ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে, সিমানেই শাসক-বিৰোধীৰ মাজত বৃদ্ধি পাইছে কথাৰ কটাকটি। নানান প্ৰতিশ্ৰুতিৰ লগতে ইজনে-সিজনক কৰিছে চৰম কটাক্ষ। এনে পৰিস্থিতিৰ মাজতেই শেহতীয়াকৈ কংগ্ৰেছী বিধায়িকা শিৱামণি বৰাই তীক্ষ্ন সমালোচনা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। নিজ দলৰ সাংসদ গৌৰৱ গগৈক হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প বুলি উল্লেখ কৰি বিধায়িকাগৰাকীয়ে কয়- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হৈছে গৌৰৱ গগৈ। যিহেতু গৌৰৱ গগৈ হৈছে আহোম। গতিকে তেওঁৰ এডভান্সটেজ বেছিকৈ আছে।
মুখ্যমন্ত্ৰীক কটাক্ষ কৰিবলৈ গৈ আৰু এধোপ আগুৱাই শিৱামণি বৰাই কয়- হিমন্ত বিশ্ব শৰ্মাতকৈ বহুগুণে বেছি জনপ্ৰিয় সাংসদ গৌৰৱ গগৈ। দেশৰ লগতে ৰাইজৰ মাজত গৌৰৱ গগৈৰ আছে অপাৰ জনপ্ৰিয়তা। মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা সংবাদমাধ্যমৰহে সৃষ্টি। আগন্তুক লোকসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিলে সুখী হম বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বটদ্ৰৱাৰ বিধায়িকাগৰাকীয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে নগাঁও লোকসভা সমষ্টিত নিৰ্বাচন খেলাটো একপ্ৰকাৰৰ নিশ্চিত হৈছে। ইতিমধ্যে আওপকীয়াকৈ নগাওঁ সমষ্টিত প্ৰচাৰৰ কামো আৰম্ভ কৰিছে গৌৰৱ গগৈয়ে। কিন্তু বৰ্তমান নগাঁৱত সাংসদ হৈ থকা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰদ্যুত বৰদলৈক কংগ্ৰেছে কেনেদৰে, কত সংস্থাপিত কৰে সেয়াহে লক্ষ্যণীয় হব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ