হঠাৎ পৰিৱৰ্তন হৈছ গুৱাহাটী মহানগৰীৰ বতৰ। প্ৰচণ্ড ধূলি-ধুমুহাত নেদেখা হৈ পৰিছে চৌদিশ। কিছুসময় পূৰ্বে মোবাইলে মোবাইলে বতৰৰ আগজাননী দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই।

গুৱাহাটীত EMERGENCY এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আজি সাৱধান হ’বলৈ হঠাৎ বাজি উঠিছিল সকলোৰে মোবাইল ফোন।

এলাৰ্টৰ পিছতে গুৱাহাটী মহানগৰীত হাহাকাৰ। আহিব পাৰে বিজুলি ধেৰেকণি, প্ৰচণ্ড ধুমুহা-বৰষুণ আৰু শিলাবৃষ্টি।

কিয়নো মোবাইলে মোবাইলে জৰুৰী বাৰ্তা দিছে ASDMAএ। ১-৩ঘণ্টাৰ ভিতৰত হ’ব ভয়ংকৰ পৰিস্থিতি।

প্ৰচণ্ড গৰমৰ মাজতে আহি হঠাতে পৰিৱৰ্তন হৈছে বতৰ। সেয়ে সাৱধান হওক আৰু এতিয়াই সকলো জৰুৰী কাম শেষ কৰি ঘৰতে থাকক। কিয়নো ধূলিৰ ধুমুহাৰ ফলত বাট-পথ নেদেখা অৱস্থা।

গুৱাহাটীত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে। বৰ্তমান কোনো কোনো স্থানত বৰষুণ দিবলৈ আৰম্ভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















