গুৱাহাটী শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ গোচৰে নতুন মোৰ লৈছে৷ শনিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে শ্বেতা হত্যাকাণ্ডৰ জড়িত থকা অভিযোগত নিম্ন আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহা দুই অভিযুক্তক দোষমুক্ত বুলি ঘোষণা কৰিছে৷
উল্লেখ্য যে ২০১৭ চনত গুৱাহাটীৰ কে ছি দাস কমাৰ্ছ কলেজৰ পঞ্চম ছেমিষ্টাৰৰ ছাত্ৰী শ্বেতাক আগৰৱালাক অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল৷
শ্বেতা আগৰৱালাৰ ক্ষত বিক্ষত মৃতদেহটো গুৱাহাটীৰ গোবিন্দ সিংঘলৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছিল।
লগতে পঢ়ক হনিমুনত গৈ গম পালে স্বামী সমকামী! ইয়াৰ পিছত কি কৰিলে নৱবিবাহিতা পত্নীয়ে?
এই ঘটনাৰ পিছতে সমগ্ৰ দেশৰ সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰে আৰু আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত গোবিন্দ সিংঘলৰ লগতে তেওঁৰ মাতৃ কমলা দেৱী আৰু ভগ্নী ভৱানীক গ্ৰেপ্তাৰ কৰে৷
শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ বিচাৰ কৰি নিম্ন আদালতে অভিযুক্তসকলক ২০১৯ চনৰ ডিচেম্বৰ মাহত দোষী সাব্যস্ত কৰি প্ৰেমিক গোবিন্দ সিংঘলক ফাঁচিৰ হুকুম দিয়াৰ লগতে মাক-ভগ্নীক যাৱজ্জীৱন কাৰাদণ্ড দিয়ে।
কিন্তু আজি শ্বেতা আগৰৱালা হত্যাকাণ্ডই নতুন মোৰ লৈছে৷ নিম্ন আদালতে দোষী সাব্যস্ত কৰা গোবিন্দৰ মাতৃ আৰু ভগ্নীক উচ্চ ন্যায়লয়ে দোষমুক্ত বুলি ঘোষণা কৰিলে৷
লগতে পঢ়ক খুঁটি লৰিছে ভাৰতৰ! ৰাছিয়াৰ সপক্ষে ভোটদান নকৰি ফল ভুগিব নেকি ভাৰতে?
উচ্চ ন্যায়ালয়ে মাতৃ আৰু ভগ্নীক দোষমুক্তৰ ঘোষণা কৰি মূল অভিযুক্ত প্ৰেমিকৰ পূৰ্বৰ ৰায়দানৰো পুনৰ শুনানি হ’ব বুলিও প্ৰকাশ কৰিছে।
উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে শ্বেতাৰ পিতৃয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ ‘‘এয়া কেতিয়াও ন্যায় নহয়; অন্যায় হৈছে আমাৰ লগত। আমি ন্যায়ৰ বাবে যুঁজি যাম।’’ শ্বেতাৰ পিতৃয়ে এইদৰে কয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ