স্তনৰ কৰ্কটত আক্ৰান্ত অভিনেত্ৰী হিনা খান৷ সম্প্ৰতি সামাজিকমাধ্যমত নিজেই অসুস্থতাৰ কথা স্বীকাৰ কৰিছে ৩৬ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে৷ ৩০ পাৰ হোৱা বেছিসংখ্যক ভাৰতীয় মহিলাৰেই স্তন কৰ্কট হোৱা দেখিবলৈ পোৱা যায়৷ চিকিৎসকৰ মতে, স্তন কৰ্কটৰ ক্ষেত্ৰত ৰোগ নিৰ্ণয়ৰ চাবিকাঠি আক্ৰান্তগৰাকীৰ হাততেই থাকে৷ স্তনৰ কৰ্কটৰ ক্ষেত্ৰত ছেলফ ডিটেকশ্ব্যনৰ কোনো বিকল্প নাই৷ ভাৰতত দৈনিক বৃদ্ধি পাইছে স্তন কৰ্কটত আক্ৰান্তৰ সংখ্যা সেয়ে সজাগ হোৱাটো খুবেই প্ৰয়োজন৷
বয়স যিমানেই বাঢ়ে সিমানেই স্তন কৰ্কটৰ সংখ্যা বাঢ়ে৷ বয়সীয়ালসকলৰ এই ৰোগ হয় তেনে নহয়৷ ২০ বছৰীয়া তৰুণীও এই ৰোগত আক্ৰান্ত হ’ব পাৰে৷ সাধাৰণতে পৰিয়ালৰ কাৰোবাৰ স্তন কৰ্কট থাকিলে বা পৰিয়ালৰ ইতিহাসত কৰ্কট থাকিলে এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷ ইয়াৰোপৰি অবেচিটিও কিন্তু স্তনৰ কৰ্কটৰ অন্যতম প্ৰধান কাৰণ হৈ উঠিছে৷ বাহিৰৰ খাদ্য, ভজা, পুৰা খাদ্য আদিৰ পৰাও কৰ্কটৰ আশংকা বাঢ়ে৷
কি কি লক্ষণে দেখা দিলে সাৱধান হ’ব?
স্তনত কোনো ধৰণৰ যন্ত্ৰণাহীন মাংসপিণ্ড দেখিলে সেই সম্পৰ্কে চিকিৎসকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰক৷ প্ৰতি মাহে এবাৰ ব্ৰেষ্ট ছেলফ এক্সামিনেছনো কৰিব পাৰে৷ অৰ্থাৎ নিজৰ স্তন নিজেই পৰীক্ষা কৰি চাওক৷ কৰোবাত কিমা টেমুনা বান্ধিছে নেকি? স্তনৰ ৰঙৰ পৰিবৰ্তন হৈছে নেকি? স্তনবৃন্তৰ পৰা অকাৰণে কোনো তৰল নিঃসৃত হৈছে নেকি? দুটি স্তনৰ আকাৰ পৃথক পৃথক হৈ পৰিছে নেকি এই সম্পৰ্কে নিজেই পৰীক্ষা কৰক৷ অস্বাভাৱিক কোনো পৰিবৰ্তন দেখিলেই চিকিৎসৰ পৰামৰ্শ লওক৷
অভিনেত্ৰী হিনা খানৰ স্তন কৰ্কট ধৰা পৰিছে তৃতীয় পৰ্যায়ত৷ স্তনৰ কৰ্কটৰ ক্ষেত্ৰত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ক প্ৰাথমিক ধাপ বুলিয়েই ধৰা হয়৷ এই পৰ্যায়ত ৰোগ ধৰা পৰিলে ৰোগীৰ সুস্থতাৰ হাৰ বহু বেছি৷ তৃতীয় আৰু চতুৰ্থ পৰ্যায়ত এই ৰোগৰ ভয়াৱহতা বহু পৰিমানে বাঢ়ি যায়৷ তৃতীয় পৰ্যায় পালেই ৰোগীৰ স্তনৰ বহু অংশলৈ কৰ্কটৰ কোশ বিয়পি পৰা বুজাই৷ চতুৰ্থ পৰ্যায় পালে ৰোগীৰ স্তনৰ পৰা কৰ্কট শৰীৰৰ বিভিন্ন অংগলৈ বিয়পি পৰে৷ তৃতীয় পৰ্যায়ত এই ৰোগ ধৰা পৰিলে সাধাৰণতে কেমোথেৰাপিৰ সহায়চ চিকিৎসা আৰম্ভ হয় আৰু তাৰ পাছতেই অস্ত্ৰোপচাৰ হয়৷ পূৰ্বৰ দৰে এতিয়া স্তন কাটি পেলাই দিয়া নহয়৷ উন্নত চিকিৎসা পদ্ধতিৰ সহায়ত নতুন কৈ আকৌ স্তন তৈয়াৰো পৰিব পাৰে৷ তৃতীয় পৰ্যায়ত ধৰা পৰিলে এই ক্ষেত্ৰত সুস্থতাৰ হাৰ যথেষ্ট বেছি৷
প্ৰতিকাৰৰ উপায়
১) পৰিয়ালৰ কোনোবা কৰ্কটত আক্ৰান্ত থাকিলে সতৰ্ক হৈ থাকক৷
২) ওজন সকলো সময়তে নিয়ন্ত্ৰণত ৰাখক৷
৩) স্তনৰ অস্বাভাৱিক কোনো পৰিবৰ্তন দেখিলেই সতৰ্ক হওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ