অসম লাইভ২৪ঃ পাহাৰৰ কোলাত সৰু সৰু ঘৰ। খুব হেঁপাহেৰে গঢ়া এই ঘৰসমূহ নিমিষতে নষ্ট হৈ গৈছে। ভাগি পৰিছে বহু ঘৰ। চলিত বৰ্ষত হিমাচল প্ৰদেশত ভয়ংকৰ বান পৰিস্থিতি। পলকতে নিশ্চিহ্ন হৈ পৰিছে বাসগৃহসমূহ। গৃহহীন হৈ পৰিছে বহুলোক। বানে বিধ্বস্ত কৰা হিমাচলৰ ছবি দেশৰ আগশাৰীৰ প্ৰায়সমূহ বাতৰি কাকত টেলিভিচনৰেই মুখ্য সংবাদ। কিন্তু এই পৰিস্থিতিত হিমাচলবাসীৰ ওচৰত থিয় দিবলৈ কোনো এজন ব্যক্তিয়েই আগুৱাই অহা দেখা নগ’ল। শেহতীয়াকৈ বলীউডৰ মিষ্টাৰ পাৰ্ফেক্সনিষ্ট ঠিয় দিছে হিমাচলবাসীৰ কাষত।
হিমাচলত বৰ্ষাত ক্ষতিগ্ৰস্থ মানুহৰ কাষত থিয় দিছে আমিৰ খান। আমিৰে হিমাচলৰ ক্ষতিগ্ৰস্থ পৰিয়ালৰ বাবে দান কৰিছে ২৫ লাখ টকা। আমিৰৰ এই দানৰ কথা নিজেই এক্স হেণ্ডেলযোগে জনাইছে হিমাচলৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে। হিমাচলৰ মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি ক্ষতিগ্ৰস্থ পৰিয়ালৰ কাষত তেওঁ থিয় দিয়াৰ বাবে তেওঁক অশেষ ধন্যবাদ বুলিও জনাইছে সুখবিন্দৰ সিং সুখুৱে। এই ধনেৰে ক্ষতিগ্ৰস্থ পৰিয়ালক যথাৰ্থ সাহায্য আগবঢ়াব পৰা যাব বুলিও জনাইছে সুখবিন্দৰ সিং সুখুৱে। কেৱল আমিৰেই নহয় বলীউডৰ বহু অভিনেতাই বহু সময়ত দেশবাসী সংকটত পৰিলে থিয় দিছে।
কৰ’না পৰিস্থিতিৰ সময়ত অভিনেতা ছনু চুডেও কৰ’না ৰোগীৰ পৰিয়ালৰ কাষত থিয় দিছিল। হিমাচলৰ বান পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰীয়ে নিজৰ ফাণ্ডৰ পৰাও ৫১ লাখ টকা দান কৰিছে। হাৰিয়ানা, বিহাৰ, ওড়িশা, তামিলনাডুসহ বিভিন্ন ৰাজ্যইয়ো আৰ্থিক সাহায্য আগবঢ়াইছে হিমাচল প্ৰদেশক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ