নিজ দলৰ নেতাৰ বিৰুদ্ধেই সৰব হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷
শনিবাৰে গুজৰাট যাত্ৰালৈ গৈ নাম নোলোৱাকৈ নিজ দলৰ একাংশ নেতাৰ বিৰুদ্ধে এই অভিযোগ ৰাহুলৰ৷
তেওঁৰ দলৰ একাংশই দল বিৰোধী কাম কৰি আছে বুলি উল্লেখ ৰাহুলৰ৷
প্ৰয়োজন হ’লে ৩০-৪০ জন নেতাক দলৰ পৰা বহিষ্কাৰ কৰাৰো ধমকি ৰাহুল গান্ধীৰ৷
গুজৰাট যাত্ৰাৰ দ্বিতীয় দিনা এই মন্তব্য কৰিছে ৰাহুলে৷
তেওঁৰ মতে গুজৰাটৰ কংগ্ৰেছ নেতাৰ একাংশই গোপনে বিজেপিৰ হৈ কাম কৰিছে৷
সেই কাৰণেই নেতৃত্বৰ স্তৰত ছাকনিৰ প্ৰয়োজন বুলিও কৈছে ৰাহুলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ