বৰ্তমান যুগত মহিলাসকলক আগুনাই নিয়াৰ কথা ভাৱিয়েই বহু প্ৰকল্প আনিছে কেন্দ্ৰীয় চৰকাৰে৷ এনে এক প্ৰকল্প মহিলাৰ বাবে আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে য’ত বিনিয়োগ কৰিলে মহিলাসকলক ৭.৫০ শতাংশ হাৰত সুদ দিয়া হ’ব৷ বহু মহিলাই এই প্ৰকল্পত বিনিয়োগ কৰি লাভৰো মুখ দেখিছে৷ কি এই প্ৰকল্প?
২০২৩ চনৰ বাজেটত মহিলা সন্মান ছেভিংছ চাৰ্টিফিকেট আনিছে কেন্দ্ৰীয় চৰকাৰে৷ ইয়াৰ ম্যাদ আৰু সময়সীমাও বেছি নহয়৷ মাত্ৰ ২বছৰৰ বাবে ইয়াত বিনিয়োগ কৰিলেই পাব ভাল পৰিমানৰ অৰ্থ৷ যদি কোনো মহিলাই ইয়াত বিনিয়োগ কৰে তেন্তে ১ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি ২লাখ পৰ্যন্ত বিনিয়োগ কৰিব পাৰে৷ ১৮ বছৰীয়া যিকোনো তৰুণী পৰা তেওঁৰ পৰিয়ালৰ অভিভাৱকেও এই একাউণ্ট খুলিব পাৰে৷
কিন্তু তাৰপূৰ্বে পষ্ট অফিচ বা বেংকত এটা একাউণ্ট খুলিব লাগিব৷ তাত আপোনাক এখন কেৱাইচি ফৰ্ম ফিলাপ কৰিবলৈ দিয়া হ’ব৷ তাতেই নিজৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু পাছপৰ্ট ছাইজৰ ফটো জমা দিব লাগিব৷ ইয়াতেই বিনিয়োগৰ ১বছৰৰ পাছত আপুনি নিজৰ জমা টকাৰ ৪০শতাংশ উঠাই ল’ব পাৰিব৷ যি নমিনি থাকে তেওঁ এই ধন উঠাই ল’ব পাৰিব৷
যদি নিৰ্ধাৰিত সময়ৰ পূৰ্বে এই একাউণ্ট বন্ধ কৰিব খোজে তেন্তে অসুবিধা নাই৷ ইয়াত সুদৰ হাৰ ৭.৫০শতাংশৰ পৰা কমি ৫.৫০ শতাংশহে পাব৷ এইক্ষেত্ৰত মনত ৰাখিব যিকোনো বিনিয়োগ কৰিলে আপুনি তাৰ সমস্ত তথ্য ভালকৈ চাইহে বিনিয়োগ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ