ভাৰতত ষ্টাৰলিংকৰ উপগ্ৰহ ভিত্তিক ইণ্টাৰনেট পৰিসেৱা আৰম্ভ কৰাৰ বাবে ইলন মাস্কৰ স্পেছ এক্সে এয়াৰটেল আৰু ৰিলায়েন্স জিঅ’ৰ সৈতে বিশেষ চুক্তি কৰিছে৷ পৃথিৱীৰ নিম্নকক্ষত অৱস্থান কৰা উপগ্ৰহৰ মাধ্যমেৰে বিশ্বৰ সকলো প্ৰান্তীয় এলেকাতো উচ্চগতিৰ ইণ্টাৰনেট সৰবৰাহ কৰাৰ বাবে ষ্টাৰলিংকে সহায় কৰিব৷ এই সেৱা অৱশ্যে ভাৰতত পূৰ্বৰে পৰা চলি থকা টেলিকম আৰু ব্ৰডবেণ্ড নেটৱৰ্কতকৈ কিছু পৃথক৷ এই ষ্টাৰলিংক আহিলে ভাৰতীয় গ্ৰাহকে কি কি সুবিধা পাব?
ষ্টাৰলিংক প্ৰকৃততে কি?
ষ্টাৰলিংক হৈছে এটা উপগ্ৰহৰ মাধ্যমেৰে দ্ৰুত গতিত ইণ্টাৰনেট পৰিসেৱা প্ৰদানকাৰী নেটৱৰ্ক৷ স্পেছএক্সৰ মালিকানাধীন ষ্টাৰলিংক ছাৰ্ভিছৰ দ্বাৰা পৰিচালিত হয়৷ ষ্টাৰলিংক বিশ্বৰ প্ৰথম আৰু বৃহত্তম উপগ্ৰহসমূহৰ মাজত এটা যি পৃথিৱীৰ নিম্ন কক্ষপথ ব্যৱহাৰ কৰি ব্ৰডবেণ্ড ইণ্টাৰনেট সৰবৰাহ কৰে৷ ইয়াৰ সহায়ত ষ্ট্ৰিমিং, অনলাইন গেমিং, ভিডিঅ কল আৰু বহু কিছু কাম কৰা যায়৷
প্রথাগত টেলিকম নেটৱৰ্কৰ সৈতে ইয়াৰ পাৰ্থক্য কি?
ভাৰতত প্ৰচলিত টেলিকম নেটৱৰ্ক আৰু ব্ৰডবেণ্ড পৰিসেৱাসমূহ তিনিটা বিষয়ৰ ওপৰ নিৰ্ভৰশীল৷ অপটিকেল ফাইবাৰ কেবিল, ডিজিটেল ছাবস্ত্ৰাইবাৰ লাইন আৰু ছেলুলাৰ নেটৱৰ্ক৷ এই পৰিসেৱা চহৰ আৰু চহৰৰ কাষৰীয়া এলেকাৰ মাজতেই সীমাবদ্ধ৷ অন্যহাতে ষ্টাৰলিংক যিহেতু উপগ্ৰহৰ মাধ্যম পৰিসেৱা সেয়ে দেশৰ প্ৰান্তিয় কোণতো এই পৰিসেৱা সহজেই পঠিয়াই দিয়া সম্ভৱ৷ কোনো ছেলুলাৰ টাৱাৰ বা অপটিক ফাইবাৰৰ প্ৰয়োজন নহয়৷
ভাৰতত ষ্টাৰলিংক পৰিসেৱা পাবলৈ কিমান খৰচ কৰিব লাগিব?
বৰ্তমান বিশ্বত ১০০ খনতকৈ বেছি দেশত পৰিসেৱা আৰম্ভ কৰিছে ষ্টাৰলিংকে৷ ভাৰতৰ প্ৰতিবেশী দেশ ভূটানতো ষ্টাৰলিংকৰ পৰিসেৱা আছে৷ ভাৰতৰ বাবে ষ্টাৰলিংকে এতিয়াও কোনো প্লেন অৱশ্যে ঘোষণা কৰা নাই৷ ভূটানৰ প্লেনৰ দামৰ সৈতে তুলনা কৰি চাওক কিমান হ’ব পাৰে দাম?
ৰেছিডেন্সিয়েল লাইট প্লেন
প্ৰতি মাহে ভাৰতীয় মুদ্ৰাত প্ৰায় ৩০০১ টকা৷ এই প্লেনত আপুনি ২৩ এম বি পি এছৰ পৰা ১০০ এম বি পি এছ পৰ্যন্ত স্পিডৰ ইণ্টাৰনেট পৰিসেৱা পাব পাৰে৷
ষ্টেণ্ডাৰ্ড ৰেচিডেন্সিয়েল প্লেন
প্ৰতি মাহে ভাৰতীয় মুদ্ৰাত প্ৰায় ৪২০১ টকা৷ এই প্লেন ২৪ এম বি পি এছৰ পৰা ১১০ এম বি পি এছ পৰ্যন্ত স্পিডৰ ইণ্টাৰনেট পৰিসেৱা পোৱা যায়৷ এই প্লেনত অনলাইন গেমিং, ভিডিঅ’ ষ্ট্ৰিমিং, ভিডিঅ’ কল কৰাত কোনো বাধা নাই৷
যদি ষ্টাৰলিংক ভাৰতত আৰম্ভ হয় তেতিয়া সম্ভৱত দাম আৰু ইণ্টাৰনেটৰ গতি এয়াৰটেল সমৰ্থিত ৱানৱেৰ আৰু জিঅ এছ ই এছৰ দৰে অন্যান্য ছেটেলাইট ব্ৰণ্ডবেণ্ড প্ৰদানকাৰী সংস্থাৰ সৈতে প্ৰতিযোগিতামূলক হব৷ ভাৰতত বিদেশী ডিজিটেল পৰিসেৱাৰ ওপৰত ৩০শতাংশ বেছি কৰ আৰোপৰ কাৰণে ষ্টাৰলিংকৰ প্লেনসমূহ ভুটানৰ তুলনাত ভাৰতত কিছু ব্যয়বহুল হব পাৰে৷ প্ৰতিমাহে ৩৫০০-৪৫০০ টকাৰ পৰা আৰম্ভ হব পাৰে ষ্টাৰলিংকৰ প্লেন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ