ভাৰতত মহিলাসকলৰ বাবে হোম লোন আৰ্থিকভাৱে লাভজনক হ’ব পাৰে৷ চৰকাৰ আৰু সমস্ত আৰ্থিক প্ৰতিষ্ঠানসমূহে মহিলা ঋণগ্ৰহীতাক নানান ধৰণে উৎসাহ দিয়ে৷ ইয়াৰ মাজতেই আছে কম সুদৰ হাৰ, ষ্টাম্প ডিউটিত ৰেহাই, আয়কৰ ৰেহাই আৰু ঋণ পোৱাৰ যোগ্যতাত প্ৰাধান্য৷ এই সমস্ত সুবিধা গ্ৰহণ কৰি মহিলাসকলে ঋণ গ্ৰহণ কৰিব পাৰে৷
কিমান কম সুদৰ হাৰ?
মহিলাসকলৰ ক্ষেত্ৰত এককভাৱে হোম লোন ল’লে সুদৰ হাৰ যথেষ্ট কম হয়৷ মহিলা ঋণগ্ৰহীতাৰ ক্ষেত্ৰত অধিকাংশৰ ক্ষেত্ৰতেই ০০.৫ৰ পৰা ০.১০ শতাংশ পৰ্যন্ত ৰেহাই দিয়া হয়৷ এই সুদৰ হাৰত ৰেহাই কম হ’লেও দীৰ্ঘম্যাদি ঋণত আপুনি বহু টকাই ৰেহাই পায়৷ কোনোৱে যদি ৩০বছৰৰ বাবে ৫০ লাখ টকাৰ ঋণ লয় তেতিয়া ৮.৭০ শতাংশ সুদৰ হাৰত, মাহিলী EMI হ’ব ৩৯, ১৫৭ টকা আৰু ৩০ বছৰত মহিলাগৰাকীয়ে মুঠ ১.৪০ কোটি টকা দিব লাগিব বেংকক৷ আৰু যদি মহিলাৰ ক্ষেত্ৰত ১০ বেচিচ পয়েণ্ট ৰেহাই থাকে তেন্তে ৮.৬০ শতাংশ সুদৰ হাৰত মাহিলী ই এম আই হ’ব ৩৮,৮০১ টকা৷ ৩০ বছৰত সেই মহিলাই দিব লাগিব মুঠ ১.৩৯ কোটি টকা৷ অৰ্থাৎ ১.২৮ লাখ টকা সহজেই বচাব পাৰিব আপুনি৷
আয়কৰ ৰেহাই
আয়কৰ আইনৰ ৮০ চি ধাৰাৰ অধীনত এগৰাকী মহিলাই ঋণ ল’লে মূল ঋণৰ অংকৰ ওপৰত ১.৫ লাখ টকাৰ আয়কৰ ৰেহাই পাব পাৰে৷ ইয়াৰোপৰি আয়কৰ আইনৰ ২৮(বি) ধাৰা অনুসৰি নিজে ক্ৰয় কৰা ঘৰৰ বাবে ঋণ লোৱা থাকিলে সেই ঋণৰ সুদৰ ওপৰত ২লাখ টকা বাৰ্ষিক হিচাপে আয়কৰ ৰেহাই পাব পাৰে৷
বিশেষ সুবিধা
মহিলাৰ নামত সম্পত্তি, ঘৰ বা ফ্লেট কিনিলে বেছিভাগ ৰাজ্যতেই ষ্টাম্প ডিউটিত ১-২ শতাংশ ৰেহাই দিয়া হয়৷ আৰু তাৰ ফলত ১.২ কোটি মূল্যৰ কোনো সম্পত্তি কিনাৰ বাবে ২.৫লাখ টকা পৰ্যন্ত খৰচ বচাব পাৰে মহিলাই৷ বেছিভাগ ক্ষেত্ৰতেই মহিলাসকলৰ ঋণ পাবলৈ বিশেষ সমস্যা নহয়৷ স্থায়ী আয় আৰু ভাল ক্ৰেডিট স্কোৰ থাকিলে সহজেই পুৰুষৰ তুলনাত মহিলাই ঋণ পোৱাৰ বাবে যোগ্য বিবেচিত হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















