• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

4 years ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

13 minutes ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

30 minutes ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

47 minutes ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

1 hour ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

2 hours ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

2 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

4 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

5 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

5 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

6 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

6 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

editor by editor
August 8, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?
0
SHARES
8.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাঃ চন্দ্ৰ কুমাৰ দাসঃ ‘হাৰ্ট-এটেক’ এই শব্দটো প্ৰায় সকলোৰে পৰিচিত এক শব্দ। আৰু ইয়াৰ প্ৰাণঘাতী ৰূপটোৰ বিষয়েও মানুহ অৱগত। মুঠতে কিছু ধাৰণা সকলোৰেই আছে এই ৰোগ সম্পৰ্কে। এই হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ পৰিসংখ্যাও বিশ্বজুৰি কম নহয়। ই এক উদ্বেগৰো বিষয়। ‘হাৰ্ট এটেক’ আৰু ‘কাৰ্ডিয়াক এৰেষ্ট’ দুয়োবিধৰেই চিকাৰ হোৱা ব্যক্তিৰ হাৰ বয়সস্থ ব্যক্তিৰ সমান্তৰালকৈ আজি কিছুকালৰ পৰা তৰুণ প্ৰজন্মৰ মাজতো দেখা গৈছে। প্ৰায় এবছৰৰ আগতে সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু হাৰ্ট এটেকৰ ফলত হৈছিল আৰু প্ৰায় দুমাহৰ আগতে জনপ্ৰিয় কন্ঠশিল্পী কে কে ৰ মৃত্যুৰ কাৰণো আন একো নাছিলে— এই কাৰ্ডিয়েক এৰেষ্টেই আছিলে। এই বয়সৰ লোকৰ ক্ষেত্ৰত এনেদৰে হৃদৰোগাক্ৰান্ত হৈ মৃত্যু হোৱাক সাধাৰণতে সহজ দৃষ্টিৰে চোৱা নহয়। এই বৰ্দ্ধিত হাৰৰ অন্তৰালত কি কি কাৰণ আছে? আজি এইবিষয়েই কিছু কথা জনাবলৈ খুজিছো। প্ৰথমেই হৃদৰোগ সম্পৰ্কে কিছু কথা জনাবই লাগিব, যিখিনি নজনালে বাকী কথাবোৰ বুজি পোৱাত সমস্যা হ’ব পাৰে।

প্ৰথমেই আহিছো হাৰ্ট এটেক আৰু কাৰ্ডিয়েক এৰেষ্ট কি আৰু এই দুবিধৰ মাজত পাৰ্থক্য কি সেই বিষয়লৈ। এজন ব্যক্তিৰ হাৰ্ট এটেক হোৱাৰ অৰ্থ হৈছে- সেই ব্যক্তিজনৰ হৃদপিণ্ডলৈ তেজ প্ৰবাহিত হোৱা ধমনীত কিবা প্ৰকাৰে মৰা তেজৰ চোকোৰা জমা হৈ হৃদপিণ্ডলৈ তেজৰ স্বাভাৱিক প্ৰবাহ বাধাগ্ৰস্ত হয়। লগতে কেতিয়াবা ধমনীত কলেষ্টেৰল জাতীয় মেদৰ প্ৰলেপ পৰাৰ ফলতো ধমনীডাল ঠেক হৈ পৰে আৰু এনেদৰে ভিন্ন প্ৰকাৰে যেতিয়া ধমনীৰে হৃদপিণ্ডলৈ পৰ্যাপ্ত তেজৰ প্ৰবাহ বাধাপ্ৰাপ্ত হয়। এনেদৰে বাধাপ্ৰাপ্ত হোৱাৰ ফলতে হৃদপিণ্ডত হোৱা অক্সিজেনৰ অভাৱত হঠাতে সেই ব্যক্তিজনৰ হাৰ্ট এটেক হ’ব পাৰে। আৰু এই হাৰ্টে এটেকৰ ফলত হৃদপিণ্ডৰ ক্ৰিয়া বন্ধ হৈ ব্যক্তিজন তাৎক্ষণিকভাৱে মৃত্যুমুখত পৰিব পাৰে। আনহাতে, যেতিয়া এজন ব্যক্তিৰ হৃদপিণ্ডই নিজৰ কাৰ্যকলাপ চলাই নিবৰ বাবেই প্ৰয়োজনীয় তেজ পাম্প কৰিব নোৱাৰা হয়- তেতিয়াও হৃদপিণ্ডৰ ক্ৰিয়া বন্ধ হৈ পৰে আৰু ইয়াৰ ফলত ব্যক্তিজনৰ কাৰ্ডিয়াক এৰেষ্ট হয়৷ যি হাৰ্ট এটেকৰ দৰেই সমানে প্ৰাণঘাতী হ’ব পাৰে। হাৰ্ট এটেকেই হওক বা কাৰ্ডিয়াক এৰেষ্টেই হওক, ই যিকোনো বয়সৰ লোকৰে হ’ব পাৰে। বিভিন্ন ধৰণৰ শাৰিৰীক-মানসিক কাৰক বা ৰোগৰ ফলত এজন ব্যক্তিৰ হৃদপিণ্ড ৰুগীয়া হৈ পৰিব পাৰে। তাৰে কেইটিমান কাৰক হৈছে—

লগতে পঢ়ক গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

১. মেদবহুলতা

২. খাদ্যগুণৰহিত বা দেহৰ বাবে অপকাৰী খাদ্যাভাষ

৩. শাৰিৰীক পৰিশ্ৰম বা কচৰতৰ অভাৱ

৪. টাইপ-২ ডায়েবেটিছ (মধুমেহ ৰোগৰ এক প্ৰকাৰ, যি ৰোগত সাধাৰণতে অধিক লোক আক্ৰান্ত হয়)

৫. উচ্চ ৰক্তচাপ

৬. কলেষ্টেৰলৰ উচ্চ বা বৰ্দ্ধিত মাত্ৰা

৭. ধূম্ৰপান

৮. মানসিক চাপ, উদ্বিগ্নতা-ইত্যাদি।

এতিয়া আহিছো, এই ৰোগৰ প্ৰাদুৰ্ভাৱ তুলনামূলকভাৱে কম বয়সৰ লোকৰ ক্ষেত্ৰত কিয় বাঢ়িছে সেই দিশলৈ। যদিওবা হৃদৰোগত আক্ৰান্ত হ’বলৈ বয়স্ক হ’বই লাগিব বুলি কোনো কথা নাই, তথাপি বয়স্ক লোকৰ ক্ষেত্ৰত এই ৰোগ ওপৰত উল্লেখ কৰা বিভিন্ন কাৰকৰ বাবে বয়সৰ লগে লগে ক্ৰমশঃ বাঢ়ি অহাকেই স্বাভাৱিক কথা বুলি মানি লোৱা হয়। কিন্তু বৰ্তমান সময়ত আন দেশৰ কথা বাদ দি ভাৰততেই হৃদৰোগত আক্ৰান্ত ব্যক্তিৰ সংখ্যাধিক্য বা হাৰ পিছে ৪০ৰ পৰা ৫০বছৰ বয়সৰ ব্যক্তিৰ ক্ষেত্ৰতহে চকুত লগাকৈ বৃদ্ধি পাইছে। ইয়াৰ আঁ‌ৰত কিছু বিশেষ কাৰণ আছে।

বৰ্তমানৰ যুৱ প্ৰজন্ম নিজৰ স্বাস্থ্যক লৈ এফালৰ পৰা খুবেই সচেতন। জীম (gym) বা ফিটনেছ চেন্টাৰ আদিলৈ গৈ শৰীৰ চৰ্চা কৰা বা দেহবল্লৰী নিৰ্মাণ কৰাক লৈ খুবেই আগ্ৰহী। পিছে এনে চেন্টাৰ বা জীম আদিত যিবোৰ এক্সাৰচাইজ কৰোৱা হয়, সেইবোৰ যথেষ্ট কষ্টসাধ্য হয়। অৰ্থাৎ শৰীৰৰ যথেষ্ট শ্ৰম হয়। যদিহে ইতিমধ্যেই কাৰোবাৰ হৃদযন্ত্ৰত কিবা সমস্যা তেওঁ‌ নজনাকৈয়েই আছে আৰু এনেদৰে জীম আদিত ভৰ্তি হোৱাৰ পূৰ্বে তেওঁ‌ হৃদযন্ত্ৰৰ কোনো পৰীক্ষা আদি নকৰে, বা চিকিৎসকৰ পৰামৰ্শ নলয় তেনে অৱস্থাত হঠাতে তেওঁ‌ৰ হৃদৰোগৰ প্ৰাবল্য বৃদ্ধি পাব পাৰে।

লগতে পঢ়ক লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

কাৰণ, সাধাৰণতে এনেধৰণৰ শৰীৰচৰ্চা কৰোতে গধুৰ ওজন ডঙা (heavy weight training), অথবা ট্ৰেডমিল আদিত জোৰেৰে দৌৰা-আদি বিভিন্ন এক্সাৰচাইজ কৰোৱা হয়। যদিহে ব্যক্তিজন পূৰ্বৰে পৰাই হৃদযন্ত্ৰৰ কোনো সমস্যাত ভূগি আছে, তেন্তে তেনে অৱস্থাত এনেবোৰ এক্সাৰচাইজৰ ফলত ব্যক্তিজনৰ হৃদযন্ত্ৰৰ গাঢ়ত্ব বৃদ্ধি পাব পাৰে।

বহুতে ভিন্ন ধৰণৰ দেহ বা মাংসপেশী নিৰ্মাণৰ বাবে কিছুমান পৰিপূৰক বা supplement গ্ৰহণ কৰে৷ যাৰ ফলত হৃদস্পন্দনৰ গতিত খেলিমেলিৰ সৃষ্টি হ’ব পাৰে। বা অন্যান্য বংশানুক্ৰমিকৰূপে পোৱা কলেষ্টেৰল আদি বৃদ্ধিয়েও এই দিশত অৰিহণা যোগাব পাৰে। অথবা হঠাতে এজন ব্যক্তিৰ জীৱনত ঘটা কোনো মানসিক দুৰ্যোগ বা জটিল শাৰিৰীক অসুস্থতাও হৃদৰোগৰ এক কাৰক হ’ব পাৰে। বহুতে আকৌ এনে সমস্যাৰ পৰা হাত সাৰিবলৈ বা চাপমুক্ত হ’বলৈ ধূম্ৰপান, সুৰাপান আদিৰ আশ্ৰয় ল’বলৈ আৰম্ভ কৰে, যি হিতে বিপৰীত হোৱাৰ বাদে আন একো নহয়। লগতেই এচামৰ ক্ষেত্ৰত আকৌ খাদ্যগুণৰহিত বা উপযুক্ত পৰিপুষ্টিৰ অভাৱৰ বা সুষম আহাৰৰ সলনি গ্ৰহণ কৰা অত্যধিক তেলযুক্ত খাদ্য, ফাষ্টফুড, জাংকফুড, কাৰ্ব’নেটেড বেভাৰেজ বা ক’ল্ড ড্ৰিংকছ আদিৰ অধিক সেৱন আদি হৃদৰোগৰ এক কাৰণ হ’ব পাৰে। কাৰণ এনেবোৰ খাদ্যই তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে যিয়ে লাহে লাহে ধমনীত জমা হ’বলৈ ধৰে। লগতেই এনেবোৰ খাদ্য গ্ৰহণ কৰাৰ উপৰি একেবাৰেই শাৰিৰীক পৰিশ্ৰমহীন জীৱনশৈলীয়েও হৃদযন্ত্ৰৰ ক্ৰিয়াক প্ৰভাৱান্বিত কৰে। মুঠতে সকলোবোৰেই এক সমতুল মাত্ৰাত থাকিলে ভাল বা হৃদযন্ত্ৰ উপযোগী। এই আটাইবোৰতে খেলিমেলিৰ সৃষ্টি হোৱাই হাৰ্ট এটেকৰ ফালে এজন ব্যক্তিক আগুৱাই নিব পাৰে। লগতে যদিহে বংশগতভাৱে কাৰোবাৰ হৃদৰোগৰ ইতিহাস থাকে, তেন্তে তেনে ক্ষেত্ৰত পিতৃ-মাতৃক এই ৰোগে আক্ৰান্ত কৰাৰ ৫-১০ বছৰৰ পূৰ্বেই তেওঁ‌লোকৰ তৰুণ সন্তান আক্ৰান্ত হ’ব পাৰে।

এতিয়া কথা হ’ল এই ৰোগক কিদৰে হোৱাৰ আগতেই বাধা প্ৰদান কৰিব পাৰি বা প্ৰতিৰোধ কৰিব পাৰি। উপযুক্ত, সুষম খাদ্যাভাষ, পৰ্যাপ্ত শাৰিৰীক শ্ৰম বা কচৰৎ আৰু সময় সাপেক্ষে হৃদৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা— এইবোৰ দিশলৈ ভালদৰে মন দি চলিলে আপুনিও হৃদৰোগক সময়ত প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ব পাৰে। কিছু সচেতনতা আৰু কিছু সাৱধানতা আপোনাৰ প্ৰাণৰক্ষক হ’ব পাৰে।

লেখক- (এম ডি,ডি এম-কাৰ্ডিঅ’লজী)গুৱাহাটী মেট্ৰ’ হস্পিটেল, ফ’ন নম্বৰ- ৮৭৮৭৬৫০৪০

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCardiac ArrestHeart Attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

March 27, 2026
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?
জীৱনশৈলী

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

March 27, 2026
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!
জীৱনশৈলী

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

March 27, 2026
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?
জীৱনশৈলী

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

March 27, 2026
Next Post
এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.