তেওঁ দেশৰ প্ৰধানমন্ত্ৰী৷ তেওঁৰ পোছাকৰ পৰা আৰম্ভ কৰি ষ্টাইল, চলাফিৰা সকলোবোৰক লৈ মাজে মাজে চৰ্চা হয়৷ কোনোৱে কয় তেওঁৰ এটা এটা কোটৰ দামেই লাখৰ ওপৰত৷ কোনোৱে কয় মোদীয় ব্যক্তিগত ডিজাইনাৰ আছে৷ কিন্তু এই তথ্য সঁচানে? ক’ৰ পৰা আহে প্ৰধানমন্ত্ৰী মোদীৰ পোছাক? কেনেকৈ নিজক সজাবলৈ পছন্দ কৰে মোদীয়ে?
এইবাৰ আপ কি আদালতলৈ আহি দৰ্শকে কৰা প্ৰশ্নৰ উত্তৰ দিছে মোদীয়ে৷ দৰ্শকৰ আসনৰ পৰা এগৰাকী মহিলাই প্ৰশ্ন কৰে, ‘ছাৰ আপোনাৰ পোছাক বেছ সুন্দৰ৷ আপোনাৰ কোনোবা ডিজাইনাৰ আছে নেকি?’ প্ৰশ্ন শুনিয়েই হাঁহি দিয়ে মোদীয়ে৷ কিন্তু এই প্ৰশ্নৰ উত্তৰ নিদিলে প্ৰধানমন্ত্ৰী মোদীয়ে৷
প্ৰধানমন্ত্ৰীয়ে কয়, ‘চাওক বিষয়টো হৈছে, মই এতিয়া যি স্থানত আছো, সেই স্থানলৈ চাই মোক লৈ নানান আলোচনা চলাটো স্বাভাৱিক৷ আপোনাক মই বাস্তৱ কথা কৈছো৷ মই মোৰ কথা কওঁ শুনক৷ মই ঘৰ এৰিছিলো৷ এটা সৰু বেগ হাতত লৈ উলাই আহিছিলো৷ ৪০ বছৰ অনাই-বনাই ফুৰিছো৷ এই ৪০ বছৰত কেতিয়াবা ভিক্ষা কৰিও খাইছো৷ মানুহৰৰ ঘৰে ঘৰে গৈ খুজিছো৷ যি দিছে তাকেই খাইছো৷ সামগ্ৰী হাতত একো নাছিল৷ নিজৰ যি কেইযোৰ পোছাক আছিল সেই কেইযোৰকে ধুই আকৌ পিন্ধো৷ কেতিয়াবা ছোলাৰ হাতত ছিঙি যায় মই কাটি হাফ কৰি পিন্ধো। তেতিয়াৰ পৰাই মোৰ হাফ ছাৰ্ট পিন্ধা অভ্যাস গঢ়ি উঠিল।’
তেওঁ লগতে কয়, ‘বিগত ২৫-৩০ বছৰ ধৰি মই এনেকৈয়ো পোছাক পিন্ধি আছো। দ্বিতীয় কথা এয়াই যে মই পৰিষ্কাৰ পৰিচ্ছন্নকৈ থাকি ভালপাও। ৰঙৰ কিছু বিষয় অৱশ্যে মূৰত ৰাখো। কিন্তু সেই হিচাপেই পোছাক পৰিধান কৰো। ঈশ্বৰে মোক যি দিছে মই সুখী। মোৰ কোনো ফেশ্বন ডিজাইনাৰ নাই। মোৰ কোনো বিশেষ উপদেষ্টাও নাই। কিন্তু এজন কাপোৰ চিলোৱা দৰ্জী আছে যিয়ে মোৰ কাপোৰ চিলাই দিয়ে। মোৰ ড্ৰেছিং চেঞ্চ আপোনালোকে যদি ভালপাইছে আমি ধন্য।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ