কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে এক নতুন নিৰ্দেশনা জাৰি কৰিছে৷
বুধবাৰে মন্ত্ৰণালয়ে জাৰী কৰা অনুসৰি এতিয়াৰে পৰা বাইকত যাত্ৰা কৰা শিশুৱেও হেলমেট পৰিধান কৰাতো বাধ্যতামূলক কৰা হৈছে৷
চাৰি বছৰ বয়সৰ উৰ্ধৰ শিশুৰ বাবে এই নিয়ম বাধ্যতামূলক কৰা হৈছে৷
ইমানেই নহয় শিশুক লৈ যোৱা বাইকে ৪০ কিলোমিটাৰতকৈ অধিক বেগত যাত্ৰা কৰিব নোৱাৰিব৷
পৰিবহণ বিভাগে শিশুৰ বাবে নিৰ্ধাৰণ কৰি দিয়া সকলোবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাটোকো নিশ্চিত কৰা হৈছে৷
কোনো দুচকীয়া বাহনৰ চালকে এই নিয়নসমূহ ভংগ কৰিলে ১০০০ টকাৰ জৰিমনা বিহাৰ লগতে তিনি মাহৰ বাবে চালকৰ অনুজ্ঞা পত্ৰ নিলম্বন কৰা হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ