শুভমন গিলৰ ত্ৰি-শতক ৰুধিবৰ বাবে ইংলেণ্ডৰ নিকৃষ্ট কাণ্ড
এডগবাষ্টন টেষ্টৰ দ্বিতীয় দিনটোত শুভমন গিলে উজ্জ্বল বেটিং কৰি ইতিহাসৰ সৃষ্টি কৰে। ইংলেণ্ডৰ বিৰুদ্ধে দ্বৈত শতক অৰ্জন কৰি বহু অভিলেখ গঢ়ে ভাৰতৰ যুৱ অধিনায়কগৰাকীয়ে। ইংলেণ্ডত দ্বৈত শতক অৰ্জন কৰা প্ৰথমজন এছিয়ান অধিনায়কৰ লগতে এছিয়াৰ বাহিৰত ভাৰতীয় অধিনায়ক হিচাপে সৰ্বাধিক স্ক’ৰ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়।
কিন্তু কেৰিয়াৰৰ প্ৰথমটো ট্ৰিপল শতক কৰিবলৈ মাত্ৰ ৩১ ৰান দূৰত্বত থকাৰ সময়ত ইংলেণ্ডে খেলপথাৰত সস্তীয়া পদক্ষেপ লয় আৰু গিলৰ সপোন ছিন্নভিন্ন হৈ পৰে।
দ্বিতীয় দিনা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত শ্বোয়েইব বছিৰৰ বলিঙৰ সময়ত স্লিপত থিয় হৈ আছিল ইংৰাজ খেলুৱৈ হেৰী ব্ৰুক। তেওঁ ধেমালিতে শুভমান গিলৰ লগত ট্ৰিপল চেঞ্চুৰীৰ কথা ক’বলৈ ধৰে। গিলৰ ওপৰত মানসিক চাপ পেলোৱাৰ এই প্ৰচেষ্টাও ষ্টাম্প মাইকত বন্দী হয়।
ব্ৰুক’ৰ কথাই গিলৰ একাগ্ৰতা ভাঙি পেলায়। পিছৰ ইনিংছত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত গিলে জোছ টংগুৰ চুটি বলত পুল শ্বট খেলিবলৈ যায় যদিও শাৰীৰিক ক্লান্তিৰ বাবে বলৰ সময় নিৰ্ধাৰণ কৰিব নোৱাৰে। বলটো বেটৰ ভিতৰৰ প্ৰান্তত খুন্দা মাৰি স্কোৱাৰ লেগত থিয় হৈ থকা অলি পোপৰ হাতত পৰে আৰু গিলৰ উজ্জ্বল ইনিংছটো ২৬৯ ৰানত শেষ হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















