অসম লাইভ২৪ঃ সনাতন ধৰ্মত ধনতেৰছ বা ধনত্ৰয়োদশীৰ বিশেষ মাহাত্ম্য আছে। প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত ধনতেৰছ পালন কৰা হয়। এই তিথিথ ধন্বন্তৰীৰ ওপৰিও লক্ষ্মীৰ পূজা কৰা হয়। ইয়াৰোপৰি এই তিথিত সোন ৰূপো ক্ৰয় কৰাটো শুভ। জ্যোতিষ গণনা অনুসৰি গ্ৰহ নক্ষত্ৰৰ স্থান সলনিৰ বাবে এইবাৰৰ ধনতেৰছ অত্যন্ত বিশেষ। যাৰফলত কিছু ৰাশিৰ জাতকৰ ওপৰত লক্ষ্মীৰ আশীৰ্বাদ থাকিব। জ্যোতিষ গণনা অনুসৰি ধনতেৰছত চন্দ্ৰই কন্যা ৰাশিত প্ৰৱেশ কৰিছে। ইয়াৰপূৰ্বে ধন আৰু ঐশ্বৰ্যৰ কাৰক গ্ৰহে শুক্ৰত বিৰাজ কৰিছে। এই পৰিস্থিতিত চন্দ্ৰ আৰু শুক্ৰৰ যুঁটিৰ ফলত কলাত্মক যোগ তৈয়াৰ হৈছে।
এই যোগক অত্যন্ত শুভ বুলি কোৱা হয়। এই দিনটোত হস্ত নক্ষত্ৰৰ প্ৰভাৱত আৰ্থিক পৰিস্থিতি মজবুত হয়। অৰ্থ সঞ্চয় কৰিব পাৰিব। ধনতেৰছত কিছু ৰাশিৰ জাতকৰ ওপৰত লক্ষ্মীৰ বিশেষ আশীৰ্বাদ থাকিব। কলাত্মক যোগ আৰু ধনতেৰছত কোন কোন ৰাশিৰ জাতক লাভাম্বিত হ’ব?
কৰ্কট ৰাশি
ধনতেৰছত সৃষ্ট কলাত্মক যোগৰ প্ৰভাৱত কৰ্কট ৰাশিৰ জাতকৰ জীৱনত আনন্দৰ আগমন ঘটিব। দীৰ্ঘদিন ধৰি হওঁ হওঁকৈ ৰৈ যোৱা কাম সম্পন্ন হ’ব। আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব। ইয়াৰ ফলত ঋণ মুক্ত হ’ব কন্যা ৰাশিৰ জাতকসকল। আকস্মিক ধন লাভৰ যোগ আছে। প্ৰতি ক্ষেত্ৰতেই সাফল্য লাভ কৰিব পাৰে। হস্ত নক্ষত্ৰ আৰু কলাত্মক যোগ সৃষ্টিৰ ফলত এই ৰাশিৰ ব্যৱসায়ীসকলৰ বিশেষ লাভ হ’ব। ইয়াৰোপৰি প্ৰচুৰ মুনাফা অৰ্জন কৰিব এই ৰাশিৰ জাতকে। আকস্মিক ধন লাভৰো যোগ আছে। প্ৰতিটো কামতেই সফলতা লাভ কৰিব পাৰিব। হস্ত নক্ষত্ৰৰ কলাত্মক যোগ সৃষ্টি হোৱাৰ ফলত এই ৰাশিৰ ব্যৱসায়ীসকল বিশেষভাৱে লাভাম্বিত হ’ব। ইয়াৰোপৰি প্ৰচুৰ মুনাফা অৰ্জন কৰিব এই ৰাশিৰ জাতকে। দাম্পত্য জীৱনত আনন্দ আহিব।
কন্যা ৰাশি
ধনতেৰছত কন্যা ৰাশিৰ জাতকৰ জীৱনত আনন্দৰ সঞ্চাৰ কৰিব। ধন-সম্পদ বৃদ্ধি হ’ব এই ৰাশিৰ জাতকৰ। ইয়াৰোপৰি আপোনাৰ মান সন্মান বৃদ্ধি পাব। দীৰ্ঘদিন ধৰি ৰৈ যোৱা কাম সম্পন্ন হ’ব। লক্ষ্মীৰ আশীৰ্বাদত সমস্ত ক্ষেত্ৰত সফলতা আহিব। ব্যৱসায়ত মুনাফা অৰ্জন কৰাৰো যোগ আছে। আকস্মিক ধন লাভৰো সম্ভাৱনা। সম্পত্তি বা বাহন ক্ৰয়ৰ সপোন থাকিলে পূৰণ হ’ব। বিদেশ ভ্ৰমণৰো সুযোগ লাভ কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে ভাল সময় কটাব। চাকৰিয়াল সকলৰ বাবেও এই সময় শুভ। পদোন্নতি আৰু বেতনবৃদ্ধিৰো যোগ আছে।
মকৰ ৰাশি
ধনতেৰছৰ শুভ যোগ মকৰ ৰাশিৰ জাতকৰ বাবে অত্যন্ত বিশেষ। এই তিথিত লক্ষ্মী আৰু ধন্বন্তৰীৰ আশীৰ্বাদত মকৰ ৰাশিৰ জাতকৰ ধন ঐশ্বৰ্য বৃদ্ধি পাব। ইয়াৰোপৰি পৰিয়ালৰ সদস্যৰ সৈতে ভাল সময় কটাব। দীৰ্ঘদিন ধৰি ৰৈ যোৱা কাম পুনৰ আৰম্ভ কৰিব পাৰিব। চাকৰিয়ালসকলে বোনাছ পাব পাৰে। লক্ষ্মীৰ কৃপাত ব্যৱসায়ত প্ৰচুৰ মুনাফা অৰ্জন কৰিব পাৰিব এই ৰাশিৰ জাতকে। আয়ৰ নতুন উৎস বিচাৰি পাব। ইয়াৰোপৰি ব্যৱসায়ত চুক্তি সম্পন্ন হ’ব পাৰে। অৰ্থ সঞ্চয় কৰাত সফল হ’ব এই ৰাশিৰ জাতক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ