যে ই এক আন্তৰিক ইচ্ছা। তেওঁ কয়, “প্ৰথমে মই ভাবিছিলো যে ই কেৱল এটা অনুভৱ, কিন্তু পিছত বুজিলোঁ যে এইটো মোৰ আভ্যন্তৰীণ ইচ্ছা। মোৰ হদয়ত থকা মৰম মই এটি শিশুৰ সৈতে ভাগ কৰিব বিচাৰো।” অম্ৰপালিয়ে স্পষ্টকৈ কয় যে -জীৱনৰ বহু কথাত আপোচ কৰিব পাৰি, কিন্তু মাতৃ হোৱাৰ ইচ্ছাটোত আপোচ কেতিয়াও নহয়। মোক এটা সন্তান লাগে আৰু মই তাৰ বাবে সম্পূৰ্ণ সাজু।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















