ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?
নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?
হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?
ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?
লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ
শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?
এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী
‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?
হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক
‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?
ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

আমাৰ শৰীৰত ঠিকভাৱে কাম কৰাৰ বাবে প্ৰয়োজনীয় নানান ভিটামিন, খনিজ, প্ৰটিন আৰু অন্যান্য পুষ্টিগুণ৷ কিন্তু অনিয়মিত খাদ্যভ্যাস, মানসিক চাপ বা হজমৰ সমস্যাৰ পৰা শৰীৰত এই পুষ্টিসমূহৰ ঘাটি তৈয়াৰ হব পাৰে৷ ইয়াৰ ফলত নানান শাৰীৰিক সমস্যাই দেখা দিয়ে, যি কথা বহু সময়ত আমি গুৰুত্ব নিদিও৷ সম্প্ৰতি অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল চায়েন্সছৰ প্ৰশিক্ষিত এক গেষ্ট্ৰো এণ্টাৰলজিষ্টে জনাইছে যে শৰীৰত পুষ্টিৰ ঘাটিৰ পাঁচটা স্পষ্ট লক্ষণ সম্পৰ্কে জানিলে সময়মতে ব্যৱস্থা লোৱা সম্ভৱ৷

১. নখৰ ভঙ্গুৰতা বা সহজে ভাঙি যোৱা

বিশেষজ্ঞৰ মতে নখ যদি সহজেই ভাঙি যায়, পাতলা হৈ যায় বা তাৰ স্বাভাৱিক চাফা ভাৱ হেৰুৱাই পেলাই তেতিয়া শৰীৰত প্ৰটিন, আয়ৰণ আৰু বায়োটিনৰ অভাৱৰ ইংগিত হব পাৰে৷ এই সমস্যা দীৰ্ঘদিন চলি থাকিলে সেয়া ৰক্তাল্পতা বা থাইৰয়েডজনিত অসুস্থতাৰ কাৰণেও হ’ব পাৰে৷

২. অকাল পক্কতা

বয়সৰ পূৰ্বে চুলি পকি যোৱা বা ধূসৰ ৰং ধাৰণ কৰা বহুতৰে বাবেই চিন্তাৰ বিষয়৷ চিকিৎসকৰ মতে বহু সময়ত শৰীৰত ভিটামিন বি ১২ আৰু কপাৰ ঘাটিৰ লক্ষণ৷ এই দুই পুষ্টি উপাদানে চুলিৰ স্বাভাৱিক ৰঞ্জকতা বজায় ৰখাত সহায় কৰে৷

অতিৰিক্ত চুলি সৰা বা চুলিৰ ঘনত্ব কমি যোৱা কেৱল হৰমনজনিত নহয়, ই প্ৰটিন, জিংক, আয়ৰণ আৰু ভিটামিন ডিৰ ঘাটিৰ ফলতো হব পাৰে৷ পুষ্টিৰ ঘাটি হলে শৰীৰত নতুন চুলি গজোৱা ক্ষমতা হেৰাব পাৰে৷

৪. ছাল আৰু ওঁঠ ফটা

শীতকালত ওঁঠ আৰু ছাল ফটা বা ছাল শুকাই যোৱা সাধাৰণ কথা যদিও সমগ্ৰ বছৰ এনে ঘটনা হৈ থাকে তেন্তে ভিটামিন বি কমপ্লেক্স, আয়ৰণ আৰু ওমেগা-৩ ফেটি এছিডৰ অভাৱৰ ইংগিত৷ বিশেষকৈ ওঁঠৰ কোণ ফাটিলে সেয়া ভিটামিন বি-২ বা ৰিবোফ্লাভিনৰ ঘাটিৰ লক্ষণ হব পাৰে৷
অস্বাভাৱিক ক্লান্তি আৰু দুৰ্বলতা

বিশ্ৰাম লোৱাৰ পাছতো শৰীৰত শক্তি নথকা যেন অনুভৱ, সহজেই ক্লান্ত হৈ যোৱা বা দিনজুৰি নিস্তেজ লগা এইসমূহ পুষ্টি ঘাটিৰ অন্যতম চিহ্ন৷ চিকিৎসকে জনাইছে যে ই সাধাৰণতে আয়ৰণ, প্ৰটিন আৰু মেগনেছিয়ামৰ অভাৱে দেখা দিয়ে৷ দীৰ্ঘদিন ধৰি এই উপসৰ্গ থাকিলে অৱশ্যেই তেজ পৰীক্ষা কৰোৱা উচিত৷

চিকিৎসকৰ পৰামৰ্শ, পুষ্টি ঘাটি এৰাবলৈ নিয়মিত সুষম খাদ্য গ্ৰহণ, পৰ্যাপ্ত পানী, টোপনি আৰু মানসিক চাপ নিয়ন্ত্ৰণ কৰা জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *