শীতকালত চুলি সৰা, চুলি ফটা আদি গুৰুতৰ সমস্যা বহুতৰে দেখা যায়৷ প্ৰাচীনকালত চুলিত তেল লগোৱাটো এক অপৰিহাৰ্য কাম বুলি ধাৰণা কৰে৷ আজিও বহুতেই গা ধোৱাৰ পূৰ্বে চুলি আৰু ছালত তেল ঘঁহে৷ বিশেষজ্ঞৰ মতেও নিশা চুলিত তেল লগোৱাটো খুবেই উপযোগী৷ নিশা তেল ঘঁহি পিছদিনাখন ধুই পেলালে চুলি সৰা কমে, চুলি মিহি হয় আৰু চুলিৰ বৃদ্ধিও ত্বৰান্বিত হয়৷ জানি থওক চুলিত কি তেল লগাব?
শীতকালত ব্যৱহৃত সকলোতকৈ পুৰণি আৰু বিশ্বস্ত চুলিৰ যত্নৰ পণ্যসমূহৰ মাজত এটা হৈছে নাৰিকল তেল৷ ই চুলিৰ গুৰিলৈকে সোমাই প্ৰটিন পূৰণ কৰে আৰু চুলি ফটাৰ সমস্যা কমায়৷ ই মূৰ খজুৱাই থকাৰ সমস্যা দূৰ কৰে আৰু মূৰৰ চালত হোৱা উফিৰ সমস্যা দূৰ কৰে৷ তেল পাতলকৈ গৰম কৰি মূৰত মাছাজ কৰক আৰু নিশাটো ৰাখি পুৱাই গৰম পানীৰে ধুই পেলাওক৷
কেষ্টৰ অয়েল ৰিছিনোলিক এছিড আৰু অন্যান্য প্ৰয়োজনীয় ফেটি এছিড সমৃদ্ধ৷ ই চুলিৰ বৃদ্ধিত সহায় কৰে৷ চুলিৰ গুৰি শক্তিশালী কৰে আৰু চুলি সৰা কমায়৷ কেষ্টৰ অয়েল ঘন, ইয়াত নাৰিকল বা বাদাম তেল মিহলাই ব্যৱহাৰ কৰি নিশা মাছাজ কৰক৷ আমলকিৰ তেল, এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন চিৰ এটা ভাল উৎস৷ ই চুলি মজবুত কৰে৷ অকাল পক্কতা ৰোধ কৰে আৰু চুলিৰ বৃদ্ধিত সহায় কৰে৷ জলপাই তেল এণ্টিঅক্সিডেণ্ট আৰু ফেটি এছিড সমৃদ্ধ, যিয়ে চুলিক গভীৰভাৱে কণ্ডিছনিং কৰাই, চুলি ফটা কমায় আৰু চুলিৰ বৃদ্ধিক উৎসাহিত কৰে৷ পিঁয়াজৰ তেলত ছালফাৰ আছে৷ যিয়ে কোলাজেন তৈয়াৰ কৰি চুলিৰ গুৰি মজবুত কৰে৷ ই চুলি সৰা কমায় আৰু নতুন চুলি গজাত সহায় কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ