কংগ্ৰেছ – আপৰ মিত্ৰতা ভাঙোনৰ দিশে, আপে অকলেই নিৰ্বাচন খেলাৰ দিশে
হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ ৰাজনীতিত আহিছে মিত্ৰতা ভাঙোনৰ ইংগিত। কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ মাজৰ মিত্ৰতা ভংগ হোৱাৰ দিশে। কিয়নো হাৰিয়ানা বিধানসভা নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা আম আদমী পাৰ্টিৰ।
৮ ছেপ্টেম্বৰ তাৰিখ দেওবাৰে আম আদমী পাৰ্টীয়ে অকলেই নিৰ্বাচন খেলাৰ উদ্দেশ্যৰে প্ৰথমখন প্ৰাৰ্থী তালিকাও প্ৰকাশ কৰিব পাৰে। আম আদমী পাৰ্টিয়ে ৰাজ্যখনৰ ৯০ খন আসনৰ ৫০খন আসনত অকলে নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে।
ইয়াৰ পূৰ্বে কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ মাজত সহসন্মতি সাপেক্ষে আসন ভাগ-বতৰা সন্দৰ্ভত আলোচনা চলি আছিল। শুকুৰবাৰে আসন ভাগ-বতৰা সন্দৰ্ভত দুয়োটা দলৰ মাজত কোনো চুক্তি কৰিব পৰা নগ’ল, তেতিয়াৰ পৰাই হাৰিয়ানা বিধানসভা নিৰ্বাচনত দুয়োটা দলৰ মাজত কোনো মিত্ৰতা নহ’ব বুলি জল্পনা-কল্পনা চলি আছে।
তথ্য অনুসৰি আম আদমী পাৰ্টিয়ে হাৰিয়ানাত ১০খন আসন দাবী কৰিছিল, আনহাতে কংগ্ৰেছে আম আদমী পাৰ্টিক ১০খন আসন দিবলৈ সাজু নহয়। সূত্ৰৰ পৰা জানিব পৰা মতে আম আদমী পাৰ্টিয়ে কংগ্ৰেছৰ সূত্ৰ মানি নলয়। হাৰিয়ানাত মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১২ ছেপ্টেম্বৰ।
আনহাতে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আম আদমী পাৰ্টীৰ সৈতে কংগ্ৰেছ দলৰ হোৱা মিত্ৰতাত কংগ্ৰেছ দলৰ একাংশ নেতাই আপত্তি প্ৰকাশ কৰিছে। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি হুদা গ্ৰুপৰ লগতে আন একাংশ নেতাই আপৰ সৈতে আসন ভাগ-বতৰা কৰাৰ বিৰোধিতা কৰিছে। এই নেতাসকলৰ মতে কেজৰিৱালৰ দলৰ হাৰিয়ানাত কোনো বিশেষ ভিত্তি নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ