অসম লাইভ ২৪ঃ দিছপুৰৰ মন্ত্ৰী আৱাসেই ঠিকনা হৈ থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সুকীয়া মুখ্যমন্ত্ৰী আৱাস বিচৰা নাই নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কইনাধৰাৰ মুখ্যমন্ত্ৰী আৱাস বা সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ খাৰঘুলিস্থিত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ দৰে সুকীয়া আৱাসত নাথাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দিছপুৰস্থিত মন্ত্ৰীগৰাকীৰ বৰ্তমানৰ আৱাসগৃহ আৰু প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰীৰ আৱাসগৃহ সংলগ্ন কৰি নিৰ্মাণ কৰা হ’ব হিমন্ত বিশ্ব শৰ্মাৰ বাবে মুখ্যমন্ত্ৰী আৱাস। সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ